--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি গাঞ্জা সেৱন কৰে নেকি? তেন্তে আপোনাৰ বাবে এটা দুঃখবৰ আছে। আপোনাৰ যদি কিবা অস্ত্ৰোপচাৰ হয়, তেন্তে আপুনি স্বাভাৱিক বিষতকৈ বেছি বিষ অনুভৱ কৰিব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন হস্পিতালত এই বিষয়ে এটা সমীক্ষা চলোৱা হৈছিল। প্ৰায় চৌত্ৰিশ হেজাৰ অস্ত্ৰোপচাৰ হৈ যোৱা ৰোগীক লৈ কৰা এই সমীক্ষাটোত ১৬৭৯জনে নিয়মীতভাৱে গাঞ্জা সেৱন কৰে বুলি জানিব পৰা গৈছে।

গাঞ্জাসেৱন কৰা প্ৰত্যেকেই অস্ত্ৰোপচাৰৰ ২৪ ঘণ্টাৰ ভিতৰত অসহনীয় বিষ অনুভৱ কৰিছিল। গাঞ্জাসেৱন কৰাৰ বাবেই তেওঁলোকৰ এই বিষ হৈছিল বুলি সমীক্ষকসকলে ক’ব বিচাৰে।

উল্লেখ্য যে আমেৰিকাত গাঞ্জাক দীৰ্ঘস্থায়ী বিষৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে। কিন্তু অস্ত্ৰোপচাৰৰ বিষত গাঞ্জাই বিপৰীত ভূমিকাত অৱতীৰ্ণ হোৱাৰ বিষয়ে জানিব পাৰি ইতিমধ্যে ইয়াক লৈ তীব্ৰ চৰ্চা চলিছে।

কিন্তু কেৱল গাঞ্জাই নহয়, চিগাৰেট সেৱন কৰিলেও এনেধৰণৰ সমস্যাই দেখা দিয়ে। অস্ত্ৰোপচাৰৰ পূৰ্বে এনাষ্টেছিয়া দিলে অৱশ্যে এনে নহ’ব পাৰে বুলিও জনাইছে চিকিৎসকসকলে।

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেন্চনৰ তথ্য অনুসৰি, অতিৰিক্ত মাদক দ্ৰব্য সেৱনৰ ফলত যোৱা বৰ্ষত দেশখনত এক লাখৰো অধিক লোকৰ মৃত্যু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু