--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পোহৰৰ উৎসৱ দীপাৱলী লৈ মাত্ৰ কেইদিনমান থাকোঁতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে ৰে’ল কৰ্মচাৰীৰ বাবে ঘোষণা কৰিলে বিশেষ উপহাৰ। 
ঘোষণা অনুসৰি ৰে’লৱেৰ ১১.২৭ লাখ কৰ্মচাৰীক উৎপাদনশীলতা সম্পৰ্কিত ১,৮৩২ কোটি টকাৰ বোনাচ  প্ৰদান কৰা  হ'ব। এই বোনাচ ৭৮ দিনৰ বোনাচ হ'ব আৰু ইয়াৰ সৰ্বাধিক সীমা হ'ব ১৭,৯৫১ টকা। কেন্দ্ৰীয় কেবিনেটে বহু-ৰাজ্যিক সমবায় সমিতি বিধেয়ক, ২০২২ত অনুমোদন জনাইছে, যিয়ে বহু-ৰাজ্যিক সমবায় সমিতি আইন, ২০০২ সংশোধন কৰিব বিচাৰিছে, তেওঁ কয়। ইয়াত ৯৭ তম সংবিধান সংশোধনীৰ ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব।

সমান্তৰালভাৱে অনুৰাগ ঠাকুৰে  কয় যে বিশ্বত এল পি জিৰ মূল্য বৃদ্ধি পাইছে। বহুতো দেশত, মূল্য ৩০ শতাংশ বৃদ্ধি হৈছে, যাৰ তুলনাত ই এতিয়াও ভাৰতত কম। ২০২০ চনৰ জুনৰ পৰা ২২ জুনলৈ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তেল কোম্পানীসমূহে বহন কৰা ২২,০০০ কোটি টকাৰ ব্যয়ক এককালীন অনুদান হিচাপে  দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। 

পেট্ৰ'ল আৰু ডিজেলৰ ক্ষেত্ৰত চৰকাৰে কেন্দ্ৰীয় কৰ হ্ৰাস কৰিছিল আৰু বিজেপি শাসিত ৰাজ্যসমূহেও হ্ৰাস কৰিছিল আৰু সময়ে সময়ে ভাৰত চৰকাৰে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে বুলিও অৱগত কৰে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীজনে । 

অনুৰাগ ঠাকুৰে কয় যে গুজৰাটৰ দীন দয়াল উপাধ্যায় বন্দৰত পি পি পি মোডৰ অধীনত কণ্টেইনাৰ টাৰ্মিনেল আৰু বহুমুখী কাৰ্গো নিৰ্মাণ কৰা হ'ব, যাৰ বাবে ৫৮৮৩ কোটি টকা ব্যয় হ'ব। প্ৰধানমন্ত্ৰীৰ আঁচনিসমূহৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬৬০০ কোটি টকা অনুমোদন জনোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু