--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰথমটো বক্তব্য প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ আকাংক্ষা পূৰণৰ বাবে মোৰ শুভেচ্ছা। কৰ্ণাটকৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে। য’ত কংগ্ৰেছে বিপুল সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্ণাটকৰ নিৰ্বাচনত আমাক সহায় কৰা সকলোকে ধন্যবাদ জনাইছো। বিজেপি কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লৈছো। আমি আগন্তুক সময়ত আৰু অধিক উৎসাহেৰে কৰ্ণাটক সেৱা কৰিম।

কৰ্ণাটকত এতিয়ালৈকে বিজেপিয়ে শোচনীয় পৰাজয় লাভ কৰিছে। বাসৱৰাজ বোম্মাই নেতৃত্বাধীন বিজেপি চৰকাৰৰ বহু বিদায়ী মন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষও নিৰ্বাচনত পৰাস্ত হৈছে। বিধানসভাৰ অধ্যক্ষ বিশ্বেশ্বৰ হেগড়ে কাগেৰীৰ উপৰিও বি. শ্ৰীৰামলু, কে সুধাকৰ, জে. চি মধুস্বামী, গোবিন্দ কাৰ্জোল, এম টি বি নাগাৰাজ আৰু কে. গ নাৰায়ণ গৌড়াই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইয়ে কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ পিছতো কৰ্ণাটকত বিজেপিয়ে কোনো চিন ৰাখিব নোৱাৰিলে। এই পৰাজয়ৰ দায়িত্ব মই লওঁ। বাসৱৰাজ বোম্মাই চৰকাৰৰ বহু মন্ত্ৰী নিশ্চিতভাৱে পৰাস্ত হৈছে যদিও মুখ্যমন্ত্ৰীয়ে শিগাওঁ সমষ্টিৰ পৰা নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ য়াছিৰ আহমেদ খান পাঠানক পৰাস্ত কৰি একেৰাহে চতুৰ্থবাৰৰ বাবে জয়লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু