--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যিক বিজেপি নেতৃত্বৰ সৈতে কি আলোচনা হৈছিল মিথুন চক্ৰৱৰ্তীৰ? মিথুন চক্ৰৱৰ্তীয়ে ৰাজহুৱাকৈ সেই সন্দৰ্ভত মুখ খুলিব পৰা নাছিল। তেওঁ মাত্ৰ কৈছিল যে ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে তেওঁক কিছু কাম দিছিল। 

এক ন-উদ্যমেৰে বিজেপিলৈ উভতিল মিথুন চক্ৰৱৰ্তী । পুনৰ ৰাজনীতিৰ ক্ষেত্ৰখনত ভৰি থ'লে ছুপাৰ হিট মিথুন চক্ৰৱৰ্তীয়ে । সোমবাৰে ৰাজ্যত বিজেপি নেতৃত্ববৃন্দৰ  সৈতে অনুষ্ঠিত হোৱা এক বৈঠকত অংশগ্ৰহণ কৰে চুপাৰ ষ্টাৰ গৰাকীয়ে। ইয়াৰ পিছতে তেওঁ সাংবাদিকসকলৰ সৈতে মুখামুখি হৈ গেৰুৱা শিবিৰত পূৰ্ণ শক্তিৰে কাম কৰাৰ ইংগিত দিয়ে। 

মিথুন চক্ৰৱৰ্তীয়ে কয় তেওঁ ৰাজনীতি নহয় কেৱল মানৱ নীতিহে কৰে। তেওঁ বংগৰ জনসাধাৰণৰ হৈ কাম কৰিব বিচাৰে‌ আৰু ভবিষ্যতে কৰিব বুলিও উল্লেখ কৰিছে। ৰাজ্যিক বিজেপি নেতৃত্বৰ সৈতে কি আলোচনা হৈছিল মিথুন চক্ৰৱৰ্তীৰ? ৰাজহুৱাকৈ সেই সন্দৰ্ভত মুখ খুলিব পৰা নাছিল চুপাৰষ্টাৰ গৰাকীয়ে। তেওঁ মাত্ৰ কৈছিল যে ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে তেওঁক কিছু কাম দিছিল ।

সোমবাৰে ৰাজ্যখনৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে সকীয়াই দিয়ে যে ২০২৬ চনত নহয় ২০২৪ চনত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব। এই বিষয়ে প্ৰশ্ন কৰাত তেখেতে কয় যদি কোনোবা থাকিব বিচাৰে তেন্তে থাকিব আৰু যদি যাবলগীয়া হয় তেন্তে যাব। এই বিষয়ত তেওঁ একো মন্তব্য নকৰে বুলি উল্লেখ কৰিছে।

সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয় পৰিদৰ্শন কৰে মিথুন চক্ৰৱৰ্তীয়ে। ইয়াৰ পিছতে গেৰুৱা শিবিৰৰ নেতা সুকান্ত মজুমদাৰ, ৰাহুল সিনহা, ৰুদ্ৰনীল ঘোষৰ দৰে নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। অসুস্থতা অতিক্ৰম কৰি পুনৰ এক নতুন ৰূপেৰে বিজেপিলৈ আগমণৰ খবৰে সজীৱ কৰি তুলিলে ৰাজ্যিক বিজেপিৰ সমূহ কৰ্মকৰ্তা সকলক ।

২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিথুন চক্ৰৱৰ্তীয়ে বিজেপিত যোগদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত ‘মহাগুৰু’য়ে দাঙি ধৰিছিল পদুমৰ পতাকা। তেওঁ বংগবাসীক বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল। তাৰ পিছত মিথুন চক্ৰৱৰ্তীয়ে সমগ্ৰ বংগতে বিজেপিৰ হৈ প্ৰচাৰ চলায়।  কিন্তু ফলাফলত  বংগত চৰকাৰ গঠনৰ সপোন বিফল হৈছিল বিজেপি দলৰ। তেতিয়াৰ পৰা বংগৰ ৰাজনীতি আৰু বিজেপিত দেখা নাছিল মিথুন চক্ৰৱৰ্তীক। অৱশ্যে তেওঁক পুনৰ সক্ৰিয় কৰাৰ উৰাবাতৰি সূচনা কৰিছিল সুকান্ত মজুমদাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু