--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দীপাৱলীক পোহৰৰ উৎসৱ বুলি কোৱা হয়। এই দিনটোতে ধনী-দুখীয়া সকলোৱে পোহৰৰে উজ্বলাই তোলে নিজৰ ঘৰখন। দীপাৱলী উপলক্ষে বিভিন্ন পৌৰাণিক প্ৰথা আজিও প্ৰচলিত আছে। আনহাতে, দীপাৱলীৰ দিনা ফেঁচা দেখাটো শুভ বুলি গণ্য কৰাৰ বিপৰীতে ফেঁচা বলিও দিয়া হয়। ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণটো কি জানো আহক।

 কি এই পৌৰাণিক অন্ধবিশ্বাস?

ফেঁচা হৈছে দেৱী লক্ষ্মীৰ বাহন। মালক্ষ্মীক ধনৰ দেৱী বুলিও কোৱা হয়। জনবিশ্বাস অনুসৰি দীপাৱলী বা ধনতেৰছত ফেঁচা বলি দিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়। ইয়াৰ বাবে বলিদানকাৰীসকলে বজাৰৰ পৰা ক্ৰয় কৰি ৪৫দিন আগতীয়াকৈ আনি থয়। বলিদানৰ দিনা ফেঁচাক সুৰা খাবলৈ দিয়া হয়। আনহাতে বলি দিয়াৰ পাছত ইয়াৰ কাণ, চকু আৰু ডেউকাকো পূজা কৰা হয়। এই সময়ত তান্ত্ৰিকে অবিৰতভাৱে মন্ত্ৰ জপ কৰে। দীপাৱলীৰ সময়ত ফেঁচা চিকাৰীসকল অতি সক্ৰিয় হৈ থাকে আৰু অবৈধভাৱে সৰবৰাহ কৰে।

 ভাৰতৰ আইনে কি কয়?

ভাৰতীয় আইন অনুসৰি এনে অন্ধবিশ্বাসৰ প্ৰথাৰ অংশগ্ৰহণকাৰীসকলক শাস্তিৰ ব্যৱস্থা আছে। দীপাৱলী উপলক্ষে যি ব্যক্তি ফেঁচা চিকাৰ কৰি ধৰা পৰে, তেওঁলোকৰ কমেও ৩ বছৰ বা তাতোকৈ অধিক কাৰাদণ্ডৰ শাস্তি দিয়া হয়। মন কৰিবলগীয়া যে ভাৰতীয় বন্যপ্ৰাণী আইন ১৯৭২ৰ অনুসূচী-১ৰ অধীনত ফেঁচাক এক বিপন্নপ্ৰজাতি প্ৰাণী হিচাপে ঘোষণা কৰা হৈছে। এতিয়ালৈকে ভাৰতত মাত্ৰ ৩৬ প্ৰজাতিৰ ফেঁচা পোৱা যায়। ভাৰতীয় আইন অনুসৰি ফেঁচা চিকাৰ কৰা বা হত্যা কৰাটো সম্পূৰ্ণ অবৈধ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক