--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীন আৰু পাকিস্তানৰ ভাবুকি চম্ভালিবলৈ ভাৰতে ইউক্ৰেইনৰ পৰা শিক্ষা লোৱা উচিত। এই পৰামৰ্শ আগবঢ়াইছে ইউক্ৰেইনৰ জেলেনস্কি চৰকাৰৰ বৈদেশিক পৰিক্ৰমা উপ-মন্ত্ৰী ইমিন জাপাৰ’ভাই। ভাৰতক ইউক্ৰেইনৰ আদৰ্শ ল’বলৈ তেওঁ পৰামৰ্শ দিয়ে।

মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত ‘ইণ্ডিয়ান কাউন্সিল অৱ ৱৰ্ল্ড এফেয়াৰ্ছ’ (আই চি ডব্লিউ এ)ৰ বৈঠকত তেওঁ কয় যে, ভাৰতে  কঠিন চুবুৰীয়া দেশৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে, সেই বিষয়ে ইউক্ৰেইনৰ ক্ৰিমিয়াৰ পৰিস্থিতিৰ পৰা শিকিব পাৰে।

৪ দিনীয়া ভাৰত ভ্ৰমণৰ বাবে দেওবাৰে নতুন দিল্লীত উপস্থিত হয় এমিন। যোৱা বছৰৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়া সেনাৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে ইউক্ৰেইনৰ মন্ত্ৰী ভাৰত ভ্ৰমণ কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে ৰাষ্ট্ৰসংঘত ইউক্ৰেইন যুদ্ধক লৈ আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে অনা কোনো প্ৰস্তাৱক নতুন দিল্লীয়ে এতিয়াও সমৰ্থন কৰা নাই। ইমিনৰ মতে এই পৰিস্থিতিত এনেধৰণৰ ‘দায়বদ্ধতা পৰিহাৰ’ কৌশল বিশেষভাৱে উপযোগী নহয়। চীন আৰু পাকিস্তানৰ দৰে কঠোৰ প্ৰতিবেশী দেশৰ সৈতে যদি সঠিকভাৱে মোকাবিলা কৰা নহয় তেন্তে সমস্যাটো আৰু ডাঙৰ হ’ব পাৰে বুলিও তেওঁ কয়।

একাংশ কূটনৈতিক মহলৰ মতে ইমিনৰ এই মন্তব্যত লাডাখৰ ভাৰত-চীন সংঘাত আৰু পাকিস্তান সীমান্তৰ পৰিস্থিতিৰ কথা উল্লেখ কৰা হৈছে। মস্কো আৰু নতুন দিল্লীৰ পুৰণি বন্ধুত্বক মনত ৰাখি ইউক্ৰেইনে ভাৰতৰ সৈতে বন্ধুত্ব বিচাৰে বুলিও জেলেনস্কিৰ মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ কয়, ‘মই এটা বাৰ্তা লৈ ভাৰতলৈ আহিছো। ইউক্ৰেইনে সঁচাকৈয়ে বিচাৰে ভাৰত আৰু ইউক্ৰেইন আৰু অধিক ঘনিষ্ঠ হওক। আমি ভাৰতৰ সৈতে নতুন সম্পৰ্ক আৰম্ভ কৰিব বিচাৰো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত