--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব শাৰদীয় নৱৰাত্ৰি। আৰু ৫ অক্টোবৰলৈকে চলিব শাৰদীয় দুৰ্গোৎসৱ। এইবাৰ হাতীত উঠি ধৰালৈ আহিব মা দুৰ্গা। নৱৰাত্ৰিৰ ৯ দিনত প্ৰতিদিনে ৯ টা ভিন্ন ৰূপত মা দুৰ্গাৰ পূজা কৰা হয়। বহু হিন্দু ভক্তই ৯ দিন শ্ৰদ্ধাৰে মা দুৰ্গাৰ ৯ শক্তিৰ পূজা কৰে। 

নৱৰাত্ৰি পালন কৰিলে দেৱী দুৰ্গাই ভক্তসকলৰ সকলো ইচ্ছা পূৰণ কৰে বুলি বিশ্বাস কৰা হয়। দুৰ্গা পূজাৰ আগে আগে প্ৰতিজন লোকৰ মনতে প্ৰশ্ন এটা থাকে এইবাৰ দেবীৰ আগমন কিহত আৰু গমন অৰ্থাৎ বিদায় কোন বাহনত? 

প্ৰতি বছৰে মা দুৰ্গা কোনো এক বাহনত উঠি আহে। পঞ্জিকা মতে দেৱীৰ এইবাৰ আগমন হাতীত। হাতীত উঠি দুৰ্গা মাতৃ পৃথিৱীলৈ অহাটো অতি শুভ বুলি বিবেচিত হয়। ধৰ্মীয় দৃষ্টিকোণৰ পৰা হাতীত উঠি মাকৰ আগমন অতি শুভ বুলি গণ্য কৰা হয়। হাতীক জ্ঞান আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। দেৱী দুৰ্গা হাতীত উঠি আহিলে ভক্তসকলৰ জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। দেশত অৰ্থনৈতিক সমৃদ্ধি আৰু জ্ঞান বৃদ্ধি হ’ব।

আনহাতে এইবাৰ দেৱীৰ গমনো হ'ব হাতীত। অৰ্থাৎ পৃথিৱীৰ পৰা মাতৃ দুৰ্গাৰ প্ৰস্থানো হ’ব হাতীত উঠি। মা দুৰ্গাই হাতীত উঠি গমন কৰিলে প্ৰচণ্ড বৰষুণ দিয়াৰ ইংগিত দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement