--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জম্মু-কাশ্মীৰৰ পুলৱামাৰ বাসিন্দা গণীয়ে ফৰিদাবাদৰ ভাড়াঘৰত ইউৰিয়া পিহি মিহি গুড়ি কৰি তাৰ পিছত বৈদ্যুতিক মেচিনেৰে শোধন কৰি ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰে।

ডিজিটেল ডেস্কঃ দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত গাড়ী বিস্ফোৰণৰ ঘটনাৰ এটা ডাঙৰ সূত্ৰ উদ্ধাৰ কৰিছে তদন্তকাৰী সংস্থাই। ধৃত অভিযুক্ত মুজাম্মিল শ্বাকিল গনাইয়ে আটা মিল আৰু বৈদ্যুতিক যন্ত্ৰ ব্যৱহাৰ কৰি বোমা প্ৰস্তুত কৰিছিল।

তদন্তত আৰক্ষীয়ে হাৰিয়ানাৰ ফৰিদাবাদত এজন টেক্সি চালকৰ ঘৰৰ পৰা এই যন্ত্ৰপাতি উদ্ধাৰ কৰে।


ফৰিদাবাদৰ এটা ভাড়া কোঠাত বোমা প্ৰস্তুত


জম্মু-কাশ্মীৰৰ পুলৱামাৰ বাসিন্দা গণীয়ে ফৰিদাবাদৰ ভাড়াঘৰত ইউৰিয়া পিহি মিহি গুড়ি কৰি তাৰ পিছত বৈদ্যুতিক মেচিনেৰে শোধন কৰি ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰে। 


যোৱা ৯ নৱেম্বৰত একে স্থানৰ পৰা আৰক্ষীয়ে ৩৬০ কেজি এমোনিয়াম নাইট্ৰেট আৰু অন্যান্য বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। জেৰাৰ সময়ত অভিযুক্ত গনাইয়ে স্বীকাৰ কৰে যে তেওঁ দীৰ্ঘদিন ধৰি এই পদ্ধতি ব্যৱহাৰ কৰি ইউৰিয়াৰ পৰা এমোনিয়াম নাইট্ৰেট পৃথক কৰি বিস্ফোৰক প্ৰস্তুত কৰি আহিছিল। ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ত তেওঁ চিকিৎসক আছিল।


টেক্সি চালককো আটক, এন আই এৰ জেৰা


ফৰিদাবাদৰ টেক্সি চালকজনকো আটক কৰি ৰাখিছে NIAৰ দলটোৱে যাৰ ঘৰৰ পৰা সা-সৰঞ্জাম উদ্ধাৰ কৰা হৈছে। চালকজনে কয় যে প্ৰায় চাৰি বছৰ পূৰ্বে গনাইক লগ পাইছিল যেতিয়া তেওঁ পুত্ৰৰ চিকিৎসাৰ বাবে আল-ফালাহ মেডিকেল কলেজলৈ গৈছিল।


লালকিল্লাৰ সমীপত গাড়ী বিস্ফোৰণত ১৫ জন নিহত


লালকিল্লাৰ সমীপত হুণ্ডাই i20 গাড়ীত আত্মঘাতী আক্ৰমণত পোন্ধৰজন লোক নিহত। গাড়ী চলাই থকা আত্মঘাতী বোমাৰু উমৰ উন নবি নামৰ এই আক্ৰমণত নিহত হয়। তেওঁ কাশ্মীৰৰ বাসিন্দা আৰু পেছাত চিকিৎসক আছিল। উমৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ সৈতেও জড়িত আছিল।


আক্ৰমণৰ পূৰ্বে কাশ্মীৰ আৰক্ষীয়ে এটা সন্ত্ৰাসবাদী মডিউল বাষ্ট কৰিছিল


বিস্ফোৰণৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে জম্মু-কাশ্মীৰ আৰক্ষীয়ে পাকিস্তানস্থিত জইছ-ই-মহম্মদ আৰু আল কায়দাৰ সৈতে জড়িত আনছাৰ গাজৱাত-উল-হিন্দৰ সৈতে জড়িত এটা ডাঙৰ ‘হোৱাইট কলাৰ’ সন্ত্ৰাসবাদী মডিউল বাষ্ট কৰিছিল। লগতে ২৯০০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী জব্দ কৰা হৈছে, য’ত আমোনিয়াম নাইট্ৰেটও আছিল, যিটো সামগ্ৰী দিল্লী বিস্ফোৰণত ব্যৱহাৰ কৰা সামগ্ৰী বুলি অনুমান কৰা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ