--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিত্য নতুন চেলেঞ্জ লৈ ভালপায় বলীউড অভিনেত্ৰী দীপিকা পাডুকোনে। অনায়াসে সকলো প্ৰত্যাহ্বানৰে মোকাবিলা কৰিব পাৰে দীপিকাই। শকুন বাত্ৰা পৰিচালিত 'গেহৰাইয়া'ত বলীউড অভিনেত্ৰী গৰাকীক দেখা পোৱা গ’ল অনন্য ৰূপত। ছবিখনৰ নায়কৰ চৰিত্ৰত অভিনয় কৰা সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে দীপিকাৰ চুম্বন দৃশ্যই এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে। ত্ৰিকোণীয় প্ৰেমৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনত আলিশাৰ চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে আৰু জিয়ানৰ চৰিত্ৰত অভিনয় কৰিছে সিদ্ধান্ত চতুৰ্বেদীয়ে। এমাজ’ন প্ৰাইমত দীপিকা পাডুকন, সিদ্ধান্ত চতুৰ্বেদী, অনন্যা পাণ্ডে আৰু ধৈৰ্য্য কৰৱা অভিনীত 'গেহৰাইয়া' ছবিখনে মুক্তিলাভ কৰাৰ পাছতে বহুলভাৱে চৰ্চিত হৈ পৰিছে। ছবিখন চোৱাৰ পাছত দৰ্শকৰ মাজত নানা প্ৰশ্নই অগাদেৱা কৰা দেখিবলৈ পোৱা গৈছে। একঘেমীয়া একেটা কাহিনীকে আধুনিক ৰহন সানি পৰিচালকে কাহিনীটো অ'টিটি প্লেটফৰ্মৰ যোগ্য কৰি তুলিছে বুলি শ্ৰোতা-দৰ্শকে মন্তব্য কৰিছে। দীপিকা-সিদ্ধান্তৰ চুম্বন দৃশ্যৰ বাহিৰে কৰণ জোহৰ প্ৰযোজিত ছবিখনৰ পৰা শিকিবলৈ বা পাবলৈ একোকে নাই বুলিও মন্তব্য কৰিছে অনুৰাগীয়ে। ছবিখনৰ কাহিনী দুৰ্বল আৰু অৰ্থহীন বুলিও সামজিক মাধ্যমত তীব্ৰ সমালোচনা অনুৰাগীৰ। হলিউড ছবি 'দ্য এফেয়াৰ'ৰ সৈতেও 'গেহৰাইয়া' ছবিখনৰ যথেষ্ট সাদৃশ্য বিচাৰি পাইছে দৰ্শকে। সম্পৰ্কৰ জটিলতাৰ দৰে বিষয় বস্তুৰে নিৰ্মিত এই ছবিখন সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মতামত প্ৰদান কৰিছে। সমালোচনাৰ সমান্তৰালকৈ প্ৰশংসাও পাইছে ছবিখনে। দীপিকা অনুৰাগীয়ে কয়, ‘ আলিশাৰ চৰিত্ৰত অভিনয় কৰি এতিয়া নিজেই নিজৰ প্ৰতিযোগী দীপিকা পাডুকোন। কেবল দীপিকাৰ অভিনয়ৰ বাবেই ৫ নম্বৰ লাভ কৰিব 'গেহৰাইয়া' ছবিখনে। ৪তাৰকাৰ উপৰি দীপিকাৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰা নাছিৰুদ্দিন শ্বাহৰ উপস্থিতিয়ে শকুনৰ ছবিখনক আৰু অলপ উৎসাহিত কৰি তুলিছে।’ দীৰ্ঘ বিৰতিৰ অন্তত দীপিকাৰ পৰা ভাল ছবিৰ আশা কৰিছিল অনুৰাগীয়ে। অনুৰাগীৰ মুখত হতাশাৰ চিনেই স্পষ্টকৈ ধৰা দিছে। দীপিকাৰ এই আৱেদনময়ী আলিংগন তথা চুম্বনে সাংসাৰিক জীৱনত প্ৰভাৱ পেলাব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু