--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচজন লোকৰ গ্ৰপেতাৰৰ পিছতে উত্তপ্ত হৈ পৰিছিল মণিপুৰ। উন্মত্ত জনতাই আনকি শনিবাৰে আৰক্ষী থানাতো আক্ৰমণৰ চেষ্টা চলাইছিল।ইয়াৰ পিছতে শুকুৰবাৰে মণিপুৰৰ এখন বিশেষ আদালতে গ্ৰেপ্তাৰ কৰা পাঁচজন গাওঁৰক্ষা বাহিনীৰ   স্বেচ্ছাসেৱকক জামিন প্ৰদান । লোক কেইজনক আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ লগত ৰখাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। আজি পাঁচো জন লোককে  কিছু চৰ্তৰ সৈতে ৫০,০০০ টকাৰ বণ্ডত জামিনত মুক্তি দিয়া হয়। 

আদালতে কয়  যে পাঁচজন অভিযুক্তই "তদন্তত সহযোগ কৰিব", তদন্তকাৰী কৰ্তৃপক্ষৰ সন্মুখত নিজকে যেতিয়াই প্ৰয়োজন হয়  উপলব্ধ কৰিব আৰু "সাক্ষীসকলক প্ৰভাৱান্বিত নকৰিব।" আদালতে যুৱকসকলক "আগতীয়া অনুমতি অবিহনে মণিপুৰ  এৰি নাযাবলৈও" নিৰ্দেশ দিয়ে।  ইপিনে লোক কেইজনৰ মুক্তিৰ দাবীত শুকুৰবাৰে  কাৰফিউ উলংঘা  কৰি শ শ মহিলা ৰাজপথলৈ ওলাই আহে। উল্লেখ্য বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা পাঁচজন যুৱকক চৰ্তহীনভাৱে মুকলি কৰি দিয়াৰ দাবীত প্ৰতিবাদী একাংশ জনতাই শনিবাৰে আৰক্ষী থানা আৰু আদালতত আক্ৰমণ  কৰাৰ চেষ্টা চলাইছিল।  

 নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা  গেছ নিক্ষেপ কৰাৰ ফলত ১২ জনৰো অধিক লোক আহত হয়। চৰকাৰে সন্ধিয়া ৫ বজাৰ পৰা ইম্ফলকে ধৰি  দুখন জিলাত শিথিল কৰা কাৰফিউ পুনৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছিল।
ছটা স্থানীয় ক্লাব আৰু মীৰা পাইবিছে পাঁচজন স্বেচ্ছাসেৱকক মুক্তিৰ দাবী জনাই ইম্ফল পূব আৰু চিংজামেই আৰক্ষী থানাত আক্ৰমণৰ চেষ্টা চলাইছিল।

১৬ ছেপ্টেম্বৰত মণিপুৰ আৰক্ষীয়ে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ লগত ৰখাৰ বাবে সেই  পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকক  ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱাৰ পিছত  আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা