--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদ্যুৎ বিভাগে বিপ্লৱী খুদিৰাম বসু আৰু প্ৰফুল্ল চাকীলৈ জাননী প্ৰেৰণ কৰিছে। তেওঁলোকৰ বাকী থকা বিলসমূহ নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিছে। মুঠ ১ লাখ ৩৬ হাজাৰ টকাৰ বিল প্ৰেৰণ কৰা হৈছে। কেৱল সেয়াই নহয়, এসপ্তাহৰ ভিতৰতে বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। 

ভাৰতৰ স্বাধিনতা আন্দোলনৰ অমৰ বিপল্ৱী খুদিৰাম আৰু প্ৰফুল্লৰ নামত এইদৰে ইলেক্ট্ৰিচিটি বিল প্ৰেৰণ কৰাক লৈ চাঞ্চল্যই বিৰাজ কৰিছে। বিহাৰৰ মুজাফ্ফৰপুৰত এই ঘটনা সংঘটিত হৈছে।

এই জাননী উত্তৰ বিহাৰ শক্তি বিতৰণ কোম্পানী মুজাফ্ফৰপুৰৰ মুখ্য কাৰ্যালয়ৰ পৰা বিপ্লৱী দুজনৰ নামত প্ৰেৰণ কৰা হৈছে। 

আচলতে খুদিৰাম বসু আৰু প্ৰফুল্ল চাকিৰ স্মৃতিত নিৰ্মিত এটা শ্বহীদবেদীলৈহে বিদ্যুৎ বিভাগৰ কৰ্মীসকলে এই জাননী প্ৰেৰণ কৰিছে। কিন্তু বেদীটোৰ দায়িত্বত থকা লোকসকলৰ সলনি বিপ্লৱী দুজনৰ নামত প্ৰেৰণ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

২২ ফেব্ৰুৱাৰীত এই বিলখন প্ৰস্তুত কৰা হৈছিল। বিলখনত বাকী থকা ধনৰাশি ১,৩৬,৯৪৩ টকা। ইয়াক ৪ মাৰ্চৰ ভিতৰত নিষ্পত্তি কৰিবলৈ কোৱা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি ধন পৰিশোধ নকৰে তেন্তে বিপ্লৱী দুজনৰ স্মৃতিত নিৰ্মাণ কৰা বেদীৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ’ব বুলি জাননীখনত উল্লেখ কৰা হৈছে।

বিপ্লৱী দুজনৰ স্মৃতিত নিৰ্মাণ কৰা বেদীটো মহানগৰীৰ কোম্পানী বাগ অঞ্চলত অৱস্থিত। তাৰ পৰা কিছু দূৰৈত বিভাগীয় আয়ুক্ত, ৰাজ্যিক আৰক্ষীৰ আই জি, জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়। বেদী দুটা নিৰ্মাণ কৰা ঠাইখনেই হৈছে ১৯০৮ চনৰ ৩০ এপ্ৰিলত খুদিৰাম বসু আৰু প্ৰফুল্ল চাকিয়ে ব্ৰিটিছ দণ্ডাধীশ কিংছফৰ্ডক হত্যা কৰিবলৈ বোমা নিক্ষেপ কৰা ঠাই।

পাটনা বিদ্যুৎ ভবনৰ এগৰাকী শীৰ্ষ বিষয়াই এই প্ৰসংগত কয় যে বিদ্যুৎ বিলৰ বিষয়টো শুদ্ধ। বিপ্লৱী দুজনৰ বেদীত জাননী ওলোমাই দিয়া হৈছিল। সেই বেদী দুটাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব এটা ব্যক্তিগত সংস্থাই লয়। বিলখন তেওঁলোকেই নিষ্পত্তি কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু