--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীতি আয়োগৰ বৈঠক বৰ্জন কৰিলে ১১ গৰাকী বিৰোধী দলৰ মুখ্যমন্ত্ৰীয়ে।  কেন্দ্ৰৰ বঞ্চনা তথা ফেডাৰেল গাঁথনিত আক্ৰমণ কৰাকে ধৰি একাধিক বিষয়ৰ বিৰোধিতাৰে বৰ্জন কৰিলে নীতি আয়োগৰ বৈঠক। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰই কয়, ''যিসকল নাহিল তেওঁলোকৰে লোকচান হ’ব।’’

এই নীতি আয়োগৰ বৈঠক বৰ্জন কৰা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত নীতিশ কুমাৰ, মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, অশোক গেহলট, এম কে ষ্টেলিন, সিদ্দাৰামাইয়া, ভগৱন্ত সিং মান, পিনাৰাই বিজয়নৰ লগতে চন্দ্ৰশেখৰ ৰাও, নবীন পাটনায়ক অন্যতম।

নীতি আয়োগৰ চিইঅ’ বিভিআৰ সুব্ৰমনিয়মে কয়, “১১গৰাকী মুখ্যমন্ত্ৰীয়ে বৈঠকত উপস্থিত নাছিল। কিন্তু বহুত আহিছে। এই ধৰণৰ অনুপস্থিতি মই আগতেও দেখিছো। হয়তো সেই মুখ্যমন্ত্ৰীসকলৰ ব্যক্তিগত কোনো কাৰণ আছিল।”

তাৰ পিছতে নীতি আয়োগৰ চিইঅ’ গৰাকীয়ে অলপ কটাক্ষৰ সুৰত বিৰোধীসকলক উদ্দেশ্যি কয়, “আপুনি যদি সভালৈ নাহে তেন্তে লোকচান আপোনাৰ। আমি কোৱা নাই যে আপোনালোক নাহিল বুলি আপোনালোকক বৰ্জন কৰিম। আমি সমগ্ৰ দেশৰ বাবে পৰিকল্পনা কৰিম। কোনো ৰাজ্য বাদ দিয়া নহয়। কিন্তু যিসকল নাহিল তেওঁলোকৰে ক্ষতি হ’ব।”

বিভিআৰ সুব্ৰমনিয়ামে জনায় যে প্ৰধানমন্ত্ৰীয়েও কেন্দ্ৰৰ সকলো নীতি ৰাজ্যিক পৰ্যায়ত কাৰ্যকৰী কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। তেওঁ কয়- ''প্ৰধানমন্ত্ৰীয়ে জনাইছে যে যিহেতু আমাৰ থিম বিকশিত ভাৰত, গতিকে আমি কেৱল কেন্দ্ৰীয় পৰ্যায়ত নীতি প্ৰণয়ন কৰা উচিত নহয়। ৰাজ্যিক পৰ্যায়ত নীতি প্ৰণয়ন কৰিব লাগিব। জিলা পৰ্যায়ত নীতি প্ৰণয়ন কৰিব লাগিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক