--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কৰ মাজত সোমাই পৰিছে তামিলনাডুৰ  মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰ উধায়নিধি।  ষ্টালিন পুত্ৰই  ডেংগু আৰু মেলেৰিয়াৰ সৈতে  সনাতন ধৰ্মৰ তুলনা কৰাৰ পিছতে বহুতে এতিয়া জাঙুৰ খাই উফঠিছে। ইয়াৰ মাজতে  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে এই মন্তব্যৰ প্ৰত্যুত্তৰ দি কয় যে এয়া ইণ্ডিয়া মিত্ৰজোঁটৰ  ৰাজনৈতিক অস্ত্ৰ । তেওঁ কয়  যে বিৰোধী ইণ্ডিয়া  মিত্ৰজোঁটে প্ৰকৃততে "হিন্দুত্বক ঘৃণা কৰে"। 

তেওঁলোকৰ উদ্দেশ্য হৈছে "পৰম্পৰাৰ ওপৰত আক্ৰমণ" কৰা।শ্বাহ দেওবাৰে নিৰ্বাচনমুখী ৰাজস্থানত এনেদৰে কয়। তেওঁ ডুংগৰপুৰত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি উদয়নিধি ষ্টেলিনৰ মন্তব্যৰ বিৰোধিতা কৰে।শ্বাহে  ইণ্ডিয়া মিত্ৰজোঁটে "ভোট বেংকৰ ৰাজনীতি" কৰাৰো  অভিযোগ কৰে। শ্বাহে  কয়- তেওঁলোকে 'তোষণ'ৰ ৰাজনীতি কৰি আছে। শ্বাহে ৰাহুল গান্ধীৰ ২০১০ চনৰ মন্তব্যৰ কথাও উল্লেখ কৰি কয় যে ৰাহুল গান্ধীয়েও "হিন্দুত্বক লস্কৰ-ই-তৈবাতকৈ ডাঙৰ ভাবুকি" বুলি কৈছিল।উদয়নিধিয়ে অলপতেএখন ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰি কৈছিল, "কিছুমান বস্তুৰ প্ৰতিবাদ কৰিব নোৱাৰি। সেইবোৰ বিলুপ্ত কৰিব লাগিব। আমি ডেংগু, মহ, মেলেৰিয়া বা কৰোনাৰ বিৰোধী নহয়। আমি ইয়াক আঁতৰ কৰিব লাগিব। একেদৰে, আমি সনাতন ধৰ্ম বাতিল কৰিব লাগিব। 'সনাতন' শব্দটো সংস্কৃতৰ পৰা আহিছে। এয়া সামাজিক ন্যায় আৰু সমতাৰ বিৰুদ্ধে। "

তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই কৰা মন্তব্যই  বিতৰ্কৰ সৃষ্টি কৰিছে । বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱীয়ই দাবী কৰিছে যে উদয়নিধিয়ে যি কৈছিল সেয়া ৮০ শতাংশ লোকক হত্যা কৰাৰ প্ৰৰোচনাৰ বাহিৰে আন একো নহয়। দক্ষিণৰ ৰাজ্যসমূহৰ কেইবাজনো বিজেপি নেতাই একে ধৰণেই প্ৰতিক্ৰিয়া ব্যক্ত  কৰিছে । বিতৰ্কৰ সন্মুখীন হৈ উদয়নিধিয়ে দাবী কৰিছে যে তেওঁ কেতিয়াও  গণহত্যাৰ আহ্বান জনোৱা নাছিল। ইয়াৰ পিছতে দেওবাৰে ৰাজস্থানত অমিত শ্বাহে কয়, "যদি মোদী জয়ী হয়, তেন্তে পৰম্পৰাগত শাসন চলি থাকিব। সনাতনে মানুহৰ হৃদয়ত ৰাজত্ব কৰে।’’ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয় যে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ভাৰত সংবিধান অনুসৰি চলিব বুলি কৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব