--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে দেৱালীত আতচবাজী ফুটোৱাত থকা নিষেধাজ্ঞাৰ বিৰুদ্ধে কৰা এখন   আবেদন খাৰিজ কৰিছে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দেশত বেৰিয়াম যুক্ত সেউজীয়া ফটকা নিৰ্মাণৰ অনুমতি দিবলৈ অস্বীকাৰ কৰে। দৰাচলতে কেন্দ্ৰীয় চৰকাৰ আৰু আতচবাজী নিৰ্মাতাসকলে কম প্ৰদূষণকাৰী বুলি দাবী কৰা এই আতচবাজী বনোৱা আৰু বিক্ৰী কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে আদালতক অৱগত কৰিছিল। উচ্চতম ন্যায়ালয়ে এই বিষয়ত শুনানি গ্ৰহণৰ অন্তত আবেদনখন নাকচ কৰে।

উচ্চতম ন্যায়ালয়ে গ্ৰীণ ক্ৰেকাৰৰ  উৎপাদন নিষিদ্ধ কৰি এনে  আতচবাজী নিৰ্মাণৰ সৈতে জড়িতসকলৰ আবেদন খাৰিজ কৰে। আদালতে কয়  যে ২০১৮ চনত আৰোপ কৰা নিষেধাজ্ঞা সংশ্লিষ্ট  কৰ্তৃপক্ষৰ দ্বাৰা যথাযথভাৱে কাৰ্যকৰী কৰা হ'ব। দিল্লীৰ দৰে বহু  ৰাজ্যত য'ত আতচবাজী নিষিদ্ধ কৰা হৈছে, কোনেও সেই আদেশত হস্তক্ষেপ কৰিব নোৱাৰিব।

 ন্যায়াধীশ এ এছ বোপান্না আৰু এম এম সুন্দৰেশৰ বিচাৰপীঠে এই ৰায় দিয়ে । ন্যায়াধীশ এ এছ বোপান্নাই কয় যে আমি কেৱল শুভ দীপাৱলী বুলি শুভেচ্ছা জনায়েই উৎসৱৰ আনন্দ লোৱা উচিৎ।উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে দিল্লীত সকলো ধৰণৰ আতচবাজী নিষিদ্ধ কৰা হৈছে, সেয়া গ্ৰীণ ক্ৰেকাৰেই  হওঁক বা সাধাৰণ আতচবাজীয়েই হওঁক। উচ্চতম ন্যায়ালয়ে কয় যে আতচবাজীত বেৰিয়ামৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । ইয়াৰ উপৰি  আতচবাজীত থকা লাঠি আৰু ৰকেটৰ ওপৰতো নিষেধাজ্ঞা থাকিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা