--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত ব্যক্তিয়েও পেঞ্চন লাভ কৰি থকাৰ তথ্য মাজে সময়ে দেশৰ বহু ঠাইত হোৱা দেখা যায়। অৱশ্যে শেহতীয়াকৈ বিভিন্ন ৰাজ্যৰ  চৰকাৰ তথা প্ৰশাসন কঠোৰ হোৱা বাবে এনে ঘটনা হ্ৰাস পাইছে। ইয়াৰ মাজতে এক অদ্ভুত খবৰে দেশক জোকাৰি গৈছে। পঞ্জাৱত ৯০ , ২৪৮ গৰাকী মৃত ব্যক্তিয়েও মাহিলী চৰকাৰী পেঞ্চন লাভ কৰি থকাৰ কথাই বহুতৰে চকু থৰ লগাইছে।

পেঞ্চন লাভ কৰি থকা ব্যক্তিসকলে এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে লাইফ চাৰ্টিফিকেট জমা দিব লাগে যদিও পঞ্জাৱত  এইসকল মৃত ব্যক্তিয়ে কিদৰে পেঞ্চন লাভ কৰি আছিল তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে। 

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৰাজ্য খনত ৯০ , ২৪৮ গৰাকী মৃত ব্যক্তিয়েও  পেঞ্চন হিতাধিকাৰী হিচাবে আছে।  পঞ্জাৱ চৰকাৰে চলোৱা এক শেহতীয়া  জৰীপত প্ৰায় ৯০,২৪৮ জন পেঞ্চন হিতাধিকাৰীৰ মৃত্যু হোৱা বুলি প্ৰমাণ পোৱা গৈছে।

ৰাজ্যখনৰ সামাজিক সুৰক্ষা মন্ত্ৰী ড০ বলজিৎ কৌৰৰ নিৰ্দেশত বিভাগটোৱে ৰাজ্যিক কোষাগাৰৰ পৰা বিভিন্ন ধৰণৰ পেঞ্চন লোৱা পেঞ্চনাৰসকলৰ প্ৰমাণীকৰণ কৰা হৈছিল। প্ৰমাণিত সকলৰ ভিতৰত ৯০,২৪৮ জন পেঞ্চনাৰ মৃত অৱস্থাত পোৱা যায়। তেওঁলোকৰ পেঞ্চন অনতি বিলম্বে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । 

জিলা পৰ্যায়ৰ বিষয়াসকলক বিতৰণ নকৰা ধন  জমা কৰিবলৈ নিৰ্দেশ দিয়া ।উল্লেখ্য  ৰাজ্য খনত  বৃদ্ধ, বিধৱা, পৰনিৰ্ভৰশীল শিশু আৰু বিকলাঙ্গসকলক পেঞ্চন প্ৰদান কৰি অহা হৈছে। কৌৰে কয় যে  ৪ আগষ্টত তেওঁ সামাজিক সুৰক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল আৰু সেই বৈঠকতে  পেঞ্চনাৰসকলৰ প্ৰমাণীকৰণ  কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু