--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচজন লোকৰ গ্ৰপেতাৰৰ পিছতে উত্তপ্ত হৈ পৰিছিল মণিপুৰ। উন্মত্ত জনতাই আনকি শনিবাৰে আৰক্ষী থানাতো আক্ৰমণৰ চেষ্টা চলাইছিল।ইয়াৰ পিছতে শুকুৰবাৰে মণিপুৰৰ এখন বিশেষ আদালতে গ্ৰেপ্তাৰ কৰা পাঁচজন গাওঁৰক্ষা বাহিনীৰ   স্বেচ্ছাসেৱকক জামিন প্ৰদান । লোক কেইজনক আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ লগত ৰখাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। আজি পাঁচো জন লোককে  কিছু চৰ্তৰ সৈতে ৫০,০০০ টকাৰ বণ্ডত জামিনত মুক্তি দিয়া হয়। 

আদালতে কয়  যে পাঁচজন অভিযুক্তই "তদন্তত সহযোগ কৰিব", তদন্তকাৰী কৰ্তৃপক্ষৰ সন্মুখত নিজকে যেতিয়াই প্ৰয়োজন হয়  উপলব্ধ কৰিব আৰু "সাক্ষীসকলক প্ৰভাৱান্বিত নকৰিব।" আদালতে যুৱকসকলক "আগতীয়া অনুমতি অবিহনে মণিপুৰ  এৰি নাযাবলৈও" নিৰ্দেশ দিয়ে।  ইপিনে লোক কেইজনৰ মুক্তিৰ দাবীত শুকুৰবাৰে  কাৰফিউ উলংঘা  কৰি শ শ মহিলা ৰাজপথলৈ ওলাই আহে। উল্লেখ্য বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা পাঁচজন যুৱকক চৰ্তহীনভাৱে মুকলি কৰি দিয়াৰ দাবীত প্ৰতিবাদী একাংশ জনতাই শনিবাৰে আৰক্ষী থানা আৰু আদালতত আক্ৰমণ  কৰাৰ চেষ্টা চলাইছিল।  

 নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা  গেছ নিক্ষেপ কৰাৰ ফলত ১২ জনৰো অধিক লোক আহত হয়। চৰকাৰে সন্ধিয়া ৫ বজাৰ পৰা ইম্ফলকে ধৰি  দুখন জিলাত শিথিল কৰা কাৰফিউ পুনৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছিল।
ছটা স্থানীয় ক্লাব আৰু মীৰা পাইবিছে পাঁচজন স্বেচ্ছাসেৱকক মুক্তিৰ দাবী জনাই ইম্ফল পূব আৰু চিংজামেই আৰক্ষী থানাত আক্ৰমণৰ চেষ্টা চলাইছিল।

১৬ ছেপ্টেম্বৰত মণিপুৰ আৰক্ষীয়ে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ লগত ৰখাৰ বাবে সেই  পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকক  ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱাৰ পিছত  আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল