--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদ্যুৎ বিভাগে বিপ্লৱী খুদিৰাম বসু আৰু প্ৰফুল্ল চাকীলৈ জাননী প্ৰেৰণ কৰিছে। তেওঁলোকৰ বাকী থকা বিলসমূহ নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিছে। মুঠ ১ লাখ ৩৬ হাজাৰ টকাৰ বিল প্ৰেৰণ কৰা হৈছে। কেৱল সেয়াই নহয়, এসপ্তাহৰ ভিতৰতে বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। 

ভাৰতৰ স্বাধিনতা আন্দোলনৰ অমৰ বিপল্ৱী খুদিৰাম আৰু প্ৰফুল্লৰ নামত এইদৰে ইলেক্ট্ৰিচিটি বিল প্ৰেৰণ কৰাক লৈ চাঞ্চল্যই বিৰাজ কৰিছে। বিহাৰৰ মুজাফ্ফৰপুৰত এই ঘটনা সংঘটিত হৈছে।

এই জাননী উত্তৰ বিহাৰ শক্তি বিতৰণ কোম্পানী মুজাফ্ফৰপুৰৰ মুখ্য কাৰ্যালয়ৰ পৰা বিপ্লৱী দুজনৰ নামত প্ৰেৰণ কৰা হৈছে। 

আচলতে খুদিৰাম বসু আৰু প্ৰফুল্ল চাকিৰ স্মৃতিত নিৰ্মিত এটা শ্বহীদবেদীলৈহে বিদ্যুৎ বিভাগৰ কৰ্মীসকলে এই জাননী প্ৰেৰণ কৰিছে। কিন্তু বেদীটোৰ দায়িত্বত থকা লোকসকলৰ সলনি বিপ্লৱী দুজনৰ নামত প্ৰেৰণ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

২২ ফেব্ৰুৱাৰীত এই বিলখন প্ৰস্তুত কৰা হৈছিল। বিলখনত বাকী থকা ধনৰাশি ১,৩৬,৯৪৩ টকা। ইয়াক ৪ মাৰ্চৰ ভিতৰত নিষ্পত্তি কৰিবলৈ কোৱা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি ধন পৰিশোধ নকৰে তেন্তে বিপ্লৱী দুজনৰ স্মৃতিত নিৰ্মাণ কৰা বেদীৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ’ব বুলি জাননীখনত উল্লেখ কৰা হৈছে।

বিপ্লৱী দুজনৰ স্মৃতিত নিৰ্মাণ কৰা বেদীটো মহানগৰীৰ কোম্পানী বাগ অঞ্চলত অৱস্থিত। তাৰ পৰা কিছু দূৰৈত বিভাগীয় আয়ুক্ত, ৰাজ্যিক আৰক্ষীৰ আই জি, জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়। বেদী দুটা নিৰ্মাণ কৰা ঠাইখনেই হৈছে ১৯০৮ চনৰ ৩০ এপ্ৰিলত খুদিৰাম বসু আৰু প্ৰফুল্ল চাকিয়ে ব্ৰিটিছ দণ্ডাধীশ কিংছফৰ্ডক হত্যা কৰিবলৈ বোমা নিক্ষেপ কৰা ঠাই।

পাটনা বিদ্যুৎ ভবনৰ এগৰাকী শীৰ্ষ বিষয়াই এই প্ৰসংগত কয় যে বিদ্যুৎ বিলৰ বিষয়টো শুদ্ধ। বিপ্লৱী দুজনৰ বেদীত জাননী ওলোমাই দিয়া হৈছিল। সেই বেদী দুটাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব এটা ব্যক্তিগত সংস্থাই লয়। বিলখন তেওঁলোকেই নিষ্পত্তি কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক