--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত পোহৰৰ উৎসৱ দীপাৱলীৰ যথেষ্ট তাৎপৰ্য্য আছে। এই উৎসৱ ধনতেৰছৰ দিনা আৰম্ভ হৈ ভাই ডোজৰে শেষ হয়। ধনতেৰছৰ দিনা সকলোৱে ধনৰ দেৱতা কুবেৰ আৰু দেৱী লক্ষ্মীক পূজা কৰে। এই দিনটোত দেৱতা কুবেৰ আৰু দেৱী লক্ষ্মীক পূজা কৰিলে পৰিয়াললৈ কঢ়িয়াই আনে সুখ-সমৃদ্ধিৰ লগতে আশীৰ্বাদ। এই সন্দৰ্ভত বহু লোকৰ মাজত বেলেগ বেলেগ ধৰণৰ বিশ্বাস প্ৰচলিত। এই দিনটোতে একাংশ লোকে বাচন-বৰ্তন ক্ৰয়ৰ বিপৰীতে আন একাংশই ঘৰত ৰূপৰ সামগ্ৰী অনাটো শুভ বুলি ভাবে। কিন্তু ধনতেৰছৰ দিনা ঝাড়ু ক্ৰয় কৰাটো অধিক শুভ মনা হয় কিয়? জানো আহক।

 ধনতেৰছত ঝাড়ুৰ গুৰুত্ব-

পৌৰাণিক বিশ্বাস অনুসৰি ধনতেৰছৰ দিনা ঝাড়ু কিনাটো অতি শুভ বুলি গণ্য কৰা হয়। মৎস্য পুৰাণত ঝাড়ুক দেৱী লক্ষ্মীৰ ৰূপ বুলি মনা হয়। সেয়েহে ধনতেৰছৰ দিনটোত ঝাড়ু ক্ৰয় কৰাটো সুখ-শান্তি আৰু ধন-সম্পত্তি বৃদ্ধি হৈ দৰিদ্ৰতা দূৰ কৰে বুলি বিশ্বাস কৰা হয়।

 ধনতেৰছৰ দিনা ঝাড়ু ক্ৰয়ৰ সম্পৰ্কে আন এটা বিশ্বাস হ’ল ইয়াৰ ফলত মালক্ষ্মী ঘৰৰ পৰা কেতিয়াও ওলাই নাযায়। ইয়াৰ লগতে একাংশ লোকৰ মতে এই দিনটোত ঝাড়ু ঘৰলৈ আনিলে পুৰণি ঋণৰ পৰা মুক্তি লাভ কৰে আৰু ঘৰত ধনাত্মক শক্তিৰ সঞ্চাৰ ঘটে।

 আপুনিও কিনিব পাৰে-

ধনতেৰছৰ দিনা সোণ-ৰূপৰ সামগ্ৰী ক্ৰয় কৰাটোও শুভ বুলি গণ্য কৰা হয়। এই দিনটোত বহুতে নতুন কাপোৰো, গাড়ী ক্ৰয় কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ