--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত ব্যক্তিয়েও পেঞ্চন লাভ কৰি থকাৰ তথ্য মাজে সময়ে দেশৰ বহু ঠাইত হোৱা দেখা যায়। অৱশ্যে শেহতীয়াকৈ বিভিন্ন ৰাজ্যৰ  চৰকাৰ তথা প্ৰশাসন কঠোৰ হোৱা বাবে এনে ঘটনা হ্ৰাস পাইছে। ইয়াৰ মাজতে এক অদ্ভুত খবৰে দেশক জোকাৰি গৈছে। পঞ্জাৱত ৯০ , ২৪৮ গৰাকী মৃত ব্যক্তিয়েও মাহিলী চৰকাৰী পেঞ্চন লাভ কৰি থকাৰ কথাই বহুতৰে চকু থৰ লগাইছে।

পেঞ্চন লাভ কৰি থকা ব্যক্তিসকলে এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে লাইফ চাৰ্টিফিকেট জমা দিব লাগে যদিও পঞ্জাৱত  এইসকল মৃত ব্যক্তিয়ে কিদৰে পেঞ্চন লাভ কৰি আছিল তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে। 

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৰাজ্য খনত ৯০ , ২৪৮ গৰাকী মৃত ব্যক্তিয়েও  পেঞ্চন হিতাধিকাৰী হিচাবে আছে।  পঞ্জাৱ চৰকাৰে চলোৱা এক শেহতীয়া  জৰীপত প্ৰায় ৯০,২৪৮ জন পেঞ্চন হিতাধিকাৰীৰ মৃত্যু হোৱা বুলি প্ৰমাণ পোৱা গৈছে।

ৰাজ্যখনৰ সামাজিক সুৰক্ষা মন্ত্ৰী ড০ বলজিৎ কৌৰৰ নিৰ্দেশত বিভাগটোৱে ৰাজ্যিক কোষাগাৰৰ পৰা বিভিন্ন ধৰণৰ পেঞ্চন লোৱা পেঞ্চনাৰসকলৰ প্ৰমাণীকৰণ কৰা হৈছিল। প্ৰমাণিত সকলৰ ভিতৰত ৯০,২৪৮ জন পেঞ্চনাৰ মৃত অৱস্থাত পোৱা যায়। তেওঁলোকৰ পেঞ্চন অনতি বিলম্বে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । 

জিলা পৰ্যায়ৰ বিষয়াসকলক বিতৰণ নকৰা ধন  জমা কৰিবলৈ নিৰ্দেশ দিয়া ।উল্লেখ্য  ৰাজ্য খনত  বৃদ্ধ, বিধৱা, পৰনিৰ্ভৰশীল শিশু আৰু বিকলাঙ্গসকলক পেঞ্চন প্ৰদান কৰি অহা হৈছে। কৌৰে কয় যে  ৪ আগষ্টত তেওঁ সামাজিক সুৰক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল আৰু সেই বৈঠকতে  পেঞ্চনাৰসকলৰ প্ৰমাণীকৰণ  কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক