--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই নিশা পলমকৈ আহাৰ গ্ৰহণ কৰে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে এয়া মুঠেও স্বাস্থ্যসন্মত কথা নহয়। নিশা পলমকৈ আহাৰ গ্ৰহণ কৰাৰ ফলত হ’ব পাৰে মাৰাত্মক স্বাস্থ্যজনিত সমস্যা। বিশেষকৈ নিশা পলমকৈ  চৰ্বি বা চেনিৰে ভৰপূৰ গধুৰ  আহাৰ গ্ৰহণ নকৰিবলৈ  স্বাস্থ্য বিশেষজ্ঞসকলে  সতৰ্ক কৰি আহিছে।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে সপ্তাহত কমেও ৪ দিন বিচনালৈ যোৱাৰ কমেও ৩ ঘণ্টাৰ ভিতৰত খাদ্য গ্ৰহণ কৰিলে কলৰেক্টাল কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

 এটা নতুন অধ্যয়নত গৱেষকসকলে কেন্সাৰৰ পৰীক্ষাৰ বাবে কলনস্কপি কৰা ৬৬৪ জন লোকৰ পৰীক্ষাৰ অন্তত বিশেষজ্ঞসকলে তেনে সিদ্ধান্তত উপনীত হৈছে।  অধ্যয়নটোত ৪২% লোকে নিশা দেৰিকৈ আহাৰ খোৱা লোক। তেওঁলোকৰ  কলন’স্কপিৰ সময়ত পোৱা গৈছিল  এডিন’মা – এটা  ক্ষত –  ইয়াৰ পৰাই কেন্সাৰ হোৱাৰ সম্ভাৱনা ৪৬% বৃদ্ধি পায়। বিশেষজ্ঞসকলে  সেয়ে নিশা পলমকৈ আহাৰ গ্ৰহণৰ পৰা বিৰত থকাৰ পৰামৰ্শৰ  দিয়াৰ লগতে ৰেড মীট নাখাবলৈ, ফল-মূল আৰু শাক-পাচলি বেছিকৈ খাবলৈ কৈছে। 

টিউবলাৰ এডিন'মা হৈছে বৃহদান্ত্ৰত পোৱা কলৰেক্টাল কেন্সাৰ।  মানুহৰ মগজুত অৱস্থিত কেন্দ্ৰীয় চাৰ্কেডিয়ান কেন্দ্ৰই   ৰাতি টোপনি অহাৰ বাবে মেলাটনিন মুক্ত কৰে । তাৰ পৰিৱৰ্তে দেৰিকৈ  আহাৰ খালে  “পেৰিফেৰেল চাৰ্কেডিয়ান ৰিদম”ত বিসংগতি ঘটে। এগৰাকী গৱেষক ব্ৰাগানিনিয়ে কয়, “ মোৰ বহু ৰোগীয়ে মোক কৈছে যে যেতিয়া তেওঁলোকে নিশা পলমকৈ  খাদ্য খায়, তেতিয়া তেওঁলোকে সদায় স্বাস্থ্যকৰ খাদ্যৰ বাছনি নকৰে। তেওঁলোকৰ নিশাৰ খাদ্যৰ ভিতৰত সাধাৰণতে চেনি আৰু চৰ্বিৰ পৰিমাণ বেছি হয়। ইয়াৰ ফলত তেওঁলোকে শৰীৰে প্ৰয়োজনতকৈ বহু বেছি কেলৰি লাভ কৰে। ।গতিকে গভীৰ নিশা খাদ্য গ্ৰহণ কৰিলে অবাঞ্চিত ওজন বৃদ্ধি হ’ব পাৰে। খাদ্য হজমৰ ক্ষেত্ৰতো বাধা আহি পৰিব পাৰে। ” 

আমাৰ পাকস্থলীত থকা  কিছুমান ক্ষুদ্ৰ অণুজীৱৰ নিজস্ব আভ্যন্তৰীণ ঘড়ী থাকে,  যিয়ে দৈনিক এক নিৰ্দিষ্ট ছন্দ অনুসৰণ কৰে ।  আমি  যি খাও সেই কথাই  নিৰ্ধাৰণ কৰে এই অণুজীৱবোৰ  কিমান  সক্ৰিয় হৈ থাকিব।  ব্ৰগাগনিনিয়ে কয় ' যদি  নিশা পলমকৈ খোৱা  খাদ্য চেনি আৰু চৰ্বিযুক্ত খাদ্য হয় , তেন্তে আমাৰ  মাইক্ৰ'বায়'মত নেতিবাচক প্ৰভাৱ পেলাব পৰে আৰু ইয়াৰ ফলত কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি পায়।'  অৱশ্যে এই গৱেষণাই খুৱ কম সংখ্যক লোককহে সামৰি লৈছে। গতিকে গৱেষণাৰ সঠিক ফলাফল পাবলৈ আৰু অধিক পৰ্যালোচনাৰ  প্ৰয়োজন আছে বুলি বহুতে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ