--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে  সংসদৰ ভিতৰত গেছ স্প্ৰে কৰি তাণ্ডৱ চলোৱা  আক্ৰমণকাৰীসকল বিজেপি সাংসদৰ অতিথি আছিল! অচিনাক্ত লোক দুজন মাইচুৰুৰ বিজেপি সাংসদ প্ৰতাপ সিংহৰ অতিথি আছিল বুলি নিশ্চিত কৰা হৈছে। তেওঁলোকৰ মুখত 'জয় ভীম' শ্লোগান শুনা গৈছিল। বুধবাৰে শীতকালীন অধিৱেশনৰ সময়তে লোকসভাত আতংক বিয়পি পৰে। হঠাতে দুজন অচিনাক্ত ব্যক্তিয়ে সংসদত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰে।  তেওঁলোকে   গেছ বিয়পাই দিয়াৰ লগতে সংসদ ভৱনকৰ ডেস্কত উঠি তাণ্ডৱ চলায়। ইফালে, এই ঘটনাই  বহু  প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।আক্ৰমণকাৰীসকলে বিজেপি সাংসদ প্ৰতাপ সিংহৰ পাছ কেনেকৈ পালে? অভিযুক্তসকলে  কেনেকৈ কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ  মাজেৰে গেছলৈ  ভিতৰলৈ সোমাব পাৰিলে ?            

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। বিৰলাই কয়"দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু আমি গেছ নিক্ষেপকলৈ চিন্তিত হৈছিল। সেয়া বিষাক্ত গেছ আছিল নেকি  পৰীক্ষা কৰা হৈছে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে ধোঁৱাত বিশেষ একো নাছিল। ইয়াক প্ৰতিবাদৰ বাবেহে   ব্যৱহাৰ কৰা হৈছিল। ফলস্বৰূপে, আতংকিত হোৱাৰ কোনো কাৰণ নাই। "

 ঘটনাটোৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি সুদীপ বন্দোপাধ্যায়ে কয় যে আকস্মিক আক্ৰমণত তেওঁলোক হতবাক হৈ পৰিছিল। প্ৰথমতে অজ্ঞাত লোকে গুলী চালনা  বা বোমা নিক্ষেপ কৰিব পাৰে বুলি আশংকা কৰা হৈছিল। অৱশ্যে, দুজন লোককে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ প্ৰশ্ন কৰে  যে লোকসভাত এনে ধৰণৰ ঘটনা কেনেকৈ ঘটিব পাৰিলে ।

এতিয়ালৈকে উপলব্ধ তথ্যৰ অনুসৰি  লোক দুজনে লগত স্মোক গ্ৰেনেড লৈ আছিল। তেওঁলোকে সেয়া  কেনেকৈ পাইছিল, ইয়াৰ আঁৰত কোনো সন্ত্ৰাসবাদী গোট জড়িত আছে নেকি সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন  হৈছে। বুধবাৰে সংসদ আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকী পালনৰ সময়তে এই ঘটনা ঘটে। 

তেওঁলোকে বিজেপি সাংসদ প্ৰতাপ সিঙৰ পাছ কেনেকৈ পালে? নে সেয়া জাল আছিল? যদি জাল আছিল সেয়া কিয় পূৰ্বে ধৰা নপৰিল? এতিয়া এনেবোৰ প্ৰশ্নই উদ্ৰেক ঘটিছে মানুহৰ মনত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক