--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গৃহৰাজ্য গুজৰাটৰ বেট দ্বাৰকা মন্দিৰত বিশেষ প্ৰাৰ্থনা কৰা দেখা গ’ল৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে Okha mainlandক বেইট দ্বাৰকা দ্বীপৰ সৈতে সংযোগ কৰা সুদৰ্শন সেতুৰ উদ্ঘাটন কৰে৷ 

মোদীয়ে উদ্ঘাটন কৰা সুদৰ্শন সেতুখনত ভাগৱতৰ শ্লোক আৰু শ্ৰীকৃষ্ণৰ চিত্ৰৰে বিশেষভাৱে সজাই তোলা পদপথ আছে। সুদৰ্শন সেতুত স্থাপন কৰা হৈছে সৌৰ পেনেলো৷ এই ছ’লাৰ পেনেলৰ আছে এক মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা৷

প্ৰায় ৯৮০ কোটি টকা ব্যয়সাপেক্ষে ২.৩২ কিলোমিটাৰ দৈৰ্ঘৰ দেশৰ ভিতৰতে সৰ্বাধিক দীঘল কেবল ষ্টেইড সুদৰ্শন সেতুখন নিৰ্মাণ কৰা হৈছে।

ওখা বন্দৰৰ ওচৰত অৱস্থিত বেইট দ্বাৰকা হৈছে দ্বাৰকা চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত থকা এটা দ্বীপ, য’ত শ্ৰীকৃষ্ণৰ বাবে উৎসৰ্গিত দ্বাৰকাধীশ মন্দিৰ অৱস্থিত৷ গতিকে এতিয়াৰে পৰা ভক্তসকলৰ বাবে দ্বাৰকাধীশ মন্দিৰ দৰ্শন কৰা সহজ হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু