--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপাৱলী হিন্দু ধৰ্মৰ এক অন্যতম উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হয়। এই বছৰো ২৪ অক্টোবৰত সমগ্ৰ দেশতে দীপাৱলী উদযাপন কৰা হ’ব। এই দীপাৱলীৰ নিশা ধন আৰু সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা কৰা হয়। লগতে মা লক্ষ্মীৰ আটাইতকৈ প্ৰিয় দক্ষিণমুখী শংখক উপাসনা কৰিলে দেৱী অতি সন্তুষ্ট হয় বুলি আমাৰ সমাজত বিশ্বাস আছে। এনে কৰিলে লক্ষ্মী দেৱী ঘৰত স্থায়ীভাৱে বাস কৰে বুলি বিশ্বাস আছে।

উল্লেখ্য যে, ভগৱান বিষ্ণু, মা লক্ষ্মী আৰু দেৱী দুৰ্গাৰ হাতত সজ্জিত শংখটোক দক্ষিণমুখী শংখ বুলি কোৱা হয়। যি শংখৰ মুখ দক্ষিণ অংশৰ ফালে খোলে, সেই শংখটোক দক্ষিণমুখী শংখ বুলি কোৱা হয়। মা লক্ষ্মী আৰু দক্ষিণমুখী শংখ সাগৰৰ পৰা উদ্ভৱ হৈছে। জনশ্ৰুতি অনুসৰি, সমুদ্ৰ মন্থনৰ পৰা লাভ কৰা ১৪ টা ৰত্নৰ ভিতৰত এটা হৈছে দক্ষিণমুখী শংখ। এই দক্ষিণমুখী শংখটোক মা লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। দেৱালীত এই শংখটো ঘৰলৈ আনিলে অতি শুভ হয় আমাৰ সমাজত বিশ্বাস আছে। জনবিশ্বাস মতে শংখটো সিদ্ধ মন্ত্ৰেৰে স্থাপন কৰিলে কেতিয়াও ধনৰ অভাৱ নহয়।

 দক্ষিণমুখী শংখক কেনেকৈ উপাসনা কৰিব-

দীপাৱলীৰ নিশা মা লক্ষ্মীৰ উপাসনাৰ সময়ত দক্ষিণমুখী শংখত গংগা পানী ভৰ্তিকৈ ভৰাই উপাসনা পদত ৰাখক। তাৰ পিছত ১০৮ বাৰ 'ওম শ্ৰী লক্ষ্মী শোদাৰাই নমহ' উচ্চাৰণ কৰক। ইয়াৰ পিছত লক্ষ্মী দেৱীক পূজা কৰাৰ পিছত দক্ষিণমুখী শংখটো ৰঙা কাপোৰেৰে মেৰিয়াই এক পবিত্ৰ স্থানত ৰাখক য'ত কোনেও দেখা নাপায়। এনে কৰিলে আপোনাৰ ধন সম্পৰ্কীয় সকলো সমস্যা আঁতৰ হ'ব আৰু অপৰিসীম সম্পদ লাভ কৰিব।

দক্ষিণমুখী শংখক ঘৰত ৰাখিলে কি লাভ হয়-

ঘৰত দক্ষিণমুখী শংখ থাকিলে মা লক্ষ্মীৰ ইতিবাচক শক্তি বৃদ্ধি হয়। লগতে ঘৰৰ সুখ-সমৃদ্ধি বৃদ্ধি কৰে।

দক্ষিণমুখী শংখ ঘৰত ৰাখিলে শত্ৰু বশ হয় আৰু কেতিয়াও ক্ষতি নকৰে।

দক্ষিণমুখী শংখই চুৰি, দুৰ্ঘটনা আদিতো সুৰক্ষা দিয়ে। লগতে, নেতিবাচক শক্তিক ঘৰত প্ৰৱেশ কৰাত বাধা দিয়ে। তদুপৰি ঘৰুৱা সমস্যা, গুৰুতৰ ৰোগ, অৰ্থনৈতিক সংকটৰ পৰাও পৰিত্ৰাণ পায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ