--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কৰ্ণাটকৰ শেহতীয়া নিৰ্বাচনী ফলাফলকলৈ লৈ এতিয়া বিমৰ্ষ  হৈ পৰিছে গেৰুৱা বাহিনীৰ নেতা-কৰ্মীসকল। কিন্তু তাৰ পিছতো ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পুনৰ ধুমুহাৰ সৃষ্টি  কৰিব বুলি দলটোৰ বহু নেতাই দাবী কৰি অহাৰ লগতে আশাও কৰি আহিছে।    কৰ্ণাটকৰ নিৰ্বাচনী বিপৰ্যয়ৰ পিছতে গেৰুৱা দলটো দক্ষিণ ভাৰতত একেবাৰে ক্ষমতাশূন্য হৈ পৰিল ।

কাৰণ দক্ষিণৰ আন কোনো ৰাজ্যতে এতিয়া নাই বিজেপিৰ চৰকাৰ।  একে সময়তে সমগ্ৰ দেশৰ ৰাজনৈতিক মানচিত্ৰত গেৰুৱা দলটোৰ  প্ৰভাৱ যথেষ্ট হ্ৰাস পোৱা পৰলক্ষিত হৈছে বিভিন্ন পৰিসংখ্যাৰ পৰাই। এই মুহূৰ্তত দেশৰ ৰাজনৈতিক মানচিত্ৰত অ-বিজেপি ৰাজনৈতিক দলবোৰৰ প্ৰভাৱ বিজেপিতকৈ  বহু বেছি।কৰ্ণাটকত পৰাজয়ৰ পিছত বিজেপিয়ে মাত্ৰ নখন ৰাজ্যত অকলে  শাসন চলাই আছে। সেই ৰাজ্য কেইখন হৈছে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, গোৱা, অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশ।

সমগ্ৰ দেশৰ মুঠ জনসংখ্যাৰ ৩৪ শতাংশ লোকে বিজেপি শাসিত এই ন খন ৰাজ্যত বাস কৰে। । একে সময়তে বিজেপি মিত্ৰজোঁটৰ শাসনত থকা আন ছয়খন ৰাজ্য হৈছে মহাৰাষ্ট্ৰ, হাৰিয়ানা, মেঘালয়, নাগালেণ্ড, ছিকিম, পুডুচেৰী। এই ৰাজ্য কেইখনৰ  ভিতৰত কেৱল হাৰিয়ানাতহে বিজেপিৰ মুখ্যমন্ত্ৰী আছে,  বাকী ৰাজ্যকেইখনত  মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে মিত্ৰজোঁটৰ ৰাজনীতিকহে। দেশৰ ন খন বিজেপি শাসিত আৰু ছ খন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্যৰ কথা বিবেচনা কৰিলে  বিজেপি আৰু ইয়াৰ মিত্ৰশক্তিয়ে দেশৰ প্ৰায় ৪৫ শতাংশ এলেকাতহে শাসন কৰে।

এতিয়া অহা যাওঁক কংগ্ৰেছৰ কথালৈ । বৰ্তমান কংগ্ৰেছে কেৱল দেশৰ চাৰিখন ৰাজ্যৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিছে। সেই কেই খন ৰাজ্য হৈছে ৰাজস্থান, কৰ্ণাটক, ছত্তীশগড়, হিমাচল প্ৰদেশ।  দেশৰ জনসংখ্যাৰ প্ৰায় ১৩.৫ শতাংশ লোক এই ৰাজ্য কেইখনত বাস কৰে।। কংগ্ৰেছ বিহাৰ, তামিলনাডু আৰু ঝাৰখণ্ডৰ শাসকীয় মিত্ৰজোঁটৰ অংশ হৈ আছে। এই অঞ্চলবোৰত দেশৰ জনসংখ্যাৰ ১৭ শতাংশ লোকে বাস কৰে।

অৰ্থাৎ কংগ্ৰেছে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দেশৰ জনসংখ্যাৰ ৩০.৫  শতাংশ অঞ্চলত শাসন কৰি আহিছে।অন্যান্য ৰাজনৈতিক দলসমূহে নখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিজৰ ক্ষমতা বজাই ৰাখিছে এই ৰাজ্য কেইখন   হৈছে পশ্চিমবংগ, কেৰালা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ওড়িশা,মিজোৰাম, দিল্লী, পঞ্জাৱ। এই ৰাজ্য কেই খন   জনসংখ্যাৰ কমেও ২৪ শতাংশ লোকৰ বাসস্থান। ইয়াৰ বাহিৰেও জম্মু আৰু কাশ্মীৰতো  সকলো মিলাই হিচাপ কৰিলে  দেশৰ জনসংখ্যাৰ প্ৰায় ৫৫ শতাংশ লোকে  বৰ্তমান অ-বিজেপি শাসিত ৰাজ্যত বাস কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে