--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ আটাইতকৈ ধনী মহিলা সাবিত্ৰী জিন্দালে এতিয়া ধনৰ ক্ষেত্ৰত উইপ্ৰ’ৰ স্বত্বাধিকাৰী আজিম প্ৰেমজীক পিছ পেলাই সপ্তম স্থানৰ পৰা পঞ্চম স্থানলৈ গতি কৰিছে। ব্লুমবাৰ্গ বিলিয়নাৰ সূচাংক অনুসৰি জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাবিত্ৰী জিন্দালৰ মুঠ সম্পত্তি ২৫ বিলিয়ন ডলাৰ হৈছেগৈ। যোৱা দুবছৰতহে তেওঁৰ ধন-সম্পত্তি বৃহৎ পৰিমাণে বৃদ্ধি পাইছে। এই সময়ছোৱাত আজিম প্ৰেমজীৰ ধন-সম্পত্তি ৪২ শতাংশ হ্ৰাস পোৱা গৈছে।

১৯৫০ চনৰ ২০ মাৰ্চত অসমৰ তিনিচুকীয়াত জন্মগ্ৰহণ কৰিছিল সাবিত্ৰী জিন্দালে। ১৯৭০ চনত জিন্দাল গ্ৰুপৰ প্ৰতিষ্ঠাপক ওমপ্ৰকাশ জিন্দালৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁৰ ৯টা সন্তান আছে। ৫৫ বছৰ বয়সত হেলিকপ্টাৰ দুৰ্ঘটনাত তেওঁৰ স্বামীৰ মৃত্যু হয়। ওমপ্ৰকাশ জিন্দাল হাৰিয়ানা চৰকাৰৰ মন্ত্ৰীও আছিল। স্বামীৰ মৃত্যুৰ পিছত সাবিত্ৰীয়ে সমগ্ৰ ব্যৱসায়টো নিজৰ হাতত লৈছিল।

ভাৰতৰ ধনী লোকৰ তালিকাত এসময়ত প্ৰথম স্থানত আছিল উইপ্ৰ’ৰ স্বত্বাধিকাৰী আজিম প্ৰেমজী। কিন্তু যোৱা বছৰবোৰত তেওঁৰ সম্পত্তিৰ যথেষ্ট হ্ৰাস হৈছে। যোৱা দুবছৰত কোম্পানীটোৰ শ্বেয়াৰ ৪২ শতাংশতকৈ অধিক হ্ৰাস পাইছে। যাৰ ফলত প্ৰেমজীৰ ধন-সম্পত্তিও প্ৰভাৱিত হৈছে আৰু এতিয়া আজিম প্ৰেমজী দেশৰ ধনী লোকৰ তালিকাত ষষ্ঠ স্থানত আছে।

ভাৰতৰ শীৰ্ষ ১০ জন ধনী লোকৰ তালিকা
১/ মুকেশ আম্বানী
২/ গৌতম আদানী
৩/ শ্বাপুৰ পল্লনজী মিষ্ট্ৰী
৪/ শিৱ নাদৰ
৫/ সাবিত্ৰী দেৱী জিন্দাল
৬/ আজিম প্ৰেমজী
৭/ দিলীপ শান্তিলাল চাংঘৱী
৮/ ৰাধাকিশন দমনি
৯/ লক্ষ্মী মিট্টাল
১০/ কুমাৰ মংগলম বিৰলা


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক