--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সমাগত দীপাৱলী৷ আলোকসজ্জাৰে ৰঙীন হৈ পৰিছে ভাৰতবৰ্ষৰ বহু চহৰ৷ এই উৎসৱৰ প্ৰতি ভাৰতীয়সকলৰ টান কিছু সুকীয়া৷সমান্তৰালভাৱে দেৱালী বুলিলেই মনলৈ আহে অযোধ্যাৰ কথা৷ দীপাৱলীৰ উদ্ভৱ সম্পৰ্কে বহু আখ্যান আছে৷ তাৰে এক আখ্যান মতে,দীৰ্ঘকালিন বনবাসৰ অন্তত ৰাম অযোধ্যালৈ উভতি অহাৰ দিনাই দীপাৱলী পালন কৰা হয়৷ 

প্ৰায় ১৮ লক্ষাধিক মাটিৰ চাকিৰে এই বাৰ অযোধ্যা উজলি উঠিব৷এনেদৰে বৃহৎ পৰিমাণে চাকি জ্বলাই বিশ্ব অভিলেখো গঢ়িবলৈ আগবাঢ়িছে উত্তৰ প্ৰদেশ চৰাকাৰ৷  দেশৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  অযোধ্যাৰ বিখ্যাত দীপোৎসৱত অংশ গ্ৰহণ কৰি দেৱালী উৎসৱ আৰম্ভ কৰিব। আনকি নৰেন্দ্ৰ মোদীয়ে  প্ৰধানমন্ত্ৰীগৰাকীয়ে অযোধ্যাৰ লেজাৰ লাইট আৰু সংগীত অনুষ্ঠানও চাব আৰু ৰাম লাল্লা বিৰাজমানৰ দৰ্শন আৰু পূজা কৰিব। তেওঁৰ এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকিব।

দীপোৎসৱৰ অংশ হিচাপে প্ৰায় ১৮ লাখ চাকি পোহৰৰ উৎসৱ উপলক্ষে প্ৰজ্বলন কৰা হ’ব। এই পোহৰৰ নামাকৰণ ভগৱান ৰাম, নিশদৰাজ আৰু অহিলিয়াৰ পৰিয়ালৰ সদস্যসকলৰ নামেৰে ৰখা হ'ব। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন ৰাজ্যৰ বিভিন্ন নৃত্যৰ সৈতে পাঁচটা এনিমেটেড টেবলিয়াছ আৰু এঘাৰটা ৰামলীলা ট্যাবলিয়াছ প্ৰত্যক্ষ কৰিব।

দীপোৎসৱৰ অংশ হিচাপে প্ৰায় ১৮ লাখ চাকি পোহৰৰ উৎসৱ উপলক্ষে প্ৰজ্বলন কৰা হ’ব। এই পোহৰৰ নামাকৰণ ভগৱান ৰাম, নিশদৰাজ আৰু অহিলিয়াৰ পৰিয়ালৰ সদস্যসকলৰ নামেৰে ৰখা হ'ব। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন ৰাজ্যৰ বিভিন্ন নৃত্যৰ সৈতে পাঁচটা এনিমেটেড টেবলিয়াছ আৰু এঘাৰটা ৰামলীলা ট্যাবলিয়াছ প্ৰত্যক্ষ কৰিব।

 উল্লেখযোগ্য যে,প্ৰধানমন্ত্ৰী মোদীৰ অযোধ্যা ভ্ৰমণৰ সময়তে 
 এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ’ব লগীয়া গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ বিষয়টোও  উত্থাপিত হৈছে৷ 


 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু