--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কৰ মাজত সোমাই পৰিছে তামিলনাডুৰ  মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰ উধায়নিধি।  ষ্টালিন পুত্ৰই  ডেংগু আৰু মেলেৰিয়াৰ সৈতে  সনাতন ধৰ্মৰ তুলনা কৰাৰ পিছতে বহুতে এতিয়া জাঙুৰ খাই উফঠিছে। ইয়াৰ মাজতে  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে এই মন্তব্যৰ প্ৰত্যুত্তৰ দি কয় যে এয়া ইণ্ডিয়া মিত্ৰজোঁটৰ  ৰাজনৈতিক অস্ত্ৰ । তেওঁ কয়  যে বিৰোধী ইণ্ডিয়া  মিত্ৰজোঁটে প্ৰকৃততে "হিন্দুত্বক ঘৃণা কৰে"। 

তেওঁলোকৰ উদ্দেশ্য হৈছে "পৰম্পৰাৰ ওপৰত আক্ৰমণ" কৰা।শ্বাহ দেওবাৰে নিৰ্বাচনমুখী ৰাজস্থানত এনেদৰে কয়। তেওঁ ডুংগৰপুৰত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি উদয়নিধি ষ্টেলিনৰ মন্তব্যৰ বিৰোধিতা কৰে।শ্বাহে  ইণ্ডিয়া মিত্ৰজোঁটে "ভোট বেংকৰ ৰাজনীতি" কৰাৰো  অভিযোগ কৰে। শ্বাহে  কয়- তেওঁলোকে 'তোষণ'ৰ ৰাজনীতি কৰি আছে। শ্বাহে ৰাহুল গান্ধীৰ ২০১০ চনৰ মন্তব্যৰ কথাও উল্লেখ কৰি কয় যে ৰাহুল গান্ধীয়েও "হিন্দুত্বক লস্কৰ-ই-তৈবাতকৈ ডাঙৰ ভাবুকি" বুলি কৈছিল।উদয়নিধিয়ে অলপতেএখন ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰি কৈছিল, "কিছুমান বস্তুৰ প্ৰতিবাদ কৰিব নোৱাৰি। সেইবোৰ বিলুপ্ত কৰিব লাগিব। আমি ডেংগু, মহ, মেলেৰিয়া বা কৰোনাৰ বিৰোধী নহয়। আমি ইয়াক আঁতৰ কৰিব লাগিব। একেদৰে, আমি সনাতন ধৰ্ম বাতিল কৰিব লাগিব। 'সনাতন' শব্দটো সংস্কৃতৰ পৰা আহিছে। এয়া সামাজিক ন্যায় আৰু সমতাৰ বিৰুদ্ধে। "

তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই কৰা মন্তব্যই  বিতৰ্কৰ সৃষ্টি কৰিছে । বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱীয়ই দাবী কৰিছে যে উদয়নিধিয়ে যি কৈছিল সেয়া ৮০ শতাংশ লোকক হত্যা কৰাৰ প্ৰৰোচনাৰ বাহিৰে আন একো নহয়। দক্ষিণৰ ৰাজ্যসমূহৰ কেইবাজনো বিজেপি নেতাই একে ধৰণেই প্ৰতিক্ৰিয়া ব্যক্ত  কৰিছে । বিতৰ্কৰ সন্মুখীন হৈ উদয়নিধিয়ে দাবী কৰিছে যে তেওঁ কেতিয়াও  গণহত্যাৰ আহ্বান জনোৱা নাছিল। ইয়াৰ পিছতে দেওবাৰে ৰাজস্থানত অমিত শ্বাহে কয়, "যদি মোদী জয়ী হয়, তেন্তে পৰম্পৰাগত শাসন চলি থাকিব। সনাতনে মানুহৰ হৃদয়ত ৰাজত্ব কৰে।’’ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয় যে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ভাৰত সংবিধান অনুসৰি চলিব বুলি কৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস