--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইৰণ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ খনিজ যিয়ে আমাক পুষ্টি দিয়াই নহয় বহু ৰোগৰ পৰাও ৰক্ষা কৰে। আইৰণ অবিহনে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে, গতিকে এই পুষ্টিকৰ উপাদানৰ অভাৱত হিম'গ্লবিন কমিবলৈ আৰম্ভ কৰে। গতিকে আপুনি দৈনন্দিন খাদ্যত নেমু, পালেং শাক, চালগোম, পিষ্টা, কিচমিচ, মধুৰী, কল আৰু ডিমৰু, কাচকল, কলডিল দৰে বস্তু খাব পাৰে। আইৰণৰ অভাৱত আমি কি কি অসুবিধাৰ সন্মুখীন হওঁ জানো আহক।

আইৰণৰ অভাৱ হ’লে হোৱা সমস্যা

১) ৰক্তহীনতাঃ আইৰণৰ অভাৱৰ বাবে আমি ৰক্তহীনতাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰো। এই ৰোগত তেজৰ অভাৱ হয়, বিশেষকৈ মহিলাৰ এই সমস্যাটো বেছিকৈ হয়। সেইবাবেই প্ৰতিদিনে কিবা এনেকুৱা বস্তু খাব লাগে য'ত বহুত আইৰণ থাকে।

২) দুৰ্বলতাঃ শৰীৰত আইৰণৰ অভাৱ হ’লে ই প্ৰয়োজনীয় পৰিমাণৰ হিম’গ্লবিন তৈয়াৰ নকৰে, যাৰ বাবে সম্পূৰ্ণ টোপনি অহাৰ পিছতো গোটেই দিনটো দুৰ্বল আৰু ভাগৰুৱা অনুভৱ হয়। ইয়াৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজতো অসুবিধাৰ সন্মুখীন হয়।

৩) হৃদৰোগঃ হৃদৰোগীয়ে স্বাস্থ্যক সদায় অগ্ৰাধিকাৰ দিয়া উচিত কাৰণ ভাৰতত হৃদৰোগীৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। শৰীৰত আইৰণৰ অভাৱৰ বাবে হিম’গ্লবিনৰ অভাৱ হয়। ইয়াৰ কাৰণে শৰীৰৰ বহু অংশত অক্সিজেন সঠিক পৰিমাণত উপনীত নহয়, যাৰ বাবে হৃদযন্ত্ৰৰ কাম বাঢ়ি যায় আৰু হৃদৰোগৰ আশংকাও উদ্ভৱ হয়।

৪) চুলি আৰু ছালৰ ৰোগঃ আমাৰ শৰীৰৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবেও আইৰণে কাম কৰে। যদি এই পুষ্টিকৰ উপাদানৰ অভাৱ হয়, তেন্তে ছাল আৰু চুলিৰ সমস্যা আৰম্ভ হয়। যেনে ছালত শুকান হোৱা, দাগ পৰা, ছালৰ ৰং কমি যোৱা বা নিৰ্জীৱ হোৱা। ইয়াৰ উপৰিও চুলি সৰা আৰু উফিৰ সমস্যাও দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক