--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পাছত ভাৰতীয় উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দলসমূহ৷ সদনৰ কাৰ্যাৱলী চলি থকাৰ মাজতে আজি প্ৰধান বিৰোধী দল কংগ্ৰেছে আদানি গ্ৰুপৰ বিৰুদ্ধে যুটীয়া সংসদীয় কমিটিৰ তদন্তৰ দাবীত সংসদ ভৱনৰ বাহিৰত মানৱ শৃংখল সৃষ্টি কৰি প্ৰতিবাদমুখৰ কৰি তোলে৷

অন্যহাতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই সংবাদমাধ্যমক উদ্দেশ্যি কয় যে যুটীয়া সংসদীয় কমিটি আৰু আদানি ইচ্ছ্যু সন্দৰ্ভত বিজেপিৰ মৌনতা এটা ষড়যন্ত্ৰ৷

ইপিনে সংসদত বিজেপিৰ নেতা অনুৰাগ ঠাকুৰ আৰু স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীৰ ইংলেণ্ড ভ্ৰমণত দিয়া বিতৰ্কিত ভাষণৰ বাবে ক্ষমা বিচৰাৰ প্ৰত্যুত্তৰত কংগ্ৰেছ সাংসদ মানিকাম ঠাকুৰে টুইটাৰত "আজি দুপৰীয়া ১১বজাত সংসদত লগ পাম বুলি" প্ৰত্যুত্তৰ দিয়ে৷

শাসক-বিৰোধী দুয়োপক্ষৰ প্ৰতিবাদৰ বাবে বুধবাৰে সংসদ স্থগিতাদেশৰ পাছত ৰাজ্যসভা আৰু লোকসভা বৃহস্পতিবাৰে পুৱা ১১ বজাত কেন্দ্ৰীয় বাজেট ২০২৩ সম্পৰ্কত বিতৰ্কৰ বাবে আহ্বান জনায়। আজি সংসদত বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ চতুৰ্থ দিন। 

বুধবাৰে, লোকসভা আৰু ৰাজ্যসভাই একেৰাহে তৃতীয় দিনৰ বাবে বাধাৰ সন্মুখীন হৈছিল আৰু কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলবোৰে আদানি-হিণ্ডেনবাৰ্গ বিষয়ত যুটীয়া সংসদীয় সমিতিৰ তদন্তৰ দাবীত জোৰ দিছিল আৰু বিজেপি সদস্যসকলে লণ্ডনত কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ পৰা ক্ষমা বিচাৰিছিল।

স্মতৰ্ৱ্য যে, আজিৰ হুলস্থূলীয়া পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে উচ্চস্তৰীয় মন্ত্ৰীমণ্ডলৰ সৈতে থকা বৈঠকক বিয়লি ২বজালৈ পিছুৱাই দিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক