--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত পোহৰৰ উৎসৱ দীপাৱলীৰ যথেষ্ট তাৎপৰ্য্য আছে। এই উৎসৱ ধনতেৰছৰ দিনা আৰম্ভ হৈ ভাই ডোজৰে শেষ হয়। ধনতেৰছৰ দিনা সকলোৱে ধনৰ দেৱতা কুবেৰ আৰু দেৱী লক্ষ্মীক পূজা কৰে। এই দিনটোত দেৱতা কুবেৰ আৰু দেৱী লক্ষ্মীক পূজা কৰিলে পৰিয়াললৈ কঢ়িয়াই আনে সুখ-সমৃদ্ধিৰ লগতে আশীৰ্বাদ। এই সন্দৰ্ভত বহু লোকৰ মাজত বেলেগ বেলেগ ধৰণৰ বিশ্বাস প্ৰচলিত। এই দিনটোতে একাংশ লোকে বাচন-বৰ্তন ক্ৰয়ৰ বিপৰীতে আন একাংশই ঘৰত ৰূপৰ সামগ্ৰী অনাটো শুভ বুলি ভাবে। কিন্তু ধনতেৰছৰ দিনা ঝাড়ু ক্ৰয় কৰাটো অধিক শুভ মনা হয় কিয়? জানো আহক।

 ধনতেৰছত ঝাড়ুৰ গুৰুত্ব-

পৌৰাণিক বিশ্বাস অনুসৰি ধনতেৰছৰ দিনা ঝাড়ু কিনাটো অতি শুভ বুলি গণ্য কৰা হয়। মৎস্য পুৰাণত ঝাড়ুক দেৱী লক্ষ্মীৰ ৰূপ বুলি মনা হয়। সেয়েহে ধনতেৰছৰ দিনটোত ঝাড়ু ক্ৰয় কৰাটো সুখ-শান্তি আৰু ধন-সম্পত্তি বৃদ্ধি হৈ দৰিদ্ৰতা দূৰ কৰে বুলি বিশ্বাস কৰা হয়।

 ধনতেৰছৰ দিনা ঝাড়ু ক্ৰয়ৰ সম্পৰ্কে আন এটা বিশ্বাস হ’ল ইয়াৰ ফলত মালক্ষ্মী ঘৰৰ পৰা কেতিয়াও ওলাই নাযায়। ইয়াৰ লগতে একাংশ লোকৰ মতে এই দিনটোত ঝাড়ু ঘৰলৈ আনিলে পুৰণি ঋণৰ পৰা মুক্তি লাভ কৰে আৰু ঘৰত ধনাত্মক শক্তিৰ সঞ্চাৰ ঘটে।

 আপুনিও কিনিব পাৰে-

ধনতেৰছৰ দিনা সোণ-ৰূপৰ সামগ্ৰী ক্ৰয় কৰাটোও শুভ বুলি গণ্য কৰা হয়। এই দিনটোত বহুতে নতুন কাপোৰো, গাড়ী ক্ৰয় কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু