--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যিক বিজেপি নেতৃত্বৰ সৈতে কি আলোচনা হৈছিল মিথুন চক্ৰৱৰ্তীৰ? মিথুন চক্ৰৱৰ্তীয়ে ৰাজহুৱাকৈ সেই সন্দৰ্ভত মুখ খুলিব পৰা নাছিল। তেওঁ মাত্ৰ কৈছিল যে ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে তেওঁক কিছু কাম দিছিল। 

এক ন-উদ্যমেৰে বিজেপিলৈ উভতিল মিথুন চক্ৰৱৰ্তী । পুনৰ ৰাজনীতিৰ ক্ষেত্ৰখনত ভৰি থ'লে ছুপাৰ হিট মিথুন চক্ৰৱৰ্তীয়ে । সোমবাৰে ৰাজ্যত বিজেপি নেতৃত্ববৃন্দৰ  সৈতে অনুষ্ঠিত হোৱা এক বৈঠকত অংশগ্ৰহণ কৰে চুপাৰ ষ্টাৰ গৰাকীয়ে। ইয়াৰ পিছতে তেওঁ সাংবাদিকসকলৰ সৈতে মুখামুখি হৈ গেৰুৱা শিবিৰত পূৰ্ণ শক্তিৰে কাম কৰাৰ ইংগিত দিয়ে। 

মিথুন চক্ৰৱৰ্তীয়ে কয় তেওঁ ৰাজনীতি নহয় কেৱল মানৱ নীতিহে কৰে। তেওঁ বংগৰ জনসাধাৰণৰ হৈ কাম কৰিব বিচাৰে‌ আৰু ভবিষ্যতে কৰিব বুলিও উল্লেখ কৰিছে। ৰাজ্যিক বিজেপি নেতৃত্বৰ সৈতে কি আলোচনা হৈছিল মিথুন চক্ৰৱৰ্তীৰ? ৰাজহুৱাকৈ সেই সন্দৰ্ভত মুখ খুলিব পৰা নাছিল চুপাৰষ্টাৰ গৰাকীয়ে। তেওঁ মাত্ৰ কৈছিল যে ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে তেওঁক কিছু কাম দিছিল ।

সোমবাৰে ৰাজ্যখনৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে সকীয়াই দিয়ে যে ২০২৬ চনত নহয় ২০২৪ চনত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব। এই বিষয়ে প্ৰশ্ন কৰাত তেখেতে কয় যদি কোনোবা থাকিব বিচাৰে তেন্তে থাকিব আৰু যদি যাবলগীয়া হয় তেন্তে যাব। এই বিষয়ত তেওঁ একো মন্তব্য নকৰে বুলি উল্লেখ কৰিছে।

সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয় পৰিদৰ্শন কৰে মিথুন চক্ৰৱৰ্তীয়ে। ইয়াৰ পিছতে গেৰুৱা শিবিৰৰ নেতা সুকান্ত মজুমদাৰ, ৰাহুল সিনহা, ৰুদ্ৰনীল ঘোষৰ দৰে নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। অসুস্থতা অতিক্ৰম কৰি পুনৰ এক নতুন ৰূপেৰে বিজেপিলৈ আগমণৰ খবৰে সজীৱ কৰি তুলিলে ৰাজ্যিক বিজেপিৰ সমূহ কৰ্মকৰ্তা সকলক ।

২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিথুন চক্ৰৱৰ্তীয়ে বিজেপিত যোগদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত ‘মহাগুৰু’য়ে দাঙি ধৰিছিল পদুমৰ পতাকা। তেওঁ বংগবাসীক বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল। তাৰ পিছত মিথুন চক্ৰৱৰ্তীয়ে সমগ্ৰ বংগতে বিজেপিৰ হৈ প্ৰচাৰ চলায়।  কিন্তু ফলাফলত  বংগত চৰকাৰ গঠনৰ সপোন বিফল হৈছিল বিজেপি দলৰ। তেতিয়াৰ পৰা বংগৰ ৰাজনীতি আৰু বিজেপিত দেখা নাছিল মিথুন চক্ৰৱৰ্তীক। অৱশ্যে তেওঁক পুনৰ সক্ৰিয় কৰাৰ উৰাবাতৰি সূচনা কৰিছিল সুকান্ত মজুমদাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ