--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনলৈ সাজু হৈছে ভাৰতীয় জনতা পাৰ্টী৷ নিৰ্বাচনক উৎসৱ হিচাপে উদ্‌যাপন কৰা বিজেপিৰ সমুখত দেশত শক্তিশালী প্ৰত্যাহ্বান এইমুহূৰ্তলৈ চকুত পৰা নাই৷ 

দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে দলৰ কৰ্মীসকলক দেশৰ অষ্টাদশ লোকসভাৰ বাবে প্ৰতিনিধি নিৰ্বাচন কৰা যুৱ আৰু নতুন ভোটাৰসকলৰ ওচৰলৈ যাবলৈ আহ্বান জনাইছে৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে বিকশিত ভাৰতৰ বাবে কাম কৰাৰ আৰু পৰৱৰ্তী পাঁচ বছৰত লক্ষ্যৰ দিশে আগুৱাই যাবলৈ সকলোকে অংগীকাৰবদ্ধ হ’বলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এতিয়া দেশৰ সপোন আৰু সংকল্প অধিক ডাঙৰ হ’ব। আমাৰ সপোন আৰু সংকল্প হৈছে যে আমি বিকশিত ভাৰত নিৰ্মাণ কৰিব লাগিব আৰু পৰৱৰ্তী ৫ বছৰত দেশে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

তেওঁ লগতে কয় যে আমাৰ দলে সকলোৰে বিশ্বাস জিনিব লাগিব আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অহা ১০০ দিনত নতুন উৎসাহ আৰু নতুন বিশ্বাসেৰে কাম কৰাৰ লক্ষ্য ৰাখিব লাগিব৷ পৰৱৰ্তী ১০০ দিনত আমি সকলোৱে প্ৰতিজন নতুন ভোটাৰ, প্ৰতিজন হিতাধিকাৰী, প্ৰতিটো সম্প্ৰদায়ৰ কাষ চাপিব লাগিব।

মোদীয়ে লগতে কয়, বিজেপি কৰ্মীসকলে বছৰৰ প্ৰতিদিনে ২৪ ঘণ্টা দেশৰ সেৱা কৰিবলৈ কিবা নহয় কিবা কৰি থাকে কিন্তু এতিয়া পৰৱৰ্তী ১০০ দিনৰ বাবে নতুন উৎসাহ আৰু নতুন বিশ্বাসেৰে কাম কৰিব লাগিব। আজি ১৮ ফেব্ৰুৱাৰী আৰু এই সময়ছোৱাত ১৮ বছৰৰ মাইলৰ খুঁটিত উপনীত হোৱা যুৱক-যুৱতীসকলে দেশৰ ১৮সংখ্যক লোকসভা নিৰ্বাচনত ভাগ ল’বলৈ গৈ আছে৷

ভাষণত তেওঁ বিৰোধী দলসমূকো সমালোচনা কৰি কয় যে এইবাৰ আনকি বিৰোধী নেতাসকলেও বিশ্বাস কৰিছে যে আগন্তুক লোকসভা নিৰ্বাচনত এন ডি এ-ই ৪০০তকৈও অধিক আসন জিকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু