--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুকেশ চন্দ্ৰশেখৰ! প্ৰৱঞ্চনা, প্ৰতাৰণা আৰু ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সুকেশ চন্দ্ৰশেখৰক মণ্ডোলী কাৰাগাৰত ৰখা হৈছে। শেহতীয়াকৈ ভাইৰেল হোৱা এক ভিডিঅ’ত দেখা গৈছিল যে মহাপ্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে অতি বিলাসী জীৱন যাপন কৰিছে।

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে প্ৰশাসনে তেওঁৰ কোঠাত অভিযান চলাই ১.৫ লাখ টকা মূল্যৰ ছেণ্ডেল আৰু ৮০ হাজাৰ টকাৰ মূল্যৰ দুটা জিন্সকে ধৰি কেইবাটাও বিলাসী সামগ্ৰী উদ্ধাৰ কৰিছে।

অভিযানত আৰক্ষীয়ে সুকেশৰ কোঠাৰ পৰা বিলাসী ব্ৰেণ্ডৰ অন্য বহু সামগ্ৰীও উদ্ধাৰ কৰিছে, যিটোৱে অভিযানকাৰী বিষয়াসকলক স্তম্ভিত কৰি তোলে।

উল্লেখ্য যে ধন দাবী আৰু ধন সৰবৰাহৰ আন এটা গোচৰত সুকেশক ইডিৰ ৯ দিনৰ ৰিমাণ্ডলৈ পুনৰ প্ৰেৰণ কৰা হয়। শেহতীয়াকৈ প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰক ধন দাবী আৰু ধন সৰবৰাহৰ আন এটা গোচৰত ইডিয়ে ৯ দিনৰ জিম্মাত বিচাৰিছিল। ইডিয়ে দাখিল কৰা এনফৰ্চমেণ্ট কেছ ইনফৰ্মেশ্যন ৰিপ’ৰ্ট (ইচিআইআৰ)ত তেওঁক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

সুকেশৰ বিৰুদ্ধে মালবিন্দৰ সিঙৰ পত্নী জপনা সিঙক ৩.৫ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগও আছে। অভিযোগকাৰীৰ মতে চন্দ্ৰশেখৰে চৰকাৰী জ্যেষ্ঠ বিষয়াৰ ৰূপ লৈ জাপানা এম সিঙক ফোন কৰি তেওঁৰ পৰা ধন আদায় কৰিছিল। পাটিয়ালা হাউছ কোৰ্টৰ অতিৰিক্ত বিচৰাপীঠৰ ন্যায়াধীশ শৈলেন্দ্ৰ মালিকে তেওঁক ৯ দিনৰ বাবে ইডি ৰিমাণ্ডত প্ৰেৰণ কৰে।

ইয়াৰ পূৰ্বে সুকেশক ২০০ কোটি টকাৰ প্ৰৱঞ্চনা আৰু প্ৰতাৰণা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। সুকেশক তিহাৰ জে’ললৈ প্ৰেৰণ কৰা হৈছিল আৰু তাতো তেওঁ বিষয়াসকলক উৎকোচ দিয়া অভিযোগ উত্থাপন হৈছিল।

বলিউদৰ বহু অভিনেত্ৰীয়ে সুকেশক সাক্ষাৎ কৰিবলৈ জে’ললৈ গৈছিল। আনকি কাৰাগাৰৰ ভিতৰত থাকিও সুকেশে প্ৰতাৰণাৰ জাল অব্যাহত ৰাখিছিল আৰু বহু বলীউডৰ অভিনেত্ৰীৰ সৈতেও সম্পৰ্ক স্থাপন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক