--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডেংগু হৈছে এডিছ মহৰ কামোৰাৰ ফলত হোৱা এবিধ ৰোগ। উচ্চ জ্বৰ, মূৰৰ বিষ, পেশী আৰু গাঁঠিৰ বিষ ডেংগু জ্বৰৰ লক্ষণ দেখা যায়। ডেংগুত শৰীৰৰ প্লেটলেটবোৰ দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰে। এই জ্বৰ হ’লে ৰোগীক যিমান পাৰি সোনকালে চিকিৎসালয়ত ভৰ্তি কৰাব লাগে, নহ’লে সময়ত মতে চিকিৎসা নাপালে ৰোগীয়ে জীৱন হেৰুৱাবলগীয়া হ’ব পাৰে। কাৰণ ডেংগুৰ লক্ষণসমূহ চিনি পালেহে সময়ত ইয়াৰ চিকিৎসা কৰিব পৰা যায়।

 চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ তথ্য অনুসৰি বিশ্বৰ ১০০খনতকৈও অধিক দেশত ডেংগুৰ সংক্ৰমণ এটা সাধাৰণ সমস্যা আৰু প্ৰায় তিনি বিলিয়ন লোক এই ৰোগত প্ৰভাৱিত হয়। ইয়াৰ ভিতৰত ভাৰতৰ লগতে দক্ষিণ-পূব এছিয়াৰ অন্যান্য অংশ, চীন, আফ্ৰিকা, টাইৱান আৰু মেক্সিকো আদি অন্যতম। নেচনেল ভেক্টৰ বৰ্ণ ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম (NVBDCP)ৰ তথ্য অনুসৰি ২০১৯ বৰ্ষত কেৱল ভাৰততে ৬৭ হাজাৰতকৈ অধিক ডেংগু ৰোগৰ তথ্য পোহৰলৈ আহিছিল।

 ডেংগু জ্বৰৰ লক্ষণ-

সংক্ৰমণৰ প্ৰায় ৪ বা ৬দিন পাছত ডেংগুৰ লক্ষণ দেখা দিয়ে-

১. উচ্চ জ্বৰ

২. মূৰৰ বিষ

৩. চকুৰ বিষ

৪. পেশী আৰু গাঁঠিৰ বিষ

৫. ভাগৰুৱা হোৱা

৬. বমি হোৱা

৭. ছালত ৰঙা দাগ হোৱা

কিন্তু গুৰুতৰ ক্ষেত্ৰত DHF(Dengue Haemorrhagic Fever) হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এনে অৱস্থাত ৰক্তবাহী নলীবোৰ ক্ষতিগ্ৰস্ত হয় আৰু প্লেটলেটবোৰ হ্ৰাস হ’ব ধৰে। এনে অৱস্থাত তলত দিয়া লক্ষণসমূহ দেখা দিব পাৰে-

১) পেটৰ বিষ

২) সঘনাই বমি হোৱা

৩) দাঁতৰ আলু বা নাকৰ পৰা তেজ ওলোৱা

৪) শৌচাগাৰত তেজ ওলোৱা বা বমি হোৱা

৫) উশাহ লোৱাত অসুবিধা হোৱা

৬) ভাগৰুৱা অনুভৱ কৰা

৭) খিংখিঙীয়া হোৱা

 ডেংগু জ্বৰৰ চিকিৎসা-

ডেংগুৰ কোনো নিৰ্দিষ্ট ঔষধ বা সঠিক চিকিৎসা নাই। ইয়াত কিছু ঘৰুৱা উপায় অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। এনে অৱস্থাত অধিক পানী খাব লাগে। অতি গুৰুতৰ ক্ষেত্ৰত ৰোগীক ইলেক্ট্ৰলাইট পৰিপূৰক দিব লাগে। কিছুমানৰ ক্ষেত্ৰত ৰক্তচাপ নিৰীক্ষণ আৰু ৰক্ত সঞ্চালনৰ চিকিৎসাও কৰা হয়। এছপিৰিন বা আইবুপ্ৰফেনৰ দৰে ঔষধ ব্যৱহাৰ ভুলতো নকৰিব।

 ডেংগু জ্বৰ প্ৰতিৰোধ-

যিমান পাৰি মহ ধ্বংসকাৰী ঔষধ আৰু মহৰ নেট ব্যৱহাৰ কৰিব লাগে। সন্ধিয়াৰ আগতেই ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰক। শৰীৰটো সম্পূৰ্ণৰূপে ঢাকিব পৰা কাপোৰ পিন্ধিব লাগে। চাৰিওফালে পানী যাতে জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কুলাৰত পানী সলনি কৰি থাকিব লাগে। পানী সদায় ঢাকি ৰাখিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ