--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কণী এবিধ অতি পুষ্টিকৰ খাদ্য। কণীত ভিটামিন-এ, ভিটামিন-ডি আৰু ভিটামিন-বি১২ আদিৰ উৎস বুলি কোৱা হয়। সেয়েহে প্ৰতিদিনে কণী খালে কলেষ্টেৰল কিমান বৃদ্ধি পায়? শৰীৰৰ কিমান ক্ষতি হয়? এই গৱেষণাত উন্মোচিত হোৱা তথ্যসমূহ জানি লওক।

 শিশুক প্ৰায়ে দিনটোত এটা কণী খাবলৈ কোৱা হয়। কিন্তু মধ্যবয়সীয়া লোকসকলে প্ৰতিদিনে কণী খোৱাটো নিৰাপদ নেকি? পুষ্টিৰ কথা আহিলে কণীত ভিটামিন-এ, ভিটামিন-ডি আৰু ভিটামিন-বি১২ থাকে। ইয়াৰ বাহিৰেও এটা কণীত প্ৰায় ৭৫ কেলৰি, পাঁচ গ্ৰাম চৰ্বি, ছয় গ্ৰাম প্ৰটিন, ৬৭ মিলিগ্ৰাম পটাছিয়াম, ৭০ গ্ৰাম ছ’ডিয়াম আৰু ২১০ মিলিগ্ৰাম কলেষ্টেৰল থাকে।

 ‘কণীত কলেষ্টেৰল বৃদ্ধি হয়’ বুলি ধাৰণাটো নতুন কথা নহয়। বহুতে ভাবে যে কণী খালে কলেষ্টেৰল বাঢ়ি যায়। কলেষ্টেৰল বাঢ়িব বুলি ভাবি বহুতে মধ্যম বয়সৰ পৰাই কণী খোৱা বন্ধ কৰে। কিন্তু হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ গৱেষণা অনুসৰি প্ৰতিদিনে এটাকৈ কণী খোৱাটো সুস্থ লোকৰ বাবে বৰ বিপজ্জনক নহয়।

 এজন সুস্থ ব্যক্তিয়ে খাদ্যৰ যোগেদি দৈনিক প্ৰায় ৩০০ মিলিগ্ৰাম কলেষ্টেৰল লাভ কৰিব পাৰে। গতিকে প্ৰতিদিনে এটা কণী খোৱাটো সমস্যা হ’ব সৃষ্টি নহয়। কিন্তু বহু সময়ত ৰক্তসঞ্চালনতন্ত্ৰত কোনো সমস্যা হ’লে আগতীয়াকৈ বুজি পোৱা নাযায়। বহুতে নিজৰ অসুস্থতাৰ কথা গম পাওঁতে দেৰি হয়। গতিকে সাৱধান হওক, মধ্যবয়সৰ পাছত প্ৰতিদিনে কণী খোৱাৰ পৰিৱৰ্তে সপ্তাহত তিনিটাকৈ কণী খাব পাৰে।

 কিন্তু সকলোৰে শৰীৰ সমান নহয়। বিশেষকৈ ডায়েবেটিছ বা হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলক কণী খোৱাৰ পৰা বিৰত থাকিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। কণীত এভিডিন নামৰ এবিধ গ্লাইকোপ্ৰটিন থাকে। এই উপাদানটোৱে কিছুমান ক্ষেত্ৰত শৰীৰত ভিটামিন-বি৭ৰ ভাৰসাম্যতা বিঘ্নিত কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু