--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীন আৰু পাকিস্তানৰ ভাবুকি চম্ভালিবলৈ ভাৰতে ইউক্ৰেইনৰ পৰা শিক্ষা লোৱা উচিত। এই পৰামৰ্শ আগবঢ়াইছে ইউক্ৰেইনৰ জেলেনস্কি চৰকাৰৰ বৈদেশিক পৰিক্ৰমা উপ-মন্ত্ৰী ইমিন জাপাৰ’ভাই। ভাৰতক ইউক্ৰেইনৰ আদৰ্শ ল’বলৈ তেওঁ পৰামৰ্শ দিয়ে।

মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত ‘ইণ্ডিয়ান কাউন্সিল অৱ ৱৰ্ল্ড এফেয়াৰ্ছ’ (আই চি ডব্লিউ এ)ৰ বৈঠকত তেওঁ কয় যে, ভাৰতে  কঠিন চুবুৰীয়া দেশৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে, সেই বিষয়ে ইউক্ৰেইনৰ ক্ৰিমিয়াৰ পৰিস্থিতিৰ পৰা শিকিব পাৰে।

৪ দিনীয়া ভাৰত ভ্ৰমণৰ বাবে দেওবাৰে নতুন দিল্লীত উপস্থিত হয় এমিন। যোৱা বছৰৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়া সেনাৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে ইউক্ৰেইনৰ মন্ত্ৰী ভাৰত ভ্ৰমণ কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে ৰাষ্ট্ৰসংঘত ইউক্ৰেইন যুদ্ধক লৈ আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে অনা কোনো প্ৰস্তাৱক নতুন দিল্লীয়ে এতিয়াও সমৰ্থন কৰা নাই। ইমিনৰ মতে এই পৰিস্থিতিত এনেধৰণৰ ‘দায়বদ্ধতা পৰিহাৰ’ কৌশল বিশেষভাৱে উপযোগী নহয়। চীন আৰু পাকিস্তানৰ দৰে কঠোৰ প্ৰতিবেশী দেশৰ সৈতে যদি সঠিকভাৱে মোকাবিলা কৰা নহয় তেন্তে সমস্যাটো আৰু ডাঙৰ হ’ব পাৰে বুলিও তেওঁ কয়।

একাংশ কূটনৈতিক মহলৰ মতে ইমিনৰ এই মন্তব্যত লাডাখৰ ভাৰত-চীন সংঘাত আৰু পাকিস্তান সীমান্তৰ পৰিস্থিতিৰ কথা উল্লেখ কৰা হৈছে। মস্কো আৰু নতুন দিল্লীৰ পুৰণি বন্ধুত্বক মনত ৰাখি ইউক্ৰেইনে ভাৰতৰ সৈতে বন্ধুত্ব বিচাৰে বুলিও জেলেনস্কিৰ মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ কয়, ‘মই এটা বাৰ্তা লৈ ভাৰতলৈ আহিছো। ইউক্ৰেইনে সঁচাকৈয়ে বিচাৰে ভাৰত আৰু ইউক্ৰেইন আৰু অধিক ঘনিষ্ঠ হওক। আমি ভাৰতৰ সৈতে নতুন সম্পৰ্ক আৰম্ভ কৰিব বিচাৰো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ