--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘কটন কলেজ’ত পঢ়ি থকাৰ সময়ৰেপৰা মোৰ জুবিন গাৰ্গৰ সৈতে চিনাকি। সেয়া ৯০ দশকৰ কথা। তেতিয়া জুবিন ‘বি. বৰুৱা মহাবিদ্যালয়’ৰ ছাত্ৰ। ‘গুৱাহাটী বিশ্ববিদ্যালয়’ৰ যুৱ-মহোৎসৱত জুবিনে Western Vocalত সোণৰ পদক লাভ কৰিছিল। চুলি দীঘল ক্ষীণকায় জুবিনৰ লগত কটনৰ ছাত্ৰৰ এক সু-সম্পৰ্ক আছিল। সেই সময়ৰপৰাই জুবিনৰ সৈতে মোৰ ঘনিষ্ঠতা। সেই সময়ত জুবিনৰ কণ্ঠশিল্পীৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ দুৰ্বাৰ হেঁপাহ। সুযোগৰ সন্ধানত ’৮০ৰ দশকৰ শেষৰফালে ‘মিউজিক মেকাৰ্চ’ নামৰ এক প্ৰতিষ্ঠানৰ কেছেটে বজাৰত তোলপাৰ লগাইছিল। সংগীত জগতত জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰিছিল জিতুল সোণোৱালে। জিতুলৰ কেছেটসমূহ প্ৰযোজনা কৰিছিল মিউজিক মেকাৰ্চে। এই প্ৰতিষ্ঠানৰে কেছেট ‘মৰমী লগৰী’ত কণ্ঠদান কৰিছিল কটন কলেজৰ চিন্তামণি দাসে। চিন্তামণিৰ গীতটিত জুবিন ব্ৰেকগাউণ্ড ভইচৰূপে হাৰমনাইজ কৰিছিল। জুবিনৰ এই ৰেকৰ্ডিঙৰ সময়ত চিন্তামণি, মিউজিক মেকাৰ্চৰ স্বত্বাধিকাৰী বীৰেন দাসৰ লগত ষ্টুডিঅ’ত মই উপস্থিত আছিলো। তেতিয়া মন কৰিছিলো জুবিনৰ কণ্ঠৰ সন্মোহিনী শক্তিক।

ভাব হৈছিল সুযোগ-সুবিধা পালে এই ল’ৰাজনে এদিন নাম কৰিব। উল্লেখ্য যে, সংগীতশিল্পী হিচাপে প্ৰতিষ্ঠা লাভৰ সপোন লৈ অশেষ কষ্টৰে আগবঢ়া জুবিন গাৰ্গৰ পথ মসৃণ নাছিল। গুৱাহাটীৰ এটা ষ্টুডিঅ’ৰ কাহিনী। সংগীত জগতত অচিনাকি জুবিন তেতিয়া ৰেকৰ্ডিঙৰ এটা কামত ষ্টুডিঅ’টোলৈ গৈছিল। সেই সময়ত সংগীত সজ্জা কৰি থকা বাদ্যযন্ত্ৰী শিল্পীক জুবিনে কিবা এটা ভুল আঙুলিয়াই দিছিল। সেইকেইজন বাদ্যযন্ত্ৰী শিল্পী তেতিয়া প্ৰতিষ্ঠিত। সেয়ে জুবিনে দেখুৱাই দিয়া জুবিনে দেখুৱাই দিয়া ভুল মানি ল’ব বিচৰা নাছিল। জুবিনক মনে মনে তাচ্ছিল্য কৰিছিল তেওঁলোকে। সেই সময়ত ইলিয়া ৰাজা সংগীত শিল্পী হিচাপে জনপ্ৰিয়তাৰ শিখৰত আছিল। ইয়াৰ গইনাৰেই তেওঁলোক তাচ্চিল্য কৰি জুবিনৰ নাম ৰাখিছিল ‘বিলাহী ৰাজা’। এনে বহু ঘটনা ঘটিছে জুবিনৰ জীৱনত। কিন্তু জুবিন আগবাঢ়ি গ’ল।


জুবিনৰ প্ৰতিভাক অস্বীকাৰ কৰিব নোৱাৰি। দুৰ্দান্ত প্ৰতিভাৰ অধিকাৰী। জুবিনৰ গীত ময়ো ব্যক্তিগতভাৱে ভালপাওঁ, শুনো। যিটো গীতেই জুবিনে গায়, সেইটোৱেই হৈ পৰে হূদয়স্পৰ্শী। জুবিনৰ কণ্ঠত যাদু আছে। কিন্তু শুভাকাংক্ষীৰূপে জুবিনৰ কিছু কৰ্ম-কাণ্ডত মাজে মাজে ক্ষুণ্ণ হওঁ। সংবাদ মাধ্যমত সেই কথা মই মুকলিকৈ প্ৰকাশ কৰি আহিছো। জুবিনৰ দৰে প্ৰতিভাৰ মই অপচয় হোৱাটো মই বিচৰা নাই। সেয়ে জুবিনক সমালোচনা কৰি জুবিনক এনে আচহুৱা কিছু কৰ্ম-কাণ্ডৰপৰা আঁতৰাই ৰখাৰ চেষ্টা কৰি আহিছো। এজন শুভাকাংক্ষীয়েহে আচলতে এনেধৰণৰ প্ৰচেষ্টা হাতত লয়। উদাহৰণস্বৰূপে লোৱা যাওক ভূপেন হাজৰিকাৰ অন্তিম যান্ত্ৰা সময়ত সংঘটিত হোৱা ঘটনাটিক। সুধাকণ্ঠৰ অন্তোষ্টিক্ৰিয়াত জুবিন গাৰ্গে ‘কিলাৰ’ লিখা টি চাৰ্ট পিন্ধি বিতৰ্কত সোমাই পৰিছিল। সেই সময়ত ‘এন.ই. টিভি’ৰ কাৰ্যবাহী সম্পাদক আছিলো। জুবিনৰ শুভাকাংক্ষীৰূপে তেওঁৰ এনে কৰ্মত অতিকৈ লজ্জিত হৈছিলো। জুবিনক এই কামৰ বাবে সমালোচনা কৰি বাতৰি সম্প্ৰচাৰ কৰা হৈছিল ধাৰাবাহিকভাৱে।

সেয়ে ‘এন.ই. টিভি’ৰ বাতৰিত ৰাজ্যত তোলপাৰ লাগিছিল। জুবিনক ৰাইজে সমালোচনা কৰিছিল। মোলৈ খবৰ আহিছিল জুবিন বোলে মোৰ ওপৰত নাৰাজ। জুবিনক কাষত পাবলৈ হয়তো কোনোবাই ওলোতাকৈ পাঠ পঢ়ালে মোৰ বিৰুদ্ধে! মোৰ স্থিতি আছিল স্পষ্ট। ভূপেন দাৰ পাছতে অসমৰ জনপ্ৰিয় শিল্পী জুবিন। গতিকে ভূপেনদাৰ অন্তিম যাত্ৰাত জুবিনৰ এনে আচৰণ সহ্য কৰা মানে জুবিনক অন্যায় কৰাহে হ’ব। জুবিনে হয়তো ভাবিবপৰা নাছিল যে তেওঁৰ এই কাৰ্য দেখিও মনে মনে থাকিলে আচলতে তেওঁৰ ক্ষতিহে কৰা হ’লহেঁতেন। জুবিনক মই মাজে মাজে সমালোচনা কৰি আহিছো যদিও ব্যক্তিগতভাৱে আমাৰ কোনো শত্ৰুতা নাই। সেয়ে জুবিনৰ লগত এতিয়াও মোৰ সম্পৰ্ক মধুৰ, ঠিক কলেজীয়া দিনবোৰৰ দৰে। বিভিন্ন সময়ত বহু সময় আমি অতিবাহিত কৰিছো। ব্যক্তিগতৰ পৰা বৃত্তিগতলৈকে বহু কথা আমাৰ আলোচনাত স্থান পায়। সঁচা বন্ধুৰ দৰে দুয়ো ভাল-বেয়া বহু সময়ত আছো একেলগে। এজনে আনজনৰ ভাল কামত প্ৰশংসা, খুটি-নাতি থাকিলে সমালোচনা৷ এনেদৰে আগবাঢ়িছে আমাৰ সম্পৰ্ক৷


জুবিন অতি মুকলি মনৰ আৰু সৰলতাৰে ভৰা। সেয়ে জুবিনৰ আলমতেই বহুতেই আজিৰ তাৰিখত প্ৰতিষ্ঠা লাভ কৰিলে। ব্যক্তিগতভাৱে মই জানো জুবিনৰ অন্তৰখন কোমল। মানুহৰ দুখ দেখিলে ৰ’ব নোৱাৰে জুবিনে। এনে উদাহৰণ বহু আছে। আনহাতে, নিজে মাজে মাজে কৰা আচহুৱা কাম-কাজৰ বাবেও জুবিন সময়ে সময়ে অনুতপ্ত। এবাৰ ব’হাগ বিহুৰ মঞ্চত বৰগাঁৱত গীত পৰিৱেশন কৰিছিল জুবিনে। সেইদিনা জুবিনে মঞ্চত কিছু নকৰিবলগীয়া কাম কৰিলে। চৌদিশে প্ৰতিক্ৰিয়া হ’ল। হৈ-চৈৰ সৃষ্টি হ’ল। ইয়াৰ পাছৰদিনা সন্ধিয়া জুবিনক পাইছিলো কাহিলীপাৰৰ ঘৰত, সেই সময়ত জুবিন শান্ত ল’ৰা। টিভি চেনেলত আগদিনা নিশাৰ অনুষ্ঠানৰ ক্লিপিং চালে ধৰিবই নোৱাৰি মোৰ সন্মুখত বহি থকা জুবিন সেইজনেই। সেইদিনা জুবিন অনুতপ্ত আগদিনাৰ আচৰণৰ বাবে। জুবিনে মোক কৈছিল-‘মই অনুতপ্ত! মই এনে কৰিব নালাগিছিল। ৰাইজৰ ওচৰত মই দুখ প্ৰকাশ কৰিছো।’
এয়া জুবিনৰ সৰলতা। মানুহে ভুল কৰিব পাৰে। সেয়া একো ডাঙৰ কথা নহয়। কিন্তু ভুল কৰি অনুতপ্ত হোৱাজন ক্ষমাৰ যোগ্য।


জুবিন ডেমকেয়াৰ ল’ৰা! জুবিনৰ সাহসো আছে অদম্য। আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বিহু মঞ্চত হিন্দী গীত পৰিৱেশনত বাধা দি আহিছে। আলফাৰ এনে আহ্বানৰ প্ৰতি অধিকাংশ শিল্পীয়ে সঁহাৰি জনাই আহিছে। কিন্তু জুবিন ব্যতিক্ৰম। বিহুৰ মঞ্চত হিন্দী গীত গাবনে নাগাব সেয়া বিতৰ্কৰ বিষয়। এই বিতৰ্ক সন্দৰ্ভত আলোচনা কৰিব খোজা নাই। কিন্তু বিহুৰ মঞ্চত হিন্দী গীত পৰিৱেশন কৰি জুবিনে আলফাক চেলেন্স কৰি আহিছে। এই সাহস কিন্তু মানিবলগীয়া। আচলতে জুবিনে যিটো কৰিম বুলি ভাবে, সেইটো কৰিবই। কোনো শক্তিয়ে জুবিনক তাৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। জুবিন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। জুবিনৰ জনপ্ৰিয়তা শব্দৰ মাজত শেষ কৰিব নোৱাৰি। সেয়ে জুবিনৰ শত্ৰু বহুত। সুযোগ-সুবিধা পালেই আৰম্ভ হয় জুবিনৰ বিৰুদ্ধে কুৎসা-ৰটনা। ইয়াৰ প্ৰমাণ মই নিজে বহুবাৰ পাইছো। পিছে জুবিন অত্মবিশ্বাসী। নিজৰ ওপৰত প্ৰচণ্ড বিশ্বাস আছে জুবিনৰ। এই আত্মবিশ্বাসেই জুবিনক ‘বিলাহী ৰাজা’ৰ পৰা কৰি দিলে ‘জুবিন গাৰ্গ’। সঁচাকৈয়ে ডেমকেয়াৰ জুবিন!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ