--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি মানে হৃদৰোগৰ আমন্ত্ৰণ! যদি আপুনি হৃদযন্ত্ৰৰ সমস্যাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে সময়ত কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। কলেষ্টেৰল বৃদ্ধি হ’লে শৰীৰত কিছুমান লক্ষণ দেখা দিয়ে। আমাৰ কিছুমান অংগত বিষ হ’লে কলেষ্টেৰল বেছি হোৱাৰ ইংগিত পোৱা যায়। যদি ইয়াক চিনাক্ত কৰিব পাৰে, তেন্তে গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায়। উচ্চ কলেষ্টেৰল কেনেকৈ চিনাক্ত আৰু নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহক।

কলেষ্টেৰল কেনেকৈ চিনাক্ত কৰিব পাৰি

কলেষ্টেৰলৰ বাবে শৰীৰৰ কিছু অংশত দ্ৰুত বিষৰ লক্ষণ দেখা দিব পাৰে। ধমনীত জমা হোৱা কলেষ্টেৰলে ইহঁতৰ ক্ষতি কৰে, ইয়াৰ ফলত পেশীবোৰ জঠৰ হৈ পৰে আৰু তীব্ৰ বিষ হয়। কলেষ্টেৰল বৃদ্ধি হ’লে উৰুৰ তলৰ অংশ, আঁঠু আৰু ভৰিৰ বিষৰ লক্ষণ দেখা দিয়ে। ভৰিৰ পেশীবোৰ জঠৰ হোৱাৰ বাবে খোজ কঢ়াতো সমস্যা হ’ব পাৰে। যদি কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ দেখা যায়, তেন্তে কিছুমান টিপছ গ্ৰহণ কৰি নিয়ন্ত্ৰণ কৰিব পাৰে।

জীৱনশৈলীৰ পৰিৱৰ্তন কৰক

কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ জীৱনশৈলী সলনি কৰাটো অতি প্ৰয়োজনীয়। মদ্যপান আৰু ধূমপানে কলেষ্টেৰল বৃদ্ধি কৰে, এনেবোৰ বস্তু লগে লগে এৰি দিব।

এনে খাদ্য গ্ৰহণ কৰক

সঠিক খাদ্যৰ অবিহনে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাটো অতি কঠিন। বেয়া কলেষ্টেৰল কম কৰিবলৈ ওমেগা ৩ ফেটি এচিড, এণ্টি অক্সিডেণ্ট, ফাইবাৰ আৰু ভিটামিন চি সমৃদ্ধ খাদ্য খাব লাগে।

ওজন নিয়ন্ত্ৰণ

মেদবহুলতাৰ লগে লগে কলেষ্টেৰল বৃদ্ধি পায়। যদি আপুনি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে ওজন নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়। এনে পৰিস্থিতিত চৰ্বিযুক্ত বস্তু খোৱা কমাব লাগে। অধিক সংখ্যক ফল-মূল আৰু শাক-পাচলিক আপোনাৰ খাদ্যৰ অংশ হিচাপে লওক।

শাৰীৰিক কাৰ্য্যকলাপ

শাৰীৰিক কাৰ্য্যকলাপে কলেষ্টেৰল কমায়। কলেষ্টেৰল হ্ৰাস কৰিবলৈ দৈনিক ব্যায়াম কৰক। যোগাসন কৰিলে হৃদযন্ত্ৰ আৰু কলেষ্টেৰলৰ বাবে উপকাৰী হ’ব। লঘু ৱৰ্কআউটৰ দ্বাৰাও কলেষ্টেৰল হ্ৰাস কৰিব পাৰি।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু