--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনলৈ সাজু হৈছে ভাৰতীয় জনতা পাৰ্টী৷ নিৰ্বাচনক উৎসৱ হিচাপে উদ্‌যাপন কৰা বিজেপিৰ সমুখত দেশত শক্তিশালী প্ৰত্যাহ্বান এইমুহূৰ্তলৈ চকুত পৰা নাই৷ 

দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে দলৰ কৰ্মীসকলক দেশৰ অষ্টাদশ লোকসভাৰ বাবে প্ৰতিনিধি নিৰ্বাচন কৰা যুৱ আৰু নতুন ভোটাৰসকলৰ ওচৰলৈ যাবলৈ আহ্বান জনাইছে৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে বিকশিত ভাৰতৰ বাবে কাম কৰাৰ আৰু পৰৱৰ্তী পাঁচ বছৰত লক্ষ্যৰ দিশে আগুৱাই যাবলৈ সকলোকে অংগীকাৰবদ্ধ হ’বলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এতিয়া দেশৰ সপোন আৰু সংকল্প অধিক ডাঙৰ হ’ব। আমাৰ সপোন আৰু সংকল্প হৈছে যে আমি বিকশিত ভাৰত নিৰ্মাণ কৰিব লাগিব আৰু পৰৱৰ্তী ৫ বছৰত দেশে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

তেওঁ লগতে কয় যে আমাৰ দলে সকলোৰে বিশ্বাস জিনিব লাগিব আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অহা ১০০ দিনত নতুন উৎসাহ আৰু নতুন বিশ্বাসেৰে কাম কৰাৰ লক্ষ্য ৰাখিব লাগিব৷ পৰৱৰ্তী ১০০ দিনত আমি সকলোৱে প্ৰতিজন নতুন ভোটাৰ, প্ৰতিজন হিতাধিকাৰী, প্ৰতিটো সম্প্ৰদায়ৰ কাষ চাপিব লাগিব।

মোদীয়ে লগতে কয়, বিজেপি কৰ্মীসকলে বছৰৰ প্ৰতিদিনে ২৪ ঘণ্টা দেশৰ সেৱা কৰিবলৈ কিবা নহয় কিবা কৰি থাকে কিন্তু এতিয়া পৰৱৰ্তী ১০০ দিনৰ বাবে নতুন উৎসাহ আৰু নতুন বিশ্বাসেৰে কাম কৰিব লাগিব। আজি ১৮ ফেব্ৰুৱাৰী আৰু এই সময়ছোৱাত ১৮ বছৰৰ মাইলৰ খুঁটিত উপনীত হোৱা যুৱক-যুৱতীসকলে দেশৰ ১৮সংখ্যক লোকসভা নিৰ্বাচনত ভাগ ল’বলৈ গৈ আছে৷

ভাষণত তেওঁ বিৰোধী দলসমূকো সমালোচনা কৰি কয় যে এইবাৰ আনকি বিৰোধী নেতাসকলেও বিশ্বাস কৰিছে যে আগন্তুক লোকসভা নিৰ্বাচনত এন ডি এ-ই ৪০০তকৈও অধিক আসন জিকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী