--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ৰাজনীতিত যোৱা কেইটামান বৰ্ষত, প্ৰধানত: ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ‘পাপ্পু’ হিচাপে অভিহিত কৰিছিল বিজেপিয়ে। দেশৰ জনসাধাৰণৰ সন্মুখত কংগ্ৰেছ নেতাগৰাকীৰ মান হ্ৰাস কৰাৰ উদ্দেশ্যে এই ৰাজনৈতিক কূটনীতি কৰিছিল বিজেপিয়ে। বিজেপিৰ এই ৰাজনৈতিক পাশাত দলটোৰ প্ৰতি অনুগত একাংশ মূলসুঁতিৰ সংবাদ মাধ্যমেও হাত উজান দিছিল আৰু বিচৰা ধৰণেই ৰাহুল গান্ধীৰ এক ঋণাত্মক প্ৰতিচ্ছবি দেশৰ জনসাধাৰণৰ সমুখত গঢ় লৈ উঠিছিল। পিছে ভাৰতীয় ৰাজনীতিৰ এই ‘পাপ্পু’ অভিধা এতিয়া ৰাহুল গান্ধীৰ পৰা আন এগৰাকী হাইপ্ৰফাইল তথা প্ৰতিপত্তিশীল নেতাৰ সৈতে সাঙোৰ খাই পৰিছে। এই নেতাগৰাকী আন কোনো নহয়, সম্প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ পাছতে দেশৰ দ্বিতীয়গৰাকী ক্ষমতাশালী নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক এই ‘পাপ্পু’ আখ্যা দিছে পশ্চিম বংগৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে। শুকুৰবাৰে কয়লাৰ চোৰাং ব্যৱসায়ৰ তদন্তৰ বাবে কলকাতাৰ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ কাৰ্যালয়ত প্ৰায় আঠ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন হোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সমালোচনাত মুখৰ হৈ পৰে তৃণমূল নেতাগৰাকী। অমিত শ্বাহক উদ্দেশ্যি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰি বেনাৰ্জীয়ে শ্বাহক প্ৰকৃত পাপ্পু বুলি অভিহিত কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাম উচ্চাৰণ নকৰাকৈ অভিষেক বেনাৰ্জীয়ে কয় যে বিজেপিয়ে দেশৰ আন এটা দলৰ এজন নেতাক 'পাপ্পু' বুলি দাবী কৰে। কিন্তু বাস্তৱত অমিত শ্বাহ নিজেই আটাইতকৈ ডাঙৰ 'পাপ্পু'। কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থাসমূহ ব্যৱহাৰ নকৰাকৈ অমিত শ্বাহে ৰাজনীতি কৰিব নোৱাৰে বুলিও বেনাৰ্জীয়ে শ্বাহক কঠোৰ নিন্দা কৰে।

পশ্চিম বংগত কয়লা আৰু গৰুৰ চোৰাং ব্যৱসায়ৰ বাবে গৃহমন্ত্ৰী শ্বাহক প্ৰত্যক্ষভাৱে দায়ী আখ্যা দি বেনাৰ্জীয়ে অভিযোগ কৰে যে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (CISF) কয়লা কেলেংকাৰীৰ সৈতে জড়িত। সেইদৰে সীমান্তত গৰুৰ চোৰাং ব্যৱসায় সংঘটিত হোৱাৰ সময়ত সীমান্ত সুৰক্ষা বাহিনী (BSF)- এ কি কৰি আছিল বুলি প্ৰশ্ন উত্থাপন কৰে অভিষেক বেনাৰ্জীয়ে। এনে যুক্তিৰ আধাৰতে বেনাৰ্জীয়ে এয়া গৰু সৰবৰাহকাৰী দুৰ্নীতিৰ পৰিৱৰ্তে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দুৰ্নীতি বুলি অভিযোগ কৰে। আনহাতে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰমানিকক আক্ৰমণ কৰিও তৃণমূল নেতাগৰাকীয়ে প্ৰমানিকক গৰু চোৰ আখ্যা দিয়ে। বেনাৰ্জীয়ে কয়, “কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰমানিক নিজেই এগৰাকী গৰু চোৰ। এতিয়া গৰু চোৰেই গৰু চুৰিৰ তদন্ত কৰি আছে।"

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট জেৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে সাক্ষাতৰ সময়ত বেনাৰ্জীয়ে কয়: "যদি কোনোবাই প্ৰমাণ কৰিব পাৰে যে মই অবৈধভাৱে পাঁচ পইচাও লৈছো, তেন্তে মই ফাঁচী কাঠত ওলমিবলৈ সাজু। মই ৩০ বাৰ প্ৰশ্নৰ সন্মুখীন হ'বলৈ সাজু। মই বংগৰ জনসাধাৰণৰ সন্মুখত সেৱা জনাবলৈ সাজু আছো, কিন্তু কেতিয়াও বিজেপিৰ সন্মুখত শিৰনত নহওঁ।"

উল্লেখ্য যে শুকুৰবাৰৰ জেৰাৰ সৈতে তৃণমূলৰ অন্যতম শীৰ্ষস্থানীয় নেতাগৰাকী তৃতীয়বাৰৰ বাবে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জেৰাৰ সন্মুখীন হৈছে। আন এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- এ চলিত বৰ্ষৰ জুলাই মাহত কয়লা কেলেংকাৰীত জড়িত ৪১ গৰাকী ব্যক্তিৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছিল যদিও এই অভিযোগপত্ৰত অভিষেক বেনাৰ্জীৰ নাম উল্লেখ নাছিল।

ইফালে যোৱা দেওবাৰে ডুবাইত অনুষ্ঠিত হোৱা এছিয়া কাপৰ গ্ৰুপ মেচত ভাৰতে পাকিস্তানক পৰাস্ত কৰাৰ পিছত ষ্টেডিয়ামত উপস্থিত থকা গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ তথা বিচিচিআইৰ সচিব জয় শ্বাহৰ এটা ভিডিঅ' ভাইৰেল হৈছিল। ভিডিঅ’টোত ভাৰতৰ জয়ৰ পিছত শ্বাহলৈ কাষতে থকা আন এগৰাকী লোকে দেশৰ পতাকা আগবঢ়াই দিয়াৰ সময়ত জয় শ্বাহে সেই পতাকা ল’বলৈ অস্বীকাৰ কৰা দেখা গৈছিল। এই ভিডিঅ’টোক কেন্দ্ৰ কৰিও বেনাৰ্জীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আক্ৰমণ কৰে। জয় শ্বাহৰ এই নিৰ্দিষ্ট দৃশ্যটোৰ কথা উল্লেখ কৰে বেনাৰ্জীয়ে অমিত শ্বাহে বংগবাসীক দেশপ্ৰেম শিকোৱাৰ পূৰ্বে প্ৰথমে তেওঁৰ পুত্ৰক দেশপ্ৰেম শিকাওক বুলি কটাক্ষ কৰে।

জয় শ্বাহক সমালোচনা কৰাৰ বাবেই যদি অমিত শ্বাহে ক্ষমতা প্ৰয়োগ কৰি তেওঁৰ বিৰুদ্ধে ইডি আৰু চিবিআইৰ ভয় খুৱাব বিচাৰে, তেতিয়া শ্বাহে সেয়া ভুল ভাবিছে বুলিও অভিষেক বেনাৰ্জীয়ে সকীয়াই  দিয়ে। বেনাৰ্জীয়ে লগতে কয় যে বিজেপিৰ নিৰ্দেশত কেন্দ্ৰীয় সংস্থাসমূহে এতিয়ালৈকে তেওঁৰ লগতে পত্নীকো সাতবাৰ জেৰা কৰিছে যদিও কোনো প্ৰমাণ লাভত ব্যৰ্থ হৈছে তদন্তকাৰী সংস্থা। কিন্তু ইয়াৰ পাছতো কেমেৰাত উৎকোচ লৈ থকা অৱস্থাতে ধৰা পৰা বিজেপি নেতাসকলক কেতিয়াও কেন্দ্ৰীয় সংস্থাসমূহে চমন দিয়া নাই বুলিও তেওঁ অভিযোগ কৰে।

ইফালে এক সংবাদ মেল যোগে তৃণমূল নেতৃত্বই বংগত তৃণমূলে অপাৰ সমৰ্থন লাভ কৰাত ভীতিগ্ৰস্ত হৈয়ে বিজেপিয়ে তৃণমূল নেতাসকলক হাৰাশাস্তি কৰিবলৈ তথা বংগৰ ক্ষমতা দখল কৰিবলৈ কেন্দ্ৰীয় সংস্থাসমূহক ব্যৱহাৰ কৰিছে বুলি অভিযোগ কৰে। ২৯ আগষ্টত দলটোৰ যুৱ শাখাৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাষণ দি দলৰ মুৰব্বী তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিষেক বেনাৰ্জী আৰু তেওঁৰ পত্নীক চমন জাৰি কৰাৰ পিছত এতিয়া তেওঁলোকৰ দুবছৰীয়া কন্যা সন্তানলৈও জাননী জাৰি কৰিব পাৰে বুলি কটাক্ষ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement