--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদীপিকাৰ গেৰুৱা বিকিনিয়ে এতিয়া দেশ গৰম কৰি ৰাখিছে৷   হিন্দুত্ববাদী নেতাসকলৰ এটা অংশই দিপীকাৰ কাপোৰৰ ৰঙকলৈ তীব্ৰ বিৰোধিতা কৰিছে৷এইবাৰ অভিনেতা মুকেশ খান্নাই পাঠান চলচ্চিত্ৰখনৰ 'বেচৰাম ৰং' সম্পৰ্কে মুখ খুলিছে।

'পাঠান' ছবিৰ  'বেচৰাম ৰং' বোলছবিখনৰ প্ৰথমটো গান এই সপ্তাহতে মুক্তি দিয়া হৈছে। অভিনেত্ৰী দীপিকা পাডুকনৰ শৰীৰ গানৰ দৃশ্যত দৃষ্টিকটু ভাবে প্ৰদৰ্শন কৰা হৈছে৷ গীতটোত  শ্বাহৰুখ খানৰ সৈতে তেওঁৰ অবিশ্বাস্য ৰসায়ন সৃষ্টি কৰা হৈছে।গীতটোৱে সমগ্ৰ দেশতে ঘৃণা, বিতৰ্কৰ পৰিৱেশৰ সৃষ্টি কৰিছে ।  হিন্দুত্ববাদী নেতাসকলে  দাবী কৰিছে যে ছবিখনৰ আপত্তিজনক দৃশ্যবোৰ বাদ দিব লাগে। অন্যথা ছবি খন চলোৱা ছবিগৃহ  জ্বলাই দিয়াৰো ভাবুকি দিয়া হৈছে৷  


বিভিন্ন হিন্দু সংগঠন, বিশ্ব হিন্দু পৰিষদ, আৰ এছ এছ, মধ্য প্ৰদেশৰ গৃহ বিভাগ আৰু মুছলমান সংগঠন উলেমা বোৰ্ডে ছবি খনৰ বিৰুদ্ধে তীব্ৰ  আপত্তি জনাইছে। এইবাৰ, অভিনেতা মুকেশ খান্নায়ো  এখোজ আগুৱাই গৈ ছবিখনৰ গানটোক অশ্লীল বুলি অভিহিত কৰিছে।

সৰু পৰ্দাৰ 'শক্তিমান'-এ চিবিএফচিৰ প্ৰতিও সন্দেহৰ তৰ্জনী টোৱাইছে৷  এই চলচ্চিত্ৰখনত গানৰ দৃশ্যটো অশ্লীল হোৱা স্বত্বেও, ই কেনেকৈ অনুমোদিত হ'ল! তেওঁ কয়"এয়া কোনো ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ বিষয়ে নহয়। বৰঞ্চ, ই অশ্লীল। এইখন স্পেইন, চুইডেনৰ দৰে দেশ নহয়, যিয়ে সকলো বোৰ কথাই মানি ল’ব । আজি  চুটি পোছাক পিন্ধি দিপীকাই নাচিছে, ইয়াৰ পিছত হয়তো কাপোৰ অবিহনেই মুকলিকৈ ওলাই আহিব!" 

এই গানটোৱে যুৱ সম্প্ৰদায়ক বিচলিত কৰিব পাৰে বুলিও অভিনেতাগৰাকীয়ে কয়। তেওঁ কয় যে চেন্সৰ বোৰ্ডৰ কাম হৈছে কোনো চলচ্চিত্ৰই কাৰো অনুভূতি আৰু বিশ্বাসক আঘাত নকৰাটো নিশ্চিত কৰা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক