--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পাছত ভাৰতীয় উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দলসমূহ৷ সদনৰ কাৰ্যাৱলী চলি থকাৰ মাজতে আজি প্ৰধান বিৰোধী দল কংগ্ৰেছে আদানি গ্ৰুপৰ বিৰুদ্ধে যুটীয়া সংসদীয় কমিটিৰ তদন্তৰ দাবীত সংসদ ভৱনৰ বাহিৰত মানৱ শৃংখল সৃষ্টি কৰি প্ৰতিবাদমুখৰ কৰি তোলে৷

অন্যহাতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই সংবাদমাধ্যমক উদ্দেশ্যি কয় যে যুটীয়া সংসদীয় কমিটি আৰু আদানি ইচ্ছ্যু সন্দৰ্ভত বিজেপিৰ মৌনতা এটা ষড়যন্ত্ৰ৷

ইপিনে সংসদত বিজেপিৰ নেতা অনুৰাগ ঠাকুৰ আৰু স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীৰ ইংলেণ্ড ভ্ৰমণত দিয়া বিতৰ্কিত ভাষণৰ বাবে ক্ষমা বিচৰাৰ প্ৰত্যুত্তৰত কংগ্ৰেছ সাংসদ মানিকাম ঠাকুৰে টুইটাৰত "আজি দুপৰীয়া ১১বজাত সংসদত লগ পাম বুলি" প্ৰত্যুত্তৰ দিয়ে৷

শাসক-বিৰোধী দুয়োপক্ষৰ প্ৰতিবাদৰ বাবে বুধবাৰে সংসদ স্থগিতাদেশৰ পাছত ৰাজ্যসভা আৰু লোকসভা বৃহস্পতিবাৰে পুৱা ১১ বজাত কেন্দ্ৰীয় বাজেট ২০২৩ সম্পৰ্কত বিতৰ্কৰ বাবে আহ্বান জনায়। আজি সংসদত বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ চতুৰ্থ দিন। 

বুধবাৰে, লোকসভা আৰু ৰাজ্যসভাই একেৰাহে তৃতীয় দিনৰ বাবে বাধাৰ সন্মুখীন হৈছিল আৰু কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলবোৰে আদানি-হিণ্ডেনবাৰ্গ বিষয়ত যুটীয়া সংসদীয় সমিতিৰ তদন্তৰ দাবীত জোৰ দিছিল আৰু বিজেপি সদস্যসকলে লণ্ডনত কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ পৰা ক্ষমা বিচাৰিছিল।

স্মতৰ্ৱ্য যে, আজিৰ হুলস্থূলীয়া পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে উচ্চস্তৰীয় মন্ত্ৰীমণ্ডলৰ সৈতে থকা বৈঠকক বিয়লি ২বজালৈ পিছুৱাই দিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু