--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডেংগু হৈছে এবিধ গ্রীষ্মকালীন ৰোগ, ইডিছ ম’হে কামোৰাৰ ফলত তিনিৰ পৰা পোন্ধৰ দিনৰ পাছত এই জ্বৰে দেখা দিয়ে। ডেংগু জ্বৰৰ লক্ষণসমূহ হ’ল- জ্বৰ, মূৰৰ বিষ, বমি, পেশী আৰু গাঁঠিৰ বিষ। ডেংগু ৰোগী সাধাৰণতে দুদিনৰ পৰা সাতদিনৰ ভিতৰত সুস্থ হয়। ইয়াৰ ফলত তেজৰ প্লেটলেটৰ মাত্ৰা দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰে। সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতি বছৰে ডেংগু জ্বৰৰ বাবে বহু লোকৰ মৃত্যু হয়। এই ৰোগত তেজৰ প্লেটলেটৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিলে আপুনি কি কৰিব? জানো আহক...।

* ডেংগু কেনেকৈ বিয়পে?

ডেংগু হৈছে এডিছ এজিপটি মহৰ কামোৰৰ ফলত বিয়পি পৰা এক সংক্ৰামক ৰোগ। যিহেতু ইয়াৰ শৰীৰত বগা ৰেখা থাকে, গতিকে ইয়াক ‘বাঘ মহ’ বুলিও কোৱা হয়। এই মহৰ জন্ম বিশুদ্ধ পানীত হয় আৰু ই দিনৰ ভাগতে মানুহক কামোৰে।

* ডেংগু মহে কামোৰাৰ ফলত মানুহৰ শৰীৰত এই ভাইৰাছ বিয়পাই দিয়ে, পাছ যেতিয়া ই আন এজন সুস্থ ব্যক্তিক কামোৰে তেতিয়া তেওঁৰ শৰীৰতো সংক্ৰমণ হ’ব পাৰে। সাধাৰণতে ১৬ৰ পৰা ৩০ ডিগ্ৰী উষ্ণতাত ই অধিক বৃদ্ধি পায়, গতিকে বাৰিষা কালত ইয়াৰ প্ৰজননৰ ক্ষমতা বৃদ্ধি পায়।

* ডেংগু জ্বৰত প্লেটলেটৰ সংখ্যা কমি যায়। এজন সুস্থ ব্যক্তিৰ শৰীৰত প্ৰতি মাইক্ৰ'লিটাৰ তেজৰ প্লেটলেটৰ সংখ্যা ১,৫০,০০০ৰ পৰা ২,৫০,০০০ৰ ভিতৰত থাকে। কিন্তু বাঘ মহ বা ডেংগু মহে কামোৰাৰ পাছত যেতিয়া জ্বৰ উঠে,  তেতিয়াই সংখ্যা সাধাৰণতে ১ লাখৰ তললৈ নামি যায়, যাৰ ফলত জীৱনৰ প্ৰতি বিপদ বৃদ্ধি পায়।

ডেংগু হ’লে এই ২বিধ ৰস খাল সুফল পোৱা যায়-

১. অমিতা গছৰ পাতৰ ৰসঃ-যেতিয়াই আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ ডেংগু জ্বৰত আক্ৰান্ত হয় আৰু প্লেটলেটৰ সংখ্যা কমি যায়, তেতিয়াই আপুনি লগে লগে অমিতা গছৰ পাতৰ ৰস উলিয়াই সেৱন কৰক, তৎক্ষণাত উপকাৰ পাব।

২. গিলয়ৰ ৰসঃ-গিলয় এনেকুৱা এবিধ উদ্ভিদ যে আয়ুৰ্বেদত সঞ্জীৱনী বুলিও কোৱা হয়। ডেংগু জ্বৰ বাঢ়িলে এই গিলৰ ৰস উলিয়াই সেৱন কৰক, প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পায় আৰু ডেংগু জ্বৰৰ পৰা আৰোগ্য অতি সহজ লাভ কৰে।

* ডেংগুৰ পৰা হাত সৰাৰ উপায়-

বাৰিষা দিনত চৰাইৰ বাবে ৰখা পাত্ৰ, তামোলৰ খোলা,  টায়াৰ, বাচন-বৰ্তন আদিত পানী জমা হ’বলৈ নিদিব। ইয়াৰ উপৰি কুলাৰৰ পানী সময়ে সময়ে সলনি কৰি থাকিব,  নহ’লে তাত কেৰাচিন তেল ২ চামুচ দি থ’ব। পানীৰ টেংকি খোলাকৈ নাৰাখিব, নহ’লে তাত ডেংগুৰ মহে বংশ বৃদ্ধি কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ