--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগ বছ-১৫ৰ বিজয়ী তেজস্বী প্ৰকাশক লৈ তেওঁৰ প্ৰেমিকে দিছে অভিযোগ৷ প্ৰেমিক কৰণ কুন্দ্ৰাই তেজস্বী প্ৰকাশৰ কেৰিয়াৰ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে৷ তেজস্বী প্ৰকাশে বিগ বছ ১৫ খিতাপ জয় কৰাৰ পাছত আটাইতকৈ জনপ্ৰিয় টেলিভিছন শিল্পীসকলৰ মাজৰ এজন হৈ পৰিছে। তেওঁ কেৱল মনোৰঞ্জনৰ বাবেই নহয়, সহ-প্ৰতিযোগী কৰণ কুন্দ্ৰাৰ সৈতে তেওঁৰ ৰোমান্টিক সম্পৰ্কৰ বাবেও ৰিয়েলিটী শ্ব’ত যথেষ্ট সমৰ্থন লাভ কৰিছিল। শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেজস্বীয়ে কয় যে কেনেদৰে কৰণে প্ৰায়ে বিগ বছৰ ঘৰত একেলগে থকা সময়ত তেওঁৰ ভাবমূৰ্তি আৰু কেৰিয়াৰ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ উপৰি তেজস্বীয়ে একতা কাপুৰৰ সহযোগত নিৰ্মিত হোৱা তেওঁৰ আহিবলগীয়া ধাৰাবাহিক নাগিন ৬-ৰ বাবে চৰ্চাত আহে৷ এইবৰ্ষৰে ১২ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব৷ আনহাতে, শেহতীয়া বাৰ্তালাপত তেজস্বী প্ৰকাশে প্ৰেমিক কৰণ কুন্দ্ৰাৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু একেলগে সময়ৰ বিষয়ে কিছু কথা প্ৰকাশ কৰিছিল। কৰণে কেতিয়াও তেওঁৰ সংগীৰ বাবে 'বেবী'ৰ দৰে মিঠা শব্দ ব্যৱহাৰ কৰা নাছিল, তেজাৰ সৈতে সম্পৰ্কলৈ অহাৰ পাছৰে পৰা সেইটো সলনি হৈছে। তেজাই কয়, 'কৰণে প্ৰায়ে মোক কয় যে তেওঁ নিজেও আচৰিত হয়৷ কিয়নো তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ কেতিয়াও কোনো সম্পৰ্কত 'বেবী' বুলি মাতিব৷ বিগ বছ ১৫ ৰ পাছত কৰণ কুন্দ্ৰাই কেনেদৰে তেওঁৰ ভাবমূৰ্তি প্ৰভাৱিত হৈছে বুলি অনুভৱ কৰে সেই বিষয়ে বৰ্ণনা কৰি তেজস্বী প্ৰকাশে কয়, “কৰণে মোক কয়, ‘মোৰ ছবি বহুত বেয়া হৈ গ’ল৷ মই খঙাল স্বভাৱৰ আছিলো, তুমি মোৰ কেৰিয়াৰ নষ্ট কৰি দিলা, এতিয়া মোক সকলোৱে ছানী মাতে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু