--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পোহৰৰ উৎসৱ দীপাৱলী লৈ মাত্ৰ কেইদিনমান থাকোঁতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে ৰে’ল কৰ্মচাৰীৰ বাবে ঘোষণা কৰিলে বিশেষ উপহাৰ। 
ঘোষণা অনুসৰি ৰে’লৱেৰ ১১.২৭ লাখ কৰ্মচাৰীক উৎপাদনশীলতা সম্পৰ্কিত ১,৮৩২ কোটি টকাৰ বোনাচ  প্ৰদান কৰা  হ'ব। এই বোনাচ ৭৮ দিনৰ বোনাচ হ'ব আৰু ইয়াৰ সৰ্বাধিক সীমা হ'ব ১৭,৯৫১ টকা। কেন্দ্ৰীয় কেবিনেটে বহু-ৰাজ্যিক সমবায় সমিতি বিধেয়ক, ২০২২ত অনুমোদন জনাইছে, যিয়ে বহু-ৰাজ্যিক সমবায় সমিতি আইন, ২০০২ সংশোধন কৰিব বিচাৰিছে, তেওঁ কয়। ইয়াত ৯৭ তম সংবিধান সংশোধনীৰ ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব।

সমান্তৰালভাৱে অনুৰাগ ঠাকুৰে  কয় যে বিশ্বত এল পি জিৰ মূল্য বৃদ্ধি পাইছে। বহুতো দেশত, মূল্য ৩০ শতাংশ বৃদ্ধি হৈছে, যাৰ তুলনাত ই এতিয়াও ভাৰতত কম। ২০২০ চনৰ জুনৰ পৰা ২২ জুনলৈ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তেল কোম্পানীসমূহে বহন কৰা ২২,০০০ কোটি টকাৰ ব্যয়ক এককালীন অনুদান হিচাপে  দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। 

পেট্ৰ'ল আৰু ডিজেলৰ ক্ষেত্ৰত চৰকাৰে কেন্দ্ৰীয় কৰ হ্ৰাস কৰিছিল আৰু বিজেপি শাসিত ৰাজ্যসমূহেও হ্ৰাস কৰিছিল আৰু সময়ে সময়ে ভাৰত চৰকাৰে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে বুলিও অৱগত কৰে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীজনে । 

অনুৰাগ ঠাকুৰে কয় যে গুজৰাটৰ দীন দয়াল উপাধ্যায় বন্দৰত পি পি পি মোডৰ অধীনত কণ্টেইনাৰ টাৰ্মিনেল আৰু বহুমুখী কাৰ্গো নিৰ্মাণ কৰা হ'ব, যাৰ বাবে ৫৮৮৩ কোটি টকা ব্যয় হ'ব। প্ৰধানমন্ত্ৰীৰ আঁচনিসমূহৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬৬০০ কোটি টকা অনুমোদন জনোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক