--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেৱীক পূজা কৰিবলৈ মন্দিৰলৈ আহিছিল দুজন ভক্ত। পূজা শেষ হোৱাৰ পাছত মন্দিৰত আন ভক্তই দান দি যোৱা এটা ছাগলী দেখা পায় ভক্ত দুজনে। হৃষ্ট-পুষ্ট ছাগলীটোক দেখি লোভ চম্ভালিব পৰা নোৱাৰিলে তেওঁলোকে। সেয়ে ছাগলীটোক গাড়ীত উঠাি লৈ যায়!

বুধবাৰে পশ্চিম বংগৰ পুৰুলীয়া জিলাৰ ৰায়বাগিনি অঞ্চলত সংঘটিত হৈছে ঘটনা। পুৰুলীয়া চহৰৰ উপকণ্ঠ ৰায়বাগিনি অঞ্চলত অৱস্থিত বাঘেশ্বৰী মন্দিৰ। মন্দিৰটোত ভক্তৰ ভিৰ যথেষ্ট।

বুধবাৰেও মন্দিৰটোত এখন গাড়ী ৰৈছিল। গাড়ীৰ পৰা নামি দুজন ভক্ত মন্দিৰলৈ গ’ল। দেৱীৰ আগত প্ৰণাম কৰি ওলাই আহি দেখিলে যে তাত এটা ছাগলী চৰি ফুৰিছে। ছাগলীটোক খোৱাবস্তুৰ লোভ দেখুৱাই তেওঁলোকে।

অভিযোগ অনুসৰি ছাগলীটো ওচৰলৈ অহাৰ লগে লগে লোক দুজনে গাড়ীত তুলি লৈ উধাও হয়। সমগ্ৰ ঘটনাৱলী মন্দিৰৰ সন্মুখৰ টিউবৱেলৰ পৰা পানী নিবলৈ অহা স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হয়। যদিও এই সন্দৰ্ভত এতিয়াও থানাত লিখিত অভিযোগ দাখিল কৰা নাই কোনেও।

ইয়াৰ পূৰ্বেও বাঘেশ্বৰী মাতৃৰ আশীৰ্বাদ ল’বলৈ আহি ছাগলী চোৰ কৰিছে অনেক ভক্তই। বিগত কেইবছৰমানৰ পৰা এনে ঘটনা সংঘটিত হৈ আহিছে। মন্দিৰৰ আশে-পাশে থকা ছাগলী আৰু কুকুৰা চুৰি কৰি লৈ গৈছে চোৰে। সঘনাই চুৰি কাণ্ড সংঘটিত হোৱাৰ বাবে অঞ্চলটোৰ বাসিন্দাসকল ভয়াৱহ সংকটত ভুগিছে।

আৰক্ষীৰ মতে, ছাগলী চুৰিৰ বিষয়ে সময়ে সময়ে শুনা যায় । কিন্তু এই ক্ষেত্ৰত কোনেও বিশেষ অভিযোগ নকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু