--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত দীপাৱলী। সমগ্ৰ ভাৰততে ২৪ অক্টোবৰত পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হ'ব। জনবিশ্বাস আছে যে দীপাৱলীৰ দিনা ধনৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মী পৃথিৱীলৈ আহে আৰু মানুহৰ ঘৰত প্ৰৱেশ কৰে। লগতে এইটোও বিশ্বাস আছে যে মা লক্ষ্মী সেই ঘৰতহে প্ৰৱেশ কৰে য'ত পৰিষ্কাৰ পৰিচ্ছন্ন অটুত থাকে। সেয়েহে, দীপাৱলীৰ পূৰ্বে মানুহে তেওঁলোকৰ গোটেই ঘৰটো ভালদৰে পৰিষ্কাৰ কৰে।

জ্যোতিষ শাস্ত্ৰ অনুসৰি দীপাৱলীত ঘৰ পৰিষ্কাৰ কৰাৰ সময়ত কিছুমান বস্তু পোৱাটোৱে এক অতি শুভ লক্ষণৰ সংকেত দিয়ে। এই বস্তুবোৰে আগন্তুক দিনৰ সুখ আৰু সম্পদৰ ইংগিত দিয়ে। 

দীপাৱলীত ঘৰ পৰিষ্কাৰ কৰোতে এই ৫ টা বস্তু পালে পালে অতি শুভ হয়-

১. পৰিষ্কাৰ কৰাৰ সময়ত আপোনাৰ পুৰণি ৱালেটত যদি হঠাতে ধন পায় তেনেহ'লে ইয়াক অতি শুভ। এই ধন আপুনি মন্দিৰলৈ দান কৰক। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় বুলি বিশ্বাস আছে।

২. দীপাৱলীত পৰিষ্কাৰ কৰাৰ সময়ত ঘৰৰ যিকোনো কোণৰ পৰা মা লক্ষ্মীৰ অতি প্ৰিয় শংখ পোৱাটোও অতি শুভ বুলি গণ্য কৰা হয়। শংখ  পোৱাৰ অৰ্থ হৈছে যে আপুনি অতি শীঘ্ৰে ধন লাভ কৰিব পাৰে। 

৩. তদুপৰি দীপাৱলীত পৰিষ্কাৰ কৰাৰ সময়ত হঠাতে বাঁহী পোৱাটোও অতি ভাল বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে আপুনি ঈশ্বৰৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত আৰু সোনকালেই আপোনাৰ জীৱনত শুভ দিন আহিব পাৰে।

৪. যদি পৰিষ্কাৰ কৰাৰ সময়ত সৰু পাত্ৰত ৰখা চাউল হঠাতে পায় তেনেহ'লে ইয়াক অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়। 

৫. লগতে পৰিষ্কাৰ কৰাৰ সময়ত আপুনি যদি ৰঙা কাপোৰ পায়, তেন্তে ই অতি শুভ। ই আপোনাৰ ভাল দিনৰ আৰম্ভণি সূচায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ