--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি গাঞ্জা সেৱন কৰে নেকি? তেন্তে আপোনাৰ বাবে এটা দুঃখবৰ আছে। আপোনাৰ যদি কিবা অস্ত্ৰোপচাৰ হয়, তেন্তে আপুনি স্বাভাৱিক বিষতকৈ বেছি বিষ অনুভৱ কৰিব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন হস্পিতালত এই বিষয়ে এটা সমীক্ষা চলোৱা হৈছিল। প্ৰায় চৌত্ৰিশ হেজাৰ অস্ত্ৰোপচাৰ হৈ যোৱা ৰোগীক লৈ কৰা এই সমীক্ষাটোত ১৬৭৯জনে নিয়মীতভাৱে গাঞ্জা সেৱন কৰে বুলি জানিব পৰা গৈছে।

গাঞ্জাসেৱন কৰা প্ৰত্যেকেই অস্ত্ৰোপচাৰৰ ২৪ ঘণ্টাৰ ভিতৰত অসহনীয় বিষ অনুভৱ কৰিছিল। গাঞ্জাসেৱন কৰাৰ বাবেই তেওঁলোকৰ এই বিষ হৈছিল বুলি সমীক্ষকসকলে কব বিচাৰে।

উল্লেখ্য যে আমেৰিকাত গাঞ্জাক দীৰ্ঘস্থায়ী বিষৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে। কিন্তু অস্ত্ৰোপচাৰৰ বিষত গাঞ্জাই বিপৰীত ভূমিকাত অৱতীৰ্ণ হোৱাৰ বিষয়ে জানিব পাৰি ইতিমধ্যে ইয়াক লৈ তীব্ৰ চৰ্চা চলিছে।

কিন্তু কেৱল গাঞ্জাই নহয়, চিগাৰেট সেৱন কৰিলেও এনেধৰণৰ সমস্যাই দেখা দিয়ে। অস্ত্ৰোপচাৰৰ পূৰ্বে এনাষ্টেছিয়া দিলে অৱশ্যে এনে নহব পাৰে বুলিও জনাইছে চিকিৎসকসকলে।

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেন্চনৰ তথ্য অনুসৰি, অতিৰিক্ত মাদক দ্ৰব্য সেৱনৰ ফলত যোৱা বৰ্ষত দেশখনত এক লাখৰো অধিক লোকৰ মৃত্যু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী