--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডেংগু হৈছে এডিছ মহৰ কামোৰাৰ ফলত হোৱা এবিধ ৰোগ। উচ্চ জ্বৰ, মূৰৰ বিষ, পেশী আৰু গাঁঠিৰ বিষ ডেংগু জ্বৰৰ লক্ষণ দেখা যায়। ডেংগুত শৰীৰৰ প্লেটলেটবোৰ দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰে। এই জ্বৰ হ’লে ৰোগীক যিমান পাৰি সোনকালে চিকিৎসালয়ত ভৰ্তি কৰাব লাগে, নহ’লে সময়ত মতে চিকিৎসা নাপালে ৰোগীয়ে জীৱন হেৰুৱাবলগীয়া হ’ব পাৰে। কাৰণ ডেংগুৰ লক্ষণসমূহ চিনি পালেহে সময়ত ইয়াৰ চিকিৎসা কৰিব পৰা যায়।

 চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ তথ্য অনুসৰি বিশ্বৰ ১০০খনতকৈও অধিক দেশত ডেংগুৰ সংক্ৰমণ এটা সাধাৰণ সমস্যা আৰু প্ৰায় তিনি বিলিয়ন লোক এই ৰোগত প্ৰভাৱিত হয়। ইয়াৰ ভিতৰত ভাৰতৰ লগতে দক্ষিণ-পূব এছিয়াৰ অন্যান্য অংশ, চীন, আফ্ৰিকা, টাইৱান আৰু মেক্সিকো আদি অন্যতম। নেচনেল ভেক্টৰ বৰ্ণ ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম (NVBDCP)ৰ তথ্য অনুসৰি ২০১৯ বৰ্ষত কেৱল ভাৰততে ৬৭ হাজাৰতকৈ অধিক ডেংগু ৰোগৰ তথ্য পোহৰলৈ আহিছিল।

 ডেংগু জ্বৰৰ লক্ষণ-

সংক্ৰমণৰ প্ৰায় ৪ বা ৬দিন পাছত ডেংগুৰ লক্ষণ দেখা দিয়ে-

১. উচ্চ জ্বৰ

২. মূৰৰ বিষ

৩. চকুৰ বিষ

৪. পেশী আৰু গাঁঠিৰ বিষ

৫. ভাগৰুৱা হোৱা

৬. বমি হোৱা

৭. ছালত ৰঙা দাগ হোৱা

কিন্তু গুৰুতৰ ক্ষেত্ৰত DHF(Dengue Haemorrhagic Fever) হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এনে অৱস্থাত ৰক্তবাহী নলীবোৰ ক্ষতিগ্ৰস্ত হয় আৰু প্লেটলেটবোৰ হ্ৰাস হ’ব ধৰে। এনে অৱস্থাত তলত দিয়া লক্ষণসমূহ দেখা দিব পাৰে-

১) পেটৰ বিষ

২) সঘনাই বমি হোৱা

৩) দাঁতৰ আলু বা নাকৰ পৰা তেজ ওলোৱা

৪) শৌচাগাৰত তেজ ওলোৱা বা বমি হোৱা

৫) উশাহ লোৱাত অসুবিধা হোৱা

৬) ভাগৰুৱা অনুভৱ কৰা

৭) খিংখিঙীয়া হোৱা

 ডেংগু জ্বৰৰ চিকিৎসা-

ডেংগুৰ কোনো নিৰ্দিষ্ট ঔষধ বা সঠিক চিকিৎসা নাই। ইয়াত কিছু ঘৰুৱা উপায় অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। এনে অৱস্থাত অধিক পানী খাব লাগে। অতি গুৰুতৰ ক্ষেত্ৰত ৰোগীক ইলেক্ট্ৰলাইট পৰিপূৰক দিব লাগে। কিছুমানৰ ক্ষেত্ৰত ৰক্তচাপ নিৰীক্ষণ আৰু ৰক্ত সঞ্চালনৰ চিকিৎসাও কৰা হয়। এছপিৰিন বা আইবুপ্ৰফেনৰ দৰে ঔষধ ব্যৱহাৰ ভুলতো নকৰিব।

 ডেংগু জ্বৰ প্ৰতিৰোধ-

যিমান পাৰি মহ ধ্বংসকাৰী ঔষধ আৰু মহৰ নেট ব্যৱহাৰ কৰিব লাগে। সন্ধিয়াৰ আগতেই ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰক। শৰীৰটো সম্পূৰ্ণৰূপে ঢাকিব পৰা কাপোৰ পিন্ধিব লাগে। চাৰিওফালে পানী যাতে জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কুলাৰত পানী সলনি কৰি থাকিব লাগে। পানী সদায় ঢাকি ৰাখিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু