--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদীপিকাৰ গেৰুৱা বিকিনিয়ে এতিয়া দেশ গৰম কৰি ৰাখিছে৷   হিন্দুত্ববাদী নেতাসকলৰ এটা অংশই দিপীকাৰ কাপোৰৰ ৰঙকলৈ তীব্ৰ বিৰোধিতা কৰিছে৷এইবাৰ অভিনেতা মুকেশ খান্নাই পাঠান চলচ্চিত্ৰখনৰ 'বেচৰাম ৰং' সম্পৰ্কে মুখ খুলিছে।

'পাঠান' ছবিৰ  'বেচৰাম ৰং' বোলছবিখনৰ প্ৰথমটো গান এই সপ্তাহতে মুক্তি দিয়া হৈছে। অভিনেত্ৰী দীপিকা পাডুকনৰ শৰীৰ গানৰ দৃশ্যত দৃষ্টিকটু ভাবে প্ৰদৰ্শন কৰা হৈছে৷ গীতটোত  শ্বাহৰুখ খানৰ সৈতে তেওঁৰ অবিশ্বাস্য ৰসায়ন সৃষ্টি কৰা হৈছে।গীতটোৱে সমগ্ৰ দেশতে ঘৃণা, বিতৰ্কৰ পৰিৱেশৰ সৃষ্টি কৰিছে ।  হিন্দুত্ববাদী নেতাসকলে  দাবী কৰিছে যে ছবিখনৰ আপত্তিজনক দৃশ্যবোৰ বাদ দিব লাগে। অন্যথা ছবি খন চলোৱা ছবিগৃহ  জ্বলাই দিয়াৰো ভাবুকি দিয়া হৈছে৷  


বিভিন্ন হিন্দু সংগঠন, বিশ্ব হিন্দু পৰিষদ, আৰ এছ এছ, মধ্য প্ৰদেশৰ গৃহ বিভাগ আৰু মুছলমান সংগঠন উলেমা বোৰ্ডে ছবি খনৰ বিৰুদ্ধে তীব্ৰ  আপত্তি জনাইছে। এইবাৰ, অভিনেতা মুকেশ খান্নায়ো  এখোজ আগুৱাই গৈ ছবিখনৰ গানটোক অশ্লীল বুলি অভিহিত কৰিছে।

সৰু পৰ্দাৰ 'শক্তিমান'-এ চিবিএফচিৰ প্ৰতিও সন্দেহৰ তৰ্জনী টোৱাইছে৷  এই চলচ্চিত্ৰখনত গানৰ দৃশ্যটো অশ্লীল হোৱা স্বত্বেও, ই কেনেকৈ অনুমোদিত হ'ল! তেওঁ কয়"এয়া কোনো ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ বিষয়ে নহয়। বৰঞ্চ, ই অশ্লীল। এইখন স্পেইন, চুইডেনৰ দৰে দেশ নহয়, যিয়ে সকলো বোৰ কথাই মানি ল’ব । আজি  চুটি পোছাক পিন্ধি দিপীকাই নাচিছে, ইয়াৰ পিছত হয়তো কাপোৰ অবিহনেই মুকলিকৈ ওলাই আহিব!" 

এই গানটোৱে যুৱ সম্প্ৰদায়ক বিচলিত কৰিব পাৰে বুলিও অভিনেতাগৰাকীয়ে কয়। তেওঁ কয় যে চেন্সৰ বোৰ্ডৰ কাম হৈছে কোনো চলচ্চিত্ৰই কাৰো অনুভূতি আৰু বিশ্বাসক আঘাত নকৰাটো নিশ্চিত কৰা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু