--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ অৰ্থনীতি বিশ্বৰ আন বহু আগশাৰীৰ দেশৰ তুলনাত বহু ওপৰৰ বুলি চৰকাৰে দাবী কৰি অহাৰ সময়তে দেশৰ সৰ্ববৃহৎ ৰাজহুৱা  খণ্ডৰ বেংকে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰতিবেদনত ইয়াৰ ওলোটা ছবি এখনহে দেখিবলৈ পোৱা গৈছে।ষ্টেট বেংক অব্ ইণ্ডিয়া (এছ বি আই)ৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে  ২০২৩ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডি পি) বৃদ্ধি পাব মাত্ৰ  ৬.৮ শতাংশহে।  
অথচ দেশৰ বহু ৰাজনীতিকে দেশৰ মুঠ ঘৰুৱা উৎপাদন অভাৱনীয় ভাবে বৃদ্ধি পাব বুলি কৈ আহিছে যদিও কৃষি, উদ্যোগকে ধৰি আন কেইবাটাও খণ্ডত আহি পৰা মন্থৰ গতিৰ বাবে দেশৰ মুঠ ঘৰুৱা উৎপাদন ২০২৩ চনত ৬.৮ শতাংশৰ ভিতৰতে সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছে।  পূৰ্বে এছ বি আয়ে দেশৰ জি ডি পি বৃদ্ধি ৭.৫ শতাংশ হাৰত হ'ব বুলি অনুমান  কৰিছিল।

কিন্তু শেহতীয়াকৈ কেইবাটাও কাৰক বিবেচনা কৰি  মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ পূৰ্বৰ   ৭.৫ শতাংশৰ ঠাইত  ৬.৮ শতাংশলৈ হ’ব বুলিহে কৈছে।  এছ বি আইৰ মুখ্য অর্থনৈতিক উপদেষ্টা সৌম্য কান্তি ঘোষে এই প্ৰসংগত কয়— 'পৰিসংখ্যাগত হিচাপকে ধৰি আন কিছুমান কাৰক বিবেচনা কৰি  এছ বি আয়ে বার্ষিক জি ডি পি বৃদ্ধিৰ হাৰ হ্ৰাস কৰিছে’।  বছৰটোৰ দ্বিতীয়াৰ্ধত এই হাৰ কিছু বৃদ্ধি পাব পাৰে বুলি তেওঁ কয়। কিছুদিন পূৰ্বে  ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে  ২০২২-২৩  বিত্তীয় বৰ্ষৰ এপ্রিল-জুন মাহৰ ত্রিমাসিকত জি ডি পি বৃদ্ধিৰ হাৰ  ১৩.৫ শতাংশ বুলি উল্লেখ কৰিছিল। 

২০২২-২৩  বিত্তীয় বৰ্ষৰ এপ্রিল-জুন মাহৰ ত্রিমাসিকত টকাৰ হিচাবত মুঠ ঘৰুৱা উৎপাদন আছিল ৩৬.৮৫ লাখ কোটি টকা। একেদৰে ২০২২ বিত্তীয় বৰ্ষৰ প্ৰথম ত্রিমাসিকত জি ডি পি বৃদ্ধিৰ হাৰ আছিল ২০.১ শতাংশ। লক্ষ্যণীয় ভাবে ২০২২ বিত্তীয় বৰ্ষৰ প্ৰথম ত্রিমাসিকত জি ভি এ বৃদ্ধিৰ হাৰ ১৮.১ শতাংশ আছিল যদিও বহু কেইটা খণ্ডৰ পয়ালগা অৱস্থাৰ বাবে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রিমাসিকত এই হাৰঅৱনমিত হৈ  ১২.৭ শতাংশ হৈছে। আনহাতে গ'ল্ডমেন ছাৰ্‌ছৰ মতেও আগতে অনুমাণ কৰা  ৭.২ শতাংশ জিডিপি বৃদ্ধিৰ পৰিৱৰ্তে পৰিবৰ্তে ৭ শতাংশহে জি ডি পিৰ বৃদ্ধি হ’ব। 

এই সংস্থাটোৰ বিষয়া শান্তনু সেনগুপ্তাই কয় যে নতুন এই হাৰে তেওঁলোকক হতাশ কৰিছে। উল্লেখ্য আন কেইবাটাও সমীক্ষাকাৰী সংস্থাই দেশৰ  জি ডি পি বৃদ্ধিৰ হাৰ ৮.৮ শতাংশ হ’ব বুলি অনুমাণ কৰিছিল যদিও এই হাৰ পিছত  ৭.৭ শতাংশলৈ হ্ৰাস কৰিবলৈ বাধ্য হৈছে।  চিটি গ্রুপেও জিডিপি বৃদ্ধিৰ হাৰ হাৰ ৮ শতাংশৰ পৰা ৬.৭ শতাংশলৈ হ্ৰাস কৰিছে।

 এনে হোৱাৰ কাৰণবোৰৰ ভিতৰত দেশৰ কৃষি খণ্ডটো কেলধেপ কেলধেপকৈ জীয়াই আছে যদিও ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগবোৰৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। চৰকাৰী অনুগ্ৰহ নোহোৱাকৈয়ে বহু  ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগ চলি আছে অথবা বহু উদ্যোগ বন্ধ হৈ পৰিছে। নিৱনুৱা সমস্যা, শিক্ষাৰ অনগ্ৰসৰতা আদি কাৰকসমূহেও এইক্ষেত্ৰত প্ৰভাৱ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ