--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰথমটো বক্তব্য প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ আকাংক্ষা পূৰণৰ বাবে মোৰ শুভেচ্ছা। কৰ্ণাটকৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে। য’ত কংগ্ৰেছে বিপুল সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্ণাটকৰ নিৰ্বাচনত আমাক সহায় কৰা সকলোকে ধন্যবাদ জনাইছো। বিজেপি কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লৈছো। আমি আগন্তুক সময়ত আৰু অধিক উৎসাহেৰে কৰ্ণাটক সেৱা কৰিম।

কৰ্ণাটকত এতিয়ালৈকে বিজেপিয়ে শোচনীয় পৰাজয় লাভ কৰিছে। বাসৱৰাজ বোম্মাই নেতৃত্বাধীন বিজেপি চৰকাৰৰ বহু বিদায়ী মন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষও নিৰ্বাচনত পৰাস্ত হৈছে। বিধানসভাৰ অধ্যক্ষ বিশ্বেশ্বৰ হেগড়ে কাগেৰীৰ উপৰিও বি. শ্ৰীৰামলু, কে সুধাকৰ, জে. চি মধুস্বামী, গোবিন্দ কাৰ্জোল, এম টি বি নাগাৰাজ আৰু কে. গ নাৰায়ণ গৌড়াই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইয়ে কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ পিছতো কৰ্ণাটকত বিজেপিয়ে কোনো চিন ৰাখিব নোৱাৰিলে। এই পৰাজয়ৰ দায়িত্ব মই লওঁ। বাসৱৰাজ বোম্মাই চৰকাৰৰ বহু মন্ত্ৰী নিশ্চিতভাৱে পৰাস্ত হৈছে যদিও মুখ্যমন্ত্ৰীয়ে শিগাওঁ সমষ্টিৰ পৰা নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ য়াছিৰ আহমেদ খান পাঠানক পৰাস্ত কৰি একেৰাহে চতুৰ্থবাৰৰ বাবে জয়লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে