--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেজৰ বৰণ ৰঙা৷ তেজৰ নাই কোনো ধৰ্মীয় পৰিচয়। হিন্দুৰ তেজো ৰঙা, মুছলমানৰ তেজৰ ৰঙো ৰঙাই৷ বৰ্তমান মুছলমানসকলৰ  ৰমজান মাহ চলি আছে। প্ৰায়ভাগ  মুছলমান লোকেই এই মাহটোত ৰোজা ৰাখে। ৰোজা ৰখাসকলে সূৰ্যাস্তৰ পিছত কিবা খাই উপবাস ভংগ কৰাটো নিয়ম।কিন্তু মানৱতাৰ খাতিৰতে সময়তকৈ আগতেই ৰোজা  ভংগ কৰি ৰক্তদানেৰে এজন  মুছলমান যুৱকে  এগৰাকী হিন্দু  'ভগ্নী'ৰ জীৱনৰক্ষা কৰি সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷

 সম্প্ৰীতিৰ এনে দৃশ্য দেখা গৈছে পশ্চিমবংগৰ বোলপুৰত৷ লাভপুৰ ফিৰা গাঁৱৰ বাসিন্দা ব্ৰতী মাঝিয়ে  জন্মৰে পৰাই থেলাচেমিয়াৰ ৰোগত   ভুগি আছে। তেওঁৰ বয়স ১৬ বছৰ। তেওঁ কিছুদিন ধৰি  ৰক্তহীনতাত ভুগি আছিল। তেওঁক হৈছিল প্ৰচুৰ তেজৰ প্ৰয়োজন। ছোৱালীজনীৰ দেউতাকে  বি-পজিটিভ গ্ৰুপৰ  ৰক্তদাতাৰ  সন্ধানত এজন ৰক্তদাতা বিচাৰি আছিল। বোলপুৰ শিক্ষক আৰু সমাজকৰ্মী শ্যামল মাঝিয়ে তেওঁৰ ইছলামধৰ্মী  ছাত্ৰ শ্বেখ নুৰ ইছলামক ছোৱালীজনীক  তেজ দিবলৈ অনুৰোধ কৰিছিল। নুৰে কোনো দ্বিধাবোধ  নকৰাকৈয়ে ৰমজান মাহত ৰোজা ভংগ কৰে আৰু স্বেচ্ছাই বোলপুৰৰ  চিয়ান চিকিৎসালয়ত ছোৱালীজনীৰ বাবে ৰক্তদান কৰে।

ব্ৰতীৰ দেউতাক প্ৰদীপ মাঝিয়ে কয়, "বোলপুৰত কোনো বি পজিটিভ তেজ থকা লোক  নাই। পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি এই গ্ৰুপৰ তেজ থকা লোক বিচাৰি আছিল । সকলোৱে তেজ নোপোৱাৰ বাবে হতাশ হৈ পৰিছিল। এনে পৰিস্থিতিত নুৰ এজন দেৱদূতৰ দৰে তেওঁলোকৰ কাষলৈ আহিছিল।’’ আনহাতে, শ্বেখ নুৰ ইছলামে কয় যে শিক্ষক শ্যামলৰ পৰা  ফোনটো পোৱাৰ লগে লগে তেওঁ আৰু ৰ’ব নোৱাৰিলে৷  থেলাচেমিয়াত ভুগি থকা সৰু ভনীয়েকক তেজ দি তেওঁ সুখী। তেওঁ কয়, "মই ৰোজা ভংগ কৰি  তেজ দিছিলো, কিয়নো মানুহৰ সেৱা কৰাই ধৰ্ম। আল্লা  ইয়াতেই বহুত সুখী হ'ব। "








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ