--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেৱীক পূজা কৰিবলৈ মন্দিৰলৈ আহিছিল দুজন ভক্ত। পূজা শেষ হোৱাৰ পাছত মন্দিৰত আন ভক্তই দান দি যোৱা এটা ছাগলী দেখা পায় ভক্ত দুজনে। হৃষ্ট-পুষ্ট ছাগলীটোক দেখি লোভ চম্ভালিব পৰা নোৱাৰিলে তেওঁলোকে। সেয়ে ছাগলীটোক গাড়ীত উঠাি লৈ যায়!

বুধবাৰে পশ্চিম বংগৰ পুৰুলীয়া জিলাৰ ৰায়বাগিনি অঞ্চলত সংঘটিত হৈছে ঘটনা। পুৰুলীয়া চহৰৰ উপকণ্ঠ ৰায়বাগিনি অঞ্চলত অৱস্থিত বাঘেশ্বৰী মন্দিৰ। মন্দিৰটোত ভক্তৰ ভিৰ যথেষ্ট।

বুধবাৰেও মন্দিৰটোত এখন গাড়ী ৰৈছিল। গাড়ীৰ পৰা নামি দুজন ভক্ত মন্দিৰলৈ গ’ল। দেৱীৰ আগত প্ৰণাম কৰি ওলাই আহি দেখিলে যে তাত এটা ছাগলী চৰি ফুৰিছে। ছাগলীটোক খোৱাবস্তুৰ লোভ দেখুৱাই তেওঁলোকে।

অভিযোগ অনুসৰি ছাগলীটো ওচৰলৈ অহাৰ লগে লগে লোক দুজনে গাড়ীত তুলি লৈ উধাও হয়। সমগ্ৰ ঘটনাৱলী মন্দিৰৰ সন্মুখৰ টিউবৱেলৰ পৰা পানী নিবলৈ অহা স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হয়। যদিও এই সন্দৰ্ভত এতিয়াও থানাত লিখিত অভিযোগ দাখিল কৰা নাই কোনেও।

ইয়াৰ পূৰ্বেও বাঘেশ্বৰী মাতৃৰ আশীৰ্বাদ ল’বলৈ আহি ছাগলী চোৰ কৰিছে অনেক ভক্তই। বিগত কেইবছৰমানৰ পৰা এনে ঘটনা সংঘটিত হৈ আহিছে। মন্দিৰৰ আশে-পাশে থকা ছাগলী আৰু কুকুৰা চুৰি কৰি লৈ গৈছে চোৰে। সঘনাই চুৰি কাণ্ড সংঘটিত হোৱাৰ বাবে অঞ্চলটোৰ বাসিন্দাসকল ভয়াৱহ সংকটত ভুগিছে।

আৰক্ষীৰ মতে, ছাগলী চুৰিৰ বিষয়ে সময়ে সময়ে শুনা যায় । কিন্তু এই ক্ষেত্ৰত কোনেও বিশেষ অভিযোগ নকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক