--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ আটাইতকৈ ধনী মহিলা সাবিত্ৰী জিন্দালে এতিয়া ধনৰ ক্ষেত্ৰত উইপ্ৰ’ৰ স্বত্বাধিকাৰী আজিম প্ৰেমজীক পিছ পেলাই সপ্তম স্থানৰ পৰা পঞ্চম স্থানলৈ গতি কৰিছে। ব্লুমবাৰ্গ বিলিয়নাৰ সূচাংক অনুসৰি জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাবিত্ৰী জিন্দালৰ মুঠ সম্পত্তি ২৫ বিলিয়ন ডলাৰ হৈছেগৈ। যোৱা দুবছৰতহে তেওঁৰ ধন-সম্পত্তি বৃহৎ পৰিমাণে বৃদ্ধি পাইছে। এই সময়ছোৱাত আজিম প্ৰেমজীৰ ধন-সম্পত্তি ৪২ শতাংশ হ্ৰাস পোৱা গৈছে।

১৯৫০ চনৰ ২০ মাৰ্চত অসমৰ তিনিচুকীয়াত জন্মগ্ৰহণ কৰিছিল সাবিত্ৰী জিন্দালে। ১৯৭০ চনত জিন্দাল গ্ৰুপৰ প্ৰতিষ্ঠাপক ওমপ্ৰকাশ জিন্দালৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁৰ ৯টা সন্তান আছে। ৫৫ বছৰ বয়সত হেলিকপ্টাৰ দুৰ্ঘটনাত তেওঁৰ স্বামীৰ মৃত্যু হয়। ওমপ্ৰকাশ জিন্দাল হাৰিয়ানা চৰকাৰৰ মন্ত্ৰীও আছিল। স্বামীৰ মৃত্যুৰ পিছত সাবিত্ৰীয়ে সমগ্ৰ ব্যৱসায়টো নিজৰ হাতত লৈছিল।

ভাৰতৰ ধনী লোকৰ তালিকাত এসময়ত প্ৰথম স্থানত আছিল উইপ্ৰ’ৰ স্বত্বাধিকাৰী আজিম প্ৰেমজী। কিন্তু যোৱা বছৰবোৰত তেওঁৰ সম্পত্তিৰ যথেষ্ট হ্ৰাস হৈছে। যোৱা দুবছৰত কোম্পানীটোৰ শ্বেয়াৰ ৪২ শতাংশতকৈ অধিক হ্ৰাস পাইছে। যাৰ ফলত প্ৰেমজীৰ ধন-সম্পত্তিও প্ৰভাৱিত হৈছে আৰু এতিয়া আজিম প্ৰেমজী দেশৰ ধনী লোকৰ তালিকাত ষষ্ঠ স্থানত আছে।

ভাৰতৰ শীৰ্ষ ১০ জন ধনী লোকৰ তালিকা
১/ মুকেশ আম্বানী
২/ গৌতম আদানী
৩/ শ্বাপুৰ পল্লনজী মিষ্ট্ৰী
৪/ শিৱ নাদৰ
৫/ সাবিত্ৰী দেৱী জিন্দাল
৬/ আজিম প্ৰেমজী
৭/ দিলীপ শান্তিলাল চাংঘৱী
৮/ ৰাধাকিশন দমনি
৯/ লক্ষ্মী মিট্টাল
১০/ কুমাৰ মংগলম বিৰলা


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক