--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীতি আয়োগৰ বৈঠক বৰ্জন কৰিলে ১১ গৰাকী বিৰোধী দলৰ মুখ্যমন্ত্ৰীয়ে।  কেন্দ্ৰৰ বঞ্চনা তথা ফেডাৰেল গাঁথনিত আক্ৰমণ কৰাকে ধৰি একাধিক বিষয়ৰ বিৰোধিতাৰে বৰ্জন কৰিলে নীতি আয়োগৰ বৈঠক। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰই কয়, ''যিসকল নাহিল তেওঁলোকৰে লোকচান হ’ব।’’

এই নীতি আয়োগৰ বৈঠক বৰ্জন কৰা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত নীতিশ কুমাৰ, মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, অশোক গেহলট, এম কে ষ্টেলিন, সিদ্দাৰামাইয়া, ভগৱন্ত সিং মান, পিনাৰাই বিজয়নৰ লগতে চন্দ্ৰশেখৰ ৰাও, নবীন পাটনায়ক অন্যতম।

নীতি আয়োগৰ চিইঅ’ বিভিআৰ সুব্ৰমনিয়মে কয়, “১১গৰাকী মুখ্যমন্ত্ৰীয়ে বৈঠকত উপস্থিত নাছিল। কিন্তু বহুত আহিছে। এই ধৰণৰ অনুপস্থিতি মই আগতেও দেখিছো। হয়তো সেই মুখ্যমন্ত্ৰীসকলৰ ব্যক্তিগত কোনো কাৰণ আছিল।”

তাৰ পিছতে নীতি আয়োগৰ চিইঅ’ গৰাকীয়ে অলপ কটাক্ষৰ সুৰত বিৰোধীসকলক উদ্দেশ্যি কয়, “আপুনি যদি সভালৈ নাহে তেন্তে লোকচান আপোনাৰ। আমি কোৱা নাই যে আপোনালোক নাহিল বুলি আপোনালোকক বৰ্জন কৰিম। আমি সমগ্ৰ দেশৰ বাবে পৰিকল্পনা কৰিম। কোনো ৰাজ্য বাদ দিয়া নহয়। কিন্তু যিসকল নাহিল তেওঁলোকৰে ক্ষতি হ’ব।”

বিভিআৰ সুব্ৰমনিয়ামে জনায় যে প্ৰধানমন্ত্ৰীয়েও কেন্দ্ৰৰ সকলো নীতি ৰাজ্যিক পৰ্যায়ত কাৰ্যকৰী কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। তেওঁ কয়- ''প্ৰধানমন্ত্ৰীয়ে জনাইছে যে যিহেতু আমাৰ থিম বিকশিত ভাৰত, গতিকে আমি কেৱল কেন্দ্ৰীয় পৰ্যায়ত নীতি প্ৰণয়ন কৰা উচিত নহয়। ৰাজ্যিক পৰ্যায়ত নীতি প্ৰণয়ন কৰিব লাগিব। জিলা পৰ্যায়ত নীতি প্ৰণয়ন কৰিব লাগিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস