--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগ বছ-১৫ৰ বিজয়ী তেজস্বী প্ৰকাশক লৈ তেওঁৰ প্ৰেমিকে দিছে অভিযোগ৷ প্ৰেমিক কৰণ কুন্দ্ৰাই তেজস্বী প্ৰকাশৰ কেৰিয়াৰ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে৷ তেজস্বী প্ৰকাশে বিগ বছ ১৫ খিতাপ জয় কৰাৰ পাছত আটাইতকৈ জনপ্ৰিয় টেলিভিছন শিল্পীসকলৰ মাজৰ এজন হৈ পৰিছে। তেওঁ কেৱল মনোৰঞ্জনৰ বাবেই নহয়, সহ-প্ৰতিযোগী কৰণ কুন্দ্ৰাৰ সৈতে তেওঁৰ ৰোমান্টিক সম্পৰ্কৰ বাবেও ৰিয়েলিটী শ্ব’ত যথেষ্ট সমৰ্থন লাভ কৰিছিল। শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেজস্বীয়ে কয় যে কেনেদৰে কৰণে প্ৰায়ে বিগ বছৰ ঘৰত একেলগে থকা সময়ত তেওঁৰ ভাবমূৰ্তি আৰু কেৰিয়াৰ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ উপৰি তেজস্বীয়ে একতা কাপুৰৰ সহযোগত নিৰ্মিত হোৱা তেওঁৰ আহিবলগীয়া ধাৰাবাহিক নাগিন ৬-ৰ বাবে চৰ্চাত আহে৷ এইবৰ্ষৰে ১২ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব৷ আনহাতে, শেহতীয়া বাৰ্তালাপত তেজস্বী প্ৰকাশে প্ৰেমিক কৰণ কুন্দ্ৰাৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু একেলগে সময়ৰ বিষয়ে কিছু কথা প্ৰকাশ কৰিছিল। কৰণে কেতিয়াও তেওঁৰ সংগীৰ বাবে 'বেবী'ৰ দৰে মিঠা শব্দ ব্যৱহাৰ কৰা নাছিল, তেজাৰ সৈতে সম্পৰ্কলৈ অহাৰ পাছৰে পৰা সেইটো সলনি হৈছে। তেজাই কয়, 'কৰণে প্ৰায়ে মোক কয় যে তেওঁ নিজেও আচৰিত হয়৷ কিয়নো তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ কেতিয়াও কোনো সম্পৰ্কত 'বেবী' বুলি মাতিব৷ বিগ বছ ১৫ ৰ পাছত কৰণ কুন্দ্ৰাই কেনেদৰে তেওঁৰ ভাবমূৰ্তি প্ৰভাৱিত হৈছে বুলি অনুভৱ কৰে সেই বিষয়ে বৰ্ণনা কৰি তেজস্বী প্ৰকাশে কয়, “কৰণে মোক কয়, ‘মোৰ ছবি বহুত বেয়া হৈ গ’ল৷ মই খঙাল স্বভাৱৰ আছিলো, তুমি মোৰ কেৰিয়াৰ নষ্ট কৰি দিলা, এতিয়া মোক সকলোৱে ছানী মাতে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ