--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডেংগু হৈছে এবিধ গ্রীষ্মকালীন ৰোগ, ইডিছ ম’হে কামোৰাৰ ফলত তিনিৰ পৰা পোন্ধৰ দিনৰ পাছত এই জ্বৰে দেখা দিয়ে। ডেংগু জ্বৰৰ লক্ষণসমূহ হ’ল- জ্বৰ, মূৰৰ বিষ, বমি, পেশী আৰু গাঁঠিৰ বিষ। ডেংগু ৰোগী সাধাৰণতে দুদিনৰ পৰা সাতদিনৰ ভিতৰত সুস্থ হয়। ইয়াৰ ফলত তেজৰ প্লেটলেটৰ মাত্ৰা দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰে। সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতি বছৰে ডেংগু জ্বৰৰ বাবে বহু লোকৰ মৃত্যু হয়। এই ৰোগত তেজৰ প্লেটলেটৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিলে আপুনি কি কৰিব? জানো আহক...।

* ডেংগু কেনেকৈ বিয়পে?

ডেংগু হৈছে এডিছ এজিপটি মহৰ কামোৰৰ ফলত বিয়পি পৰা এক সংক্ৰামক ৰোগ। যিহেতু ইয়াৰ শৰীৰত বগা ৰেখা থাকে, গতিকে ইয়াক ‘বাঘ মহ’ বুলিও কোৱা হয়। এই মহৰ জন্ম বিশুদ্ধ পানীত হয় আৰু ই দিনৰ ভাগতে মানুহক কামোৰে।

* ডেংগু মহে কামোৰাৰ ফলত মানুহৰ শৰীৰত এই ভাইৰাছ বিয়পাই দিয়ে, পাছ যেতিয়া ই আন এজন সুস্থ ব্যক্তিক কামোৰে তেতিয়া তেওঁৰ শৰীৰতো সংক্ৰমণ হ’ব পাৰে। সাধাৰণতে ১৬ৰ পৰা ৩০ ডিগ্ৰী উষ্ণতাত ই অধিক বৃদ্ধি পায়, গতিকে বাৰিষা কালত ইয়াৰ প্ৰজননৰ ক্ষমতা বৃদ্ধি পায়।

* ডেংগু জ্বৰত প্লেটলেটৰ সংখ্যা কমি যায়। এজন সুস্থ ব্যক্তিৰ শৰীৰত প্ৰতি মাইক্ৰ'লিটাৰ তেজৰ প্লেটলেটৰ সংখ্যা ১,৫০,০০০ৰ পৰা ২,৫০,০০০ৰ ভিতৰত থাকে। কিন্তু বাঘ মহ বা ডেংগু মহে কামোৰাৰ পাছত যেতিয়া জ্বৰ উঠে,  তেতিয়াই সংখ্যা সাধাৰণতে ১ লাখৰ তললৈ নামি যায়, যাৰ ফলত জীৱনৰ প্ৰতি বিপদ বৃদ্ধি পায়।

ডেংগু হ’লে এই ২বিধ ৰস খাল সুফল পোৱা যায়-

১. অমিতা গছৰ পাতৰ ৰসঃ-যেতিয়াই আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ ডেংগু জ্বৰত আক্ৰান্ত হয় আৰু প্লেটলেটৰ সংখ্যা কমি যায়, তেতিয়াই আপুনি লগে লগে অমিতা গছৰ পাতৰ ৰস উলিয়াই সেৱন কৰক, তৎক্ষণাত উপকাৰ পাব।

২. গিলয়ৰ ৰসঃ-গিলয় এনেকুৱা এবিধ উদ্ভিদ যে আয়ুৰ্বেদত সঞ্জীৱনী বুলিও কোৱা হয়। ডেংগু জ্বৰ বাঢ়িলে এই গিলৰ ৰস উলিয়াই সেৱন কৰক, প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পায় আৰু ডেংগু জ্বৰৰ পৰা আৰোগ্য অতি সহজ লাভ কৰে।

* ডেংগুৰ পৰা হাত সৰাৰ উপায়-

বাৰিষা দিনত চৰাইৰ বাবে ৰখা পাত্ৰ, তামোলৰ খোলা,  টায়াৰ, বাচন-বৰ্তন আদিত পানী জমা হ’বলৈ নিদিব। ইয়াৰ উপৰি কুলাৰৰ পানী সময়ে সময়ে সলনি কৰি থাকিব,  নহ’লে তাত কেৰাচিন তেল ২ চামুচ দি থ’ব। পানীৰ টেংকি খোলাকৈ নাৰাখিব, নহ’লে তাত ডেংগুৰ মহে বংশ বৃদ্ধি কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক