--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউত্তৰাখণ্ডৰ  বিজেপি নেতাৰ পুত্ৰৰ ৰিজৰ্টত যৌন কৰ্মত লিপ্ত হ’বলৈ অস্বীকাৰ কৰাৰ বাবেই হত্যাৰ বলি হোৱা অংকিতা ভাণ্ডাৰীয়েই মন্ত্ৰী পুত্ৰৰ নৃশংসতাৰ বলি হোৱা প্ৰথম যুৱতী নহয়। ইয়াৰ আগতেও প্ৰিয়ংকা নামৰ আন এগৰাকী যুৱতী সেই খন ৰিজৰ্টৰ পৰাই নিখোজ হৈছিল। আজিও কোনো সন্ধান নোলোৱা প্ৰিয়ংকাক বিজেপি নেতাজনৰ পুত্ৰই বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে বহুতে।

অংকিতাৰ হত্যাৰ  পিছৰে পৰাই পৰাই প্ৰিয়ংকাৰ নিখোজ হোৱাৰ প্ৰসংগটো পুনৰ চৰ্চালৈ আহিছে। প্ৰিয়ংকাই  উত্তৰাখণ্ডৰ বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিতৰ  ৰিজৰ্ট খনত কাম কৰিছিল। তেওঁ আঠ মাহ আগতে ৰহস্যজনকভাৱে নিখোজ  হৈ পৰিছিল।   তেওঁ অংকিতাৰ গাওঁৰেই বাসিন্দা আছিল।  অংকিতাক হত্যা কৰাৰ পিছৰে পৰা প্ৰিয়ংকাৰ নাম এতিয়া ব্যাপক চৰ্চালৈ আহিছে। প্ৰশ্ন উত্থাপিত হ'বলৈ ধৰিছে, প্ৰিয়ংকা ক'ত নাইকিয়া হ’ল? 

অংকিতাৰ দৰে তেওঁৰ কি অৱস্থা হৈছে নেকি? ঘটনাক্ৰমে প্ৰিয়ংকা নিৰুদ্দেশ হোৱাৰ লগে লগে, পুলকিতে অভিযোগ কৰিছিল যে প্ৰিয়ংকাই ৰিজৰ্টৰ ধন আৰু মূল্যৱান সামগ্ৰী লৈ পলাই গৈছিল। প্ৰিয়ংকা নিখোজ হোৱাৰ কথাটো  নাম প্ৰথমে বিট্টু ভাণ্ডাৰী নামৰ এজন স্থানীয় যুৱকে প্ৰকাশ কৰিছিল।

স্থানীয় সূত্ৰ অনুসৰি পুলকিত সদায়ে যুৱতীৰ ওপৰত চকু দি আহিছে। তেওঁৰ বিৰুদ্ধে অপহৰণৰ কেইবাটাও  অভিযোগ আছে। দৰমহা বচৰাৰ বাবেই ৰিজৰ্টৰ এজন কৰ্মচাৰীক তেওঁ বলপূৰ্বক তুলি নি  বহু দিন অজ্ঞাত স্থানত  আৱদ্ধ কৰি ৰাখিছিল বুলিও অভিযোগ উঠিছে।কৰ্মচাৰীজন  ৰুদ্ৰপ্ৰয়াগৰ বাসিন্দা আছিল। পিছত এজন স্থানীয় সমাজকৰ্মীৰ উদ্যোগত তেওঁক উদ্ধাৰ কৰা হৈছিল।

স্থানীয় লোকসকলে কয় যে আজি, য'ত পুলকিতৰ বিলাসী ৰিজৰ্ট অৱস্থিত আগতে এটা চকলেট কাৰখানা আছিল। ২০১৮-১৯বৰ্ষত,  কাৰখানাৰ পৰা অলপ দূৰত ৰিজৰ্টটো খুলিছিল। গাওঁবাসী আৰু স্থানীয় লোকসকলৰ সৈতে পুলকিতৰ সম্পৰ্ক ভাল নহয়। কোনো স্থানীয় লোকক ৰিজৰ্টলৈ যাবলৈ দিয়া হোৱা  নাছিল।  পুলকিতেই প্ৰিংকাক হত্যা কৰিছে নেকি তাকেলৈ বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে। 

ইপিনে অংকিতাৰ হোৱাটছএপ পৰীক্ষা কৰি আৰক্ষীয়ে জানিব পাৰিছে যে পুলকিতে ১০ হাজাৰ টকাৰ বিনিময়ত অংকিতাৰ সৈতে দৈহিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল। সেই কথা অংকিতাই তেওঁৰ বন্ধুমহলক জনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement