--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে  সংসদৰ ভিতৰত গেছ স্প্ৰে কৰি তাণ্ডৱ চলোৱা  আক্ৰমণকাৰীসকল বিজেপি সাংসদৰ অতিথি আছিল! অচিনাক্ত লোক দুজন মাইচুৰুৰ বিজেপি সাংসদ প্ৰতাপ সিংহৰ অতিথি আছিল বুলি নিশ্চিত কৰা হৈছে। তেওঁলোকৰ মুখত 'জয় ভীম' শ্লোগান শুনা গৈছিল। বুধবাৰে শীতকালীন অধিৱেশনৰ সময়তে লোকসভাত আতংক বিয়পি পৰে। হঠাতে দুজন অচিনাক্ত ব্যক্তিয়ে সংসদত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰে।  তেওঁলোকে   গেছ বিয়পাই দিয়াৰ লগতে সংসদ ভৱনকৰ ডেস্কত উঠি তাণ্ডৱ চলায়। ইফালে, এই ঘটনাই  বহু  প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।আক্ৰমণকাৰীসকলে বিজেপি সাংসদ প্ৰতাপ সিংহৰ পাছ কেনেকৈ পালে? অভিযুক্তসকলে  কেনেকৈ কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ  মাজেৰে গেছলৈ  ভিতৰলৈ সোমাব পাৰিলে ?            

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। বিৰলাই কয়"দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু আমি গেছ নিক্ষেপকলৈ চিন্তিত হৈছিল। সেয়া বিষাক্ত গেছ আছিল নেকি  পৰীক্ষা কৰা হৈছে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে ধোঁৱাত বিশেষ একো নাছিল। ইয়াক প্ৰতিবাদৰ বাবেহে   ব্যৱহাৰ কৰা হৈছিল। ফলস্বৰূপে, আতংকিত হোৱাৰ কোনো কাৰণ নাই। "

 ঘটনাটোৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি সুদীপ বন্দোপাধ্যায়ে কয় যে আকস্মিক আক্ৰমণত তেওঁলোক হতবাক হৈ পৰিছিল। প্ৰথমতে অজ্ঞাত লোকে গুলী চালনা  বা বোমা নিক্ষেপ কৰিব পাৰে বুলি আশংকা কৰা হৈছিল। অৱশ্যে, দুজন লোককে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ প্ৰশ্ন কৰে  যে লোকসভাত এনে ধৰণৰ ঘটনা কেনেকৈ ঘটিব পাৰিলে ।

এতিয়ালৈকে উপলব্ধ তথ্যৰ অনুসৰি  লোক দুজনে লগত স্মোক গ্ৰেনেড লৈ আছিল। তেওঁলোকে সেয়া  কেনেকৈ পাইছিল, ইয়াৰ আঁৰত কোনো সন্ত্ৰাসবাদী গোট জড়িত আছে নেকি সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন  হৈছে। বুধবাৰে সংসদ আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকী পালনৰ সময়তে এই ঘটনা ঘটে। 

তেওঁলোকে বিজেপি সাংসদ প্ৰতাপ সিঙৰ পাছ কেনেকৈ পালে? নে সেয়া জাল আছিল? যদি জাল আছিল সেয়া কিয় পূৰ্বে ধৰা নপৰিল? এতিয়া এনেবোৰ প্ৰশ্নই উদ্ৰেক ঘটিছে মানুহৰ মনত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক