--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত আৰম্ভ হৈছে 5G প্ৰৱৰ্তনৰ চূড়ান্ত প্ৰক্ৰিয়া৷ ৰিলায়েন্স জিঅ’ই আগন্তুক দীপাৱলীৰ ভিতৰত বিশ্বৰ সৰ্ববৃহৎ  5G সেৱা মুকলি কৰিব বুলি আজি ঘোষণা কৰিছে মুকেশ আম্বানীয়ে৷ 

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ জিঅ’ই অহা দুমাহৰ ভিতৰত মেট্ৰ’ চহৰসমূহত গ্ৰাহকসকলৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ‘ষ্টেণ্ডএলোন’ 5G সেৱা আৰম্ভ কৰিব৷ প্ৰতিষ্ঠানটোৰ অধ্যক্ষ মুকেশ আম্বানীয়ে আজি ৰিলায়েন্সৰ ৪৫সংখ্যক এজিএম বৈঠকত এই ঘোষণা কৰে।

তেওঁ কয়, জিঅ’ 5G হ’ব বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ উন্নত 5G নেটৱ’ৰ্ক। জিঅ’ই 5Gৰ শেহতীয়া সংস্কৰণটো প্ৰয়োগ কৰিব, যাক ‘ষ্টেণ্ডএলোন 5G’ বুলি কোৱা হ’ব, যাৰ আমাৰ 4G নেটৱ’ৰ্কৰ ওপৰত নিৰ্ভৰশীলতা শূন্য৷ আম্বানীয়ে লগতে কয় যে, জিঅ’ 5G সেৱাই সকলোকে, প্ৰতিটো স্থান আৰু সকলোকে সৰ্বোচ্চ মান আৰু সামৰ্থৰ সৈতে সংযোগ কৰিব। 

চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মুখত ভাৰতক তথ্য-চালিত অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুকেশ আম্বানীয়ে ঘোষণা কৰে৷ 

ভাৰতৰ শীৰ্ষ টেলিকম প্ৰতিষ্ঠানটোৱে 5G সেৱা আৰম্ভ কৰিবলৈ ২ লাখ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে৷ ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ ভাৰত ক’ভাৰ কৰাৰ আগতে মুখ্য চহৰসমূহত 5G আৰম্ভ কৰিব বুলি তেওঁ উল্লেখ কৰে৷

এই মাহৰ আৰম্ভণিতে, জিঅ’ই ভাৰতৰ ১৯ বিলিয়ন ডলাৰৰ 5G স্পেকট্ৰাম নিলামত আটাইতকৈ বৃহৎ ব্যয়কৰ্তা হিচাপে আত্মপ্ৰকাশ কৰে আৰু ১১ বিলিয়ন ডলাৰ মূল্যৰ এয়াৰৱেভ জয় কৰে।

কেন্দ্ৰীয় চৰকাৰে অক্টোবৰৰ ভিতৰত 4Gতকৈ প্ৰায় ১০ গুণ দ্ৰুত গতিত ডাটা গতি প্ৰদান কৰিব পৰা 5G সেৱা আৰম্ভ কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু