--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ভিতৰে বাহিৰে এতিয়া কেৱল 'গেহৰাইয়া'ৰ গভীৰতাৰে কথা। পিছে এই গভীৰতা শিপাইছে নেতিবাচক ৰূপত। দীপিকা পাডুকন আৰু সিদ্ধান্তৰ অন্তৰংগ মুহূৰ্তৰ আৱেদনময়ী দৃশ্যবোৰে ইতিমধ্যে বিভিন্ন মহলত চৰ্চা লাভ কৰিছে। পৰকীয়া প্ৰেমৰ দৰে বিষয়ক লৈ ছবি নিৰ্মাণ কৰিবলৈ লোৱা বাবে সংবাদমেলত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছিল দীপিকা পাডুকন। সামাজিক মাধ্যমতো তিক্ত সমালোচনাৰ মুখামুখী হ’বলগীয়া হৈছিল দীপিকাই। হাত সাবটি বহি থকা নাই বলীউড। এইবাৰ অভিনেতা আৰু চলচ্চিত্ৰ সমালোচক কামাল ৰছিদ খান ওৰফে কেআৰকেও উঠিছে গৰজি। 'গেহৰাইয়া' ছবিখনক তিক্ত ভাষাৰে আক্ৰমণ লক্ষ্য কৰি লৈছে স্বঘোষিত সমালোচক গৰাকীয়ে। স্মৰ্তব্য যে, শুকুৰবাৰে অ’টিটি প্লেটফ’ৰ্মত মুক্তি পাইছে ছবিখনে। ছবিখনৰ পৰিচালনা শকুন বাত্ৰাৰ, প্ৰযোজক কৰণ জোহৰৰ। বিভিন্ন মহলত ছবিখনক লৈ নানা ক্ৰিয়া-প্ৰতিক্ৰিয়া চলি থকা সময়তে ‘গেহৰাইয়া’ ছবিখনক লৈ তীৰ্যক মন্তব্য কৰিছে কেআৰকে। চলচ্চিত্ৰ সমালোচক গৰাকীৰ মুকলি মন্তব্য, ‘মই ‘গেহৰাইয়া’ নামৰ এখন যৌনগন্ধী ছবি চালো।ছবিখনত যৌনতাৰ দেৱতা কৰণ জোহৰ আৰু যৌনতাৰ ৰাণী দীপিকা পাডুকন।’ কেৱল সেয়াই নহয়, ছবিখনত ইংৰাজী সংলাপৰ ব্যৱহাৰক লৈয়ো সমালোচনাত মুখৰ হৈ পৰে কেআৰকে। 'গেহৰাইয়া' ছবিখনক দীপিকা পাডুকনৰ জীৱনীমূলক ছবি বুলিও উল্লেখ কৰিছে। তেওঁ লগতে কয়, ‘দীপিকা পাডুকনৰ সকোলোতকৈ প্ৰিয় হৈছে টকা আৰু লোভ।’ ইফালে, সিদ্ধান্ত আৰু দীপিকাৰ অন্তৰংগ দৃশ্যবোৰৰ ওপৰত সমালোচনা কৰি কেআৰকে-ই কয়, ‘সিদ্ধান্ত-দীপিকাৰ কোনেও বিবাহিত নহয়? গতিকে, তেওঁলোকে বিনামূল্যেই যৌন সম্ভোগ কৰিছে। কৰণ ভাই, ভাৰতত এনেকুৱা নহয়। আপুনি সমাজখন কিয় ধ্বংস কৰিছে?’ স্বাভাৱিকতে, ‘গেহৰাইয়া’ৰ দৃশ্যপটবোৰে প্ৰত্যাশা অনুসৰি অনুৰাগীৰ মনতো সাঁচ বহুৱাব পৰা নাই। দীপিকাৰ দৰে এগৰাকী নায়িকাৰ পৰা এনে ধৰণৰ ছবি আশা নকৰা বুলিও সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। আনহাতে, গতানুগতিক কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনত আধুনিকতাৰ ৰহন সানি কৰণ জোহৰে হিতে বিপৰীত কৰা বুলিও সমালোচনা অনুৰাগীৰ। কেৱল সেয়াই নহয় হলীউড ছবি ‘দ্য এফেয়াৰ’ৰ সৈতেও ‘গেহৰাইয়া’ৰ যথেষ্ট সাদৃশ্য আছে বুলি হৈছে চৰ্চা। অৱশ্যে, এই প্ৰসংগত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে দীপিকা পাডুকন কিম্বা কৰণ জোহৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ