--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেজৰ বৰণ ৰঙা৷ তেজৰ নাই কোনো ধৰ্মীয় পৰিচয়। হিন্দুৰ তেজো ৰঙা, মুছলমানৰ তেজৰ ৰঙো ৰঙাই৷ বৰ্তমান মুছলমানসকলৰ  ৰমজান মাহ চলি আছে। প্ৰায়ভাগ  মুছলমান লোকেই এই মাহটোত ৰোজা ৰাখে। ৰোজা ৰখাসকলে সূৰ্যাস্তৰ পিছত কিবা খাই উপবাস ভংগ কৰাটো নিয়ম।কিন্তু মানৱতাৰ খাতিৰতে সময়তকৈ আগতেই ৰোজা  ভংগ কৰি ৰক্তদানেৰে এজন  মুছলমান যুৱকে  এগৰাকী হিন্দু  'ভগ্নী'ৰ জীৱনৰক্ষা কৰি সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷

 সম্প্ৰীতিৰ এনে দৃশ্য দেখা গৈছে পশ্চিমবংগৰ বোলপুৰত৷ লাভপুৰ ফিৰা গাঁৱৰ বাসিন্দা ব্ৰতী মাঝিয়ে  জন্মৰে পৰাই থেলাচেমিয়াৰ ৰোগত   ভুগি আছে। তেওঁৰ বয়স ১৬ বছৰ। তেওঁ কিছুদিন ধৰি  ৰক্তহীনতাত ভুগি আছিল। তেওঁক হৈছিল প্ৰচুৰ তেজৰ প্ৰয়োজন। ছোৱালীজনীৰ দেউতাকে  বি-পজিটিভ গ্ৰুপৰ  ৰক্তদাতাৰ  সন্ধানত এজন ৰক্তদাতা বিচাৰি আছিল। বোলপুৰ শিক্ষক আৰু সমাজকৰ্মী শ্যামল মাঝিয়ে তেওঁৰ ইছলামধৰ্মী  ছাত্ৰ শ্বেখ নুৰ ইছলামক ছোৱালীজনীক  তেজ দিবলৈ অনুৰোধ কৰিছিল। নুৰে কোনো দ্বিধাবোধ  নকৰাকৈয়ে ৰমজান মাহত ৰোজা ভংগ কৰে আৰু স্বেচ্ছাই বোলপুৰৰ  চিয়ান চিকিৎসালয়ত ছোৱালীজনীৰ বাবে ৰক্তদান কৰে।

ব্ৰতীৰ দেউতাক প্ৰদীপ মাঝিয়ে কয়, "বোলপুৰত কোনো বি পজিটিভ তেজ থকা লোক  নাই। পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি এই গ্ৰুপৰ তেজ থকা লোক বিচাৰি আছিল । সকলোৱে তেজ নোপোৱাৰ বাবে হতাশ হৈ পৰিছিল। এনে পৰিস্থিতিত নুৰ এজন দেৱদূতৰ দৰে তেওঁলোকৰ কাষলৈ আহিছিল।’’ আনহাতে, শ্বেখ নুৰ ইছলামে কয় যে শিক্ষক শ্যামলৰ পৰা  ফোনটো পোৱাৰ লগে লগে তেওঁ আৰু ৰ’ব নোৱাৰিলে৷  থেলাচেমিয়াত ভুগি থকা সৰু ভনীয়েকক তেজ দি তেওঁ সুখী। তেওঁ কয়, "মই ৰোজা ভংগ কৰি  তেজ দিছিলো, কিয়নো মানুহৰ সেৱা কৰাই ধৰ্ম। আল্লা  ইয়াতেই বহুত সুখী হ'ব। "








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন