--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ভিতৰে বাহিৰে এতিয়া কেৱল 'গেহৰাইয়া'ৰ গভীৰতাৰে কথা। পিছে এই গভীৰতা শিপাইছে নেতিবাচক ৰূপত। দীপিকা পাডুকন আৰু সিদ্ধান্তৰ অন্তৰংগ মুহূৰ্তৰ আৱেদনময়ী দৃশ্যবোৰে ইতিমধ্যে বিভিন্ন মহলত চৰ্চা লাভ কৰিছে। পৰকীয়া প্ৰেমৰ দৰে বিষয়ক লৈ ছবি নিৰ্মাণ কৰিবলৈ লোৱা বাবে সংবাদমেলত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছিল দীপিকা পাডুকন। সামাজিক মাধ্যমতো তিক্ত সমালোচনাৰ মুখামুখী হ’বলগীয়া হৈছিল দীপিকাই। হাত সাবটি বহি থকা নাই বলীউড। এইবাৰ অভিনেতা আৰু চলচ্চিত্ৰ সমালোচক কামাল ৰছিদ খান ওৰফে কেআৰকেও উঠিছে গৰজি। 'গেহৰাইয়া' ছবিখনক তিক্ত ভাষাৰে আক্ৰমণ লক্ষ্য কৰি লৈছে স্বঘোষিত সমালোচক গৰাকীয়ে। স্মৰ্তব্য যে, শুকুৰবাৰে অ’টিটি প্লেটফ’ৰ্মত মুক্তি পাইছে ছবিখনে। ছবিখনৰ পৰিচালনা শকুন বাত্ৰাৰ, প্ৰযোজক কৰণ জোহৰৰ। বিভিন্ন মহলত ছবিখনক লৈ নানা ক্ৰিয়া-প্ৰতিক্ৰিয়া চলি থকা সময়তে ‘গেহৰাইয়া’ ছবিখনক লৈ তীৰ্যক মন্তব্য কৰিছে কেআৰকে। চলচ্চিত্ৰ সমালোচক গৰাকীৰ মুকলি মন্তব্য, ‘মই ‘গেহৰাইয়া’ নামৰ এখন যৌনগন্ধী ছবি চালো।ছবিখনত যৌনতাৰ দেৱতা কৰণ জোহৰ আৰু যৌনতাৰ ৰাণী দীপিকা পাডুকন।’ কেৱল সেয়াই নহয়, ছবিখনত ইংৰাজী সংলাপৰ ব্যৱহাৰক লৈয়ো সমালোচনাত মুখৰ হৈ পৰে কেআৰকে। 'গেহৰাইয়া' ছবিখনক দীপিকা পাডুকনৰ জীৱনীমূলক ছবি বুলিও উল্লেখ কৰিছে। তেওঁ লগতে কয়, ‘দীপিকা পাডুকনৰ সকোলোতকৈ প্ৰিয় হৈছে টকা আৰু লোভ।’ ইফালে, সিদ্ধান্ত আৰু দীপিকাৰ অন্তৰংগ দৃশ্যবোৰৰ ওপৰত সমালোচনা কৰি কেআৰকে-ই কয়, ‘সিদ্ধান্ত-দীপিকাৰ কোনেও বিবাহিত নহয়? গতিকে, তেওঁলোকে বিনামূল্যেই যৌন সম্ভোগ কৰিছে। কৰণ ভাই, ভাৰতত এনেকুৱা নহয়। আপুনি সমাজখন কিয় ধ্বংস কৰিছে?’ স্বাভাৱিকতে, ‘গেহৰাইয়া’ৰ দৃশ্যপটবোৰে প্ৰত্যাশা অনুসৰি অনুৰাগীৰ মনতো সাঁচ বহুৱাব পৰা নাই। দীপিকাৰ দৰে এগৰাকী নায়িকাৰ পৰা এনে ধৰণৰ ছবি আশা নকৰা বুলিও সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। আনহাতে, গতানুগতিক কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনত আধুনিকতাৰ ৰহন সানি কৰণ জোহৰে হিতে বিপৰীত কৰা বুলিও সমালোচনা অনুৰাগীৰ। কেৱল সেয়াই নহয় হলীউড ছবি ‘দ্য এফেয়াৰ’ৰ সৈতেও ‘গেহৰাইয়া’ৰ যথেষ্ট সাদৃশ্য আছে বুলি হৈছে চৰ্চা। অৱশ্যে, এই প্ৰসংগত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে দীপিকা পাডুকন কিম্বা কৰণ জোহৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু