--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ অৰ্থনীতি বিশ্বৰ আন বহু আগশাৰীৰ দেশৰ তুলনাত বহু ওপৰৰ বুলি চৰকাৰে দাবী কৰি অহাৰ সময়তে দেশৰ সৰ্ববৃহৎ ৰাজহুৱা  খণ্ডৰ বেংকে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰতিবেদনত ইয়াৰ ওলোটা ছবি এখনহে দেখিবলৈ পোৱা গৈছে।ষ্টেট বেংক অব্ ইণ্ডিয়া (এছ বি আই)ৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে  ২০২৩ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডি পি) বৃদ্ধি পাব মাত্ৰ  ৬.৮ শতাংশহে।  
অথচ দেশৰ বহু ৰাজনীতিকে দেশৰ মুঠ ঘৰুৱা উৎপাদন অভাৱনীয় ভাবে বৃদ্ধি পাব বুলি কৈ আহিছে যদিও কৃষি, উদ্যোগকে ধৰি আন কেইবাটাও খণ্ডত আহি পৰা মন্থৰ গতিৰ বাবে দেশৰ মুঠ ঘৰুৱা উৎপাদন ২০২৩ চনত ৬.৮ শতাংশৰ ভিতৰতে সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছে।  পূৰ্বে এছ বি আয়ে দেশৰ জি ডি পি বৃদ্ধি ৭.৫ শতাংশ হাৰত হ'ব বুলি অনুমান  কৰিছিল।

কিন্তু শেহতীয়াকৈ কেইবাটাও কাৰক বিবেচনা কৰি  মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ পূৰ্বৰ   ৭.৫ শতাংশৰ ঠাইত  ৬.৮ শতাংশলৈ হ’ব বুলিহে কৈছে।  এছ বি আইৰ মুখ্য অর্থনৈতিক উপদেষ্টা সৌম্য কান্তি ঘোষে এই প্ৰসংগত কয়— 'পৰিসংখ্যাগত হিচাপকে ধৰি আন কিছুমান কাৰক বিবেচনা কৰি  এছ বি আয়ে বার্ষিক জি ডি পি বৃদ্ধিৰ হাৰ হ্ৰাস কৰিছে’।  বছৰটোৰ দ্বিতীয়াৰ্ধত এই হাৰ কিছু বৃদ্ধি পাব পাৰে বুলি তেওঁ কয়। কিছুদিন পূৰ্বে  ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে  ২০২২-২৩  বিত্তীয় বৰ্ষৰ এপ্রিল-জুন মাহৰ ত্রিমাসিকত জি ডি পি বৃদ্ধিৰ হাৰ  ১৩.৫ শতাংশ বুলি উল্লেখ কৰিছিল। 

২০২২-২৩  বিত্তীয় বৰ্ষৰ এপ্রিল-জুন মাহৰ ত্রিমাসিকত টকাৰ হিচাবত মুঠ ঘৰুৱা উৎপাদন আছিল ৩৬.৮৫ লাখ কোটি টকা। একেদৰে ২০২২ বিত্তীয় বৰ্ষৰ প্ৰথম ত্রিমাসিকত জি ডি পি বৃদ্ধিৰ হাৰ আছিল ২০.১ শতাংশ। লক্ষ্যণীয় ভাবে ২০২২ বিত্তীয় বৰ্ষৰ প্ৰথম ত্রিমাসিকত জি ভি এ বৃদ্ধিৰ হাৰ ১৮.১ শতাংশ আছিল যদিও বহু কেইটা খণ্ডৰ পয়ালগা অৱস্থাৰ বাবে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রিমাসিকত এই হাৰঅৱনমিত হৈ  ১২.৭ শতাংশ হৈছে। আনহাতে গ'ল্ডমেন ছাৰ্‌ছৰ মতেও আগতে অনুমাণ কৰা  ৭.২ শতাংশ জিডিপি বৃদ্ধিৰ পৰিৱৰ্তে পৰিবৰ্তে ৭ শতাংশহে জি ডি পিৰ বৃদ্ধি হ’ব। 

এই সংস্থাটোৰ বিষয়া শান্তনু সেনগুপ্তাই কয় যে নতুন এই হাৰে তেওঁলোকক হতাশ কৰিছে। উল্লেখ্য আন কেইবাটাও সমীক্ষাকাৰী সংস্থাই দেশৰ  জি ডি পি বৃদ্ধিৰ হাৰ ৮.৮ শতাংশ হ’ব বুলি অনুমাণ কৰিছিল যদিও এই হাৰ পিছত  ৭.৭ শতাংশলৈ হ্ৰাস কৰিবলৈ বাধ্য হৈছে।  চিটি গ্রুপেও জিডিপি বৃদ্ধিৰ হাৰ হাৰ ৮ শতাংশৰ পৰা ৬.৭ শতাংশলৈ হ্ৰাস কৰিছে।

 এনে হোৱাৰ কাৰণবোৰৰ ভিতৰত দেশৰ কৃষি খণ্ডটো কেলধেপ কেলধেপকৈ জীয়াই আছে যদিও ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগবোৰৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। চৰকাৰী অনুগ্ৰহ নোহোৱাকৈয়ে বহু  ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগ চলি আছে অথবা বহু উদ্যোগ বন্ধ হৈ পৰিছে। নিৱনুৱা সমস্যা, শিক্ষাৰ অনগ্ৰসৰতা আদি কাৰকসমূহেও এইক্ষেত্ৰত প্ৰভাৱ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু