--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিত্য নতুন চেলেঞ্জ লৈ ভালপায় বলীউড অভিনেত্ৰী দীপিকা পাডুকোনে। অনায়াসে সকলো প্ৰত্যাহ্বানৰে মোকাবিলা কৰিব পাৰে দীপিকাই। শকুন বাত্ৰা পৰিচালিত 'গেহৰাইয়া'ত বলীউড অভিনেত্ৰী গৰাকীক দেখা পোৱা গ’ল অনন্য ৰূপত। ছবিখনৰ নায়কৰ চৰিত্ৰত অভিনয় কৰা সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে দীপিকাৰ চুম্বন দৃশ্যই এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে। ত্ৰিকোণীয় প্ৰেমৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনত আলিশাৰ চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে আৰু জিয়ানৰ চৰিত্ৰত অভিনয় কৰিছে সিদ্ধান্ত চতুৰ্বেদীয়ে। এমাজ’ন প্ৰাইমত দীপিকা পাডুকন, সিদ্ধান্ত চতুৰ্বেদী, অনন্যা পাণ্ডে আৰু ধৈৰ্য্য কৰৱা অভিনীত 'গেহৰাইয়া' ছবিখনে মুক্তিলাভ কৰাৰ পাছতে বহুলভাৱে চৰ্চিত হৈ পৰিছে। ছবিখন চোৱাৰ পাছত দৰ্শকৰ মাজত নানা প্ৰশ্নই অগাদেৱা কৰা দেখিবলৈ পোৱা গৈছে। একঘেমীয়া একেটা কাহিনীকে আধুনিক ৰহন সানি পৰিচালকে কাহিনীটো অ'টিটি প্লেটফৰ্মৰ যোগ্য কৰি তুলিছে বুলি শ্ৰোতা-দৰ্শকে মন্তব্য কৰিছে। দীপিকা-সিদ্ধান্তৰ চুম্বন দৃশ্যৰ বাহিৰে কৰণ জোহৰ প্ৰযোজিত ছবিখনৰ পৰা শিকিবলৈ বা পাবলৈ একোকে নাই বুলিও মন্তব্য কৰিছে অনুৰাগীয়ে। ছবিখনৰ কাহিনী দুৰ্বল আৰু অৰ্থহীন বুলিও সামজিক মাধ্যমত তীব্ৰ সমালোচনা অনুৰাগীৰ। হলিউড ছবি 'দ্য এফেয়াৰ'ৰ সৈতেও 'গেহৰাইয়া' ছবিখনৰ যথেষ্ট সাদৃশ্য বিচাৰি পাইছে দৰ্শকে। সম্পৰ্কৰ জটিলতাৰ দৰে বিষয় বস্তুৰে নিৰ্মিত এই ছবিখন সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মতামত প্ৰদান কৰিছে। সমালোচনাৰ সমান্তৰালকৈ প্ৰশংসাও পাইছে ছবিখনে। দীপিকা অনুৰাগীয়ে কয়, ‘ আলিশাৰ চৰিত্ৰত অভিনয় কৰি এতিয়া নিজেই নিজৰ প্ৰতিযোগী দীপিকা পাডুকোন। কেবল দীপিকাৰ অভিনয়ৰ বাবেই ৫ নম্বৰ লাভ কৰিব 'গেহৰাইয়া' ছবিখনে। ৪তাৰকাৰ উপৰি দীপিকাৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰা নাছিৰুদ্দিন শ্বাহৰ উপস্থিতিয়ে শকুনৰ ছবিখনক আৰু অলপ উৎসাহিত কৰি তুলিছে।’ দীৰ্ঘ বিৰতিৰ অন্তত দীপিকাৰ পৰা ভাল ছবিৰ আশা কৰিছিল অনুৰাগীয়ে। অনুৰাগীৰ মুখত হতাশাৰ চিনেই স্পষ্টকৈ ধৰা দিছে। দীপিকাৰ এই আৱেদনময়ী আলিংগন তথা চুম্বনে সাংসাৰিক জীৱনত প্ৰভাৱ পেলাব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ