--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃদ্ধি পোৱা ওজন নিয়ন্ত্ৰণ কৰিবলৈ হ’লে খাদ্য তালিকাত কিছু স্বাস্থ্যসন্মত পৰিৱৰ্তন কৰিব লাগিব। ওজন কমাবলৈ সাধাৰণতে উচ্চ প্ৰটিন আৰু আঁহযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰাটো বাঞ্ছনীয়। সেইবোৰ বস্তু খাদ্যৰ পৰা বাদ দিব লাগে, যিবোৰে ওজন বৃদ্ধিৰ কাম কৰে। কিন্তু আপুনি জানেনে যে আপোনাৰ পাকঘৰত ৰখা আদা স্বাস্থ্যকৰ হোৱাৰ উপৰিও ওজন নিয়ন্ত্ৰণতো সহায় কৰে। 

আদাত প্ৰচুৰ পৰিমাণে এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টি-অক্সিডেণ্ট গুণ থাকে, গতিকে খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে আৰু চৰ্দি আৰু ফ্লুৰ চিকিৎসাৰ বাবে আদা প্ৰায়ে ঘৰত ব্যৱহাৰ কৰা হয়। কিন্তু যদি আপুনি খাদ্য তালিকাত আদা অন্তৰ্ভুক্ত কৰে, তেন্তে ই আপোনাৰ হজম শক্তিক সুস্থ কৰি ৰাখে। ইয়াৰ লগতে ওজনো নিয়ন্ত্ৰণত থাকে। এনে পৰিস্থিতিত আজি আমি আপোনালোকক ক'ম যে ওজন কমাবলৈ আদা কেনেকৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি।

১) নেমু আৰু আদাঃ ইয়াৰ বাবে আদা টুকুৰা টুকুৰ কৰি ১ কাপ পানীত দি উতলাই লব। তাৰ পিছত ফিল্টাৰ কৰি তাৰ ওপৰত নেমুৰ ৰস চেপি দিব। এই চাহ যদি আপুনি দিনটোত কমেও ২-৩ বাৰ পান কৰে তেন্তে ই আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰিব, যিয়ে আপোনাৰ ওজন কমোৱাত সহায় কৰে।


২) আদাৰ ৰসঃ আদাৰ ৰসত নেমুৰ ৰস আৰু মৌ মিহলাই খাব লাগে। ইয়াৰ ফলত আপোনাৰ শৰীৰত হাইড্ৰেচন, এণ্টি অক্সিডেণ্ট আৰু ইমিউনিটি লাভ হয়। কিন্তু মনত ৰাখিব যে আদা অতিমাত্ৰা সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হব পাৰে, গতিকে আদা সীমিত পৰিমাণত সেৱন কৰাটো ভাল।

৩) গ্ৰীণ টি আৰু আদাঃ যদি আপুনি নিয়মিতভাৱে আদা গ্ৰীণ টিৰ লগত মিহলি কৰি খায়, তেন্তে আপোনাৰ ওজন দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰিব। ইয়াৰ বাবে গ্ৰীণ টি বনাওঁতে আদাৰ টুকুৰা কেইটামান দি বনাব। যদি আপুনি এই চাহ ৰাতিপুৱা আৰু গধূলি খায়, তেন্তে ইয়াৰ পৰা আপুনি বহুত লাভ পাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ