--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশুদ্ধ আৰু পৰিষ্কাৰ  গুড় আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ গুড়ে বায়ুমণ্ডলৰ পৰা আমাৰ নাক আৰু মুখেৰে প্ৰৱেশ কৰা ধূলিকণা আদি পুনৰ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে৷ মূৰৰ বিষৰ সমস্যাতো গুড় খালে বহু খিনি সকাহ পাব পাৰি৷   সাধাৰণতে মূৰৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে৷পেটত হোৱা গেছৰ  ফলতো বহুতৰে মূৰৰ বিষ হোৱা দেখা যায়। মূৰৰ বিষৰ কাৰণ কোন অংশত বিষ হৈছে সেয়া লক্ষ্য কৰিও বহু সময়ত ধৰিব পাৰি৷  মূৰৰ কোন অংশৰ বিষ কি কাৰণত হ’ব পাৰে সেই বিষয়ত কিছু কথা জানো আহক-

 বহুসময়ত মূৰৰ বিষ ডিঙিৰ পৰা আৰম্ভ হয় আৰু মূৰৰ পিছফাললৈ বিয়পি পৰে। চিকিৎসকসকলে কৈছে যে এইটো চাৰ্ভোজেনিক মূৰৰ বিষৰ লক্ষণ। আন যিকোনো শাৰীৰিক ৰোগৰ বাবে  এনে ধৰণৰ বিষৰ জন্ম দিয়ে। সময়ৰ লগে লগে এই বিষ বৃদ্ধি হয়। শেহতীয়া এক অধ্যয়ন অনুসৰি, এই লক্ষণবোৰ মাইগ্ৰেইনৰ বিষৰ ক্ষেত্ৰতো প্ৰায় একে  হয়। মাইগ্ৰেইনৰ ক্ষেত্ৰত বিষ ডিঙিৰ পিছফালৰ পৰা আৰম্ভ হয়।

যদি মূৰৰ তালুত বিষ হয়, ইয়াক যিকোনো মানসিক চাপ বা উদ্বেগৰ পৰা হোৱা বুলি গণ্য কৰা হয়। বিষৰ তীব্ৰতা মৃদুৰ পৰা মধ্যমীয়া হয়। যেতিয়া কোনো কাৰণত মানসিক চিন্তা হয় তেতিয়াই এনে ধৰণৰ মূৰৰ বিষ হ’ব পাৰে। যদি আপুনি বিশ্ৰাম লয়, যদি আপুনি পৰ্যাপ্ত টোপনি যাব পাৰে তেন্তে এনে বিষৰ পৰা ঔষধ নোখোৱাকৈয়ে যথেষ্ট সকাহপাব পাৰে।

যদি চৰ্দি গোট মাৰি থাকে তেন্তে কপালৰ এপিনে বিষ আৰম্ভ হ’ব পাৰে। এনে অৱস্থাত গুড় খালে জমা হোৱা কফ আদি ওলাই যোৱাত সুবিধা হয়৷ গুড়ে শৰীৰৰ ভিতৰত জমা হোৱা চৰ্দি, ধূলি-মাকতি আদি উলিয়াই দিব পাৰে৷ সেয়ে কয়লা খনিত কাম কৰা লোকসকলক নিয়মিত গুড় খাবলৈ দিয়া হয়৷চৰ্দি ওলাই গ’লে মূৰৰ বিষৰ পৰাও আৰাম পাব৷

মূৰৰ বিষ হ্ৰাস কৰিবলৈ ঔষধ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। অৱশ্যে কি ঔষধ গ্ৰহণ কৰিব লাগে সেয়া চিকিৎসকৰ পৰা জানি লোৱাটো  প্ৰয়োজন। যদি মূৰৰ বিষ হঠাতে আৰম্ভ হয় আপুনি কোঠাটো আন্ধাৰ কৰি বিশ্ৰাম ল'ব । আপুনি মূৰ আৰু ডিঙিত গৰম বা ঠাণ্ডা পানীও লগাব  পাৰে। এনে কৰিলে বিষ কিছু পৰিমাণে হ্ৰাস হ'ব পাৰে। দীৰ্ঘদিন ধৰি মূৰৰ বিষ হৈ থাকিলে চিকিৎসকৰ কাষ চপাটো উচিৎ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ