--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুকেশ চন্দ্ৰশেখৰ! প্ৰৱঞ্চনা, প্ৰতাৰণা আৰু ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সুকেশ চন্দ্ৰশেখৰক মণ্ডোলী কাৰাগাৰত ৰখা হৈছে। শেহতীয়াকৈ ভাইৰেল হোৱা এক ভিডিঅ’ত দেখা গৈছিল যে মহাপ্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে অতি বিলাসী জীৱন যাপন কৰিছে।

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে প্ৰশাসনে তেওঁৰ কোঠাত অভিযান চলাই ১.৫ লাখ টকা মূল্যৰ ছেণ্ডেল আৰু ৮০ হাজাৰ টকাৰ মূল্যৰ দুটা জিন্সকে ধৰি কেইবাটাও বিলাসী সামগ্ৰী উদ্ধাৰ কৰিছে।

অভিযানত আৰক্ষীয়ে সুকেশৰ কোঠাৰ পৰা বিলাসী ব্ৰেণ্ডৰ অন্য বহু সামগ্ৰীও উদ্ধাৰ কৰিছে, যিটোৱে অভিযানকাৰী বিষয়াসকলক স্তম্ভিত কৰি তোলে।

উল্লেখ্য যে ধন দাবী আৰু ধন সৰবৰাহৰ আন এটা গোচৰত সুকেশক ইডিৰ ৯ দিনৰ ৰিমাণ্ডলৈ পুনৰ প্ৰেৰণ কৰা হয়। শেহতীয়াকৈ প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰক ধন দাবী আৰু ধন সৰবৰাহৰ আন এটা গোচৰত ইডিয়ে ৯ দিনৰ জিম্মাত বিচাৰিছিল। ইডিয়ে দাখিল কৰা এনফৰ্চমেণ্ট কেছ ইনফৰ্মেশ্যন ৰিপ’ৰ্ট (ইচিআইআৰ)ত তেওঁক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

সুকেশৰ বিৰুদ্ধে মালবিন্দৰ সিঙৰ পত্নী জপনা সিঙক ৩.৫ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগও আছে। অভিযোগকাৰীৰ মতে চন্দ্ৰশেখৰে চৰকাৰী জ্যেষ্ঠ বিষয়াৰ ৰূপ লৈ জাপানা এম সিঙক ফোন কৰি তেওঁৰ পৰা ধন আদায় কৰিছিল। পাটিয়ালা হাউছ কোৰ্টৰ অতিৰিক্ত বিচৰাপীঠৰ ন্যায়াধীশ শৈলেন্দ্ৰ মালিকে তেওঁক ৯ দিনৰ বাবে ইডি ৰিমাণ্ডত প্ৰেৰণ কৰে।

ইয়াৰ পূৰ্বে সুকেশক ২০০ কোটি টকাৰ প্ৰৱঞ্চনা আৰু প্ৰতাৰণা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। সুকেশক তিহাৰ জে’ললৈ প্ৰেৰণ কৰা হৈছিল আৰু তাতো তেওঁ বিষয়াসকলক উৎকোচ দিয়া অভিযোগ উত্থাপন হৈছিল।

বলিউদৰ বহু অভিনেত্ৰীয়ে সুকেশক সাক্ষাৎ কৰিবলৈ জে’ললৈ গৈছিল। আনকি কাৰাগাৰৰ ভিতৰত থাকিও সুকেশে প্ৰতাৰণাৰ জাল অব্যাহত ৰাখিছিল আৰু বহু বলীউডৰ অভিনেত্ৰীৰ সৈতেও সম্পৰ্ক স্থাপন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু