--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহহে বাকী আছে৷ এনে সময়তে বিজেপিক প্ৰতিহত কৰিবলৈ সাজু হৈছে  বিৰোধী শিবিৰ৷ বিৰোধী দলসমূহৰ মাজত ঐক্য  শক্তিশালী কৰাৰ অৰ্থে  নীতিশ কুমাৰৰ আহ্বানত ১২ জুনত পাটনাত বিৰোধী দলসমূহৰ  প্ৰথমখন যুটীয়া বৈঠক অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। 

বৈঠকত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ (টিএমচি) আৰু আপকে ধৰি ২১ টা বিৰোধী দলে অংশগ্ৰহণ কৰিব।  সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বংগৰ মুখ্যমন্ত্ৰীয়ে পূৰ্বে  নীতিশ আৰু তেজস্বীক বৈঠকখন আহ্বান কৰিবলৈ অনুৰোধ  জনাইছিল। মমতাৰ এই অনুৰোধৰ পিছতে  বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে  জুনৰ তৃতীয় সপ্তাহত এখন বৈঠক আহ্বান কৰিছে বুলি জানিব পৰা গৈছে। জেডি(ইউ), এনচিপি, আৰজেডি আৰু ডিএমকেকে ধৰি বেছিভাগ বিৰোধী দলে বৈঠকত অংশগ্ৰহণ কৰিব বুলিও জনা গৈছে।

 উল্লেখ্য কেইদিনমান পূৰ্বে  কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নীতিশক সাক্ষাৎ কৰিছিল। জানিব পৰা গৈছে যে বৈঠকৰ তাৰিখ সেই  বৈঠকৰ পিছতে নিৰ্ধাৰণ কৰা হৈছিল।মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পৰা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা,  ফাৰুক আব্দুল্লালৈকে তেলেংগানাৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাও, এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে বৈঠকত উপস্থিত থাকিব বুলি আশা কৰা হৈছে।
বৈঠকত স্বাভাৱিকতে  তৃণমূল কংগ্ৰেছৰ ওপৰত সৰ্বাধিক  গুৰুত্ব দিয়া হ'ব। শেহতীয়াকৈ  নীতিশে আহ্বান কৰা বৈঠকক লৈ যথেষ্ট জল্পনা-কল্পনা চলি আছে।উল্লেখ্য প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰাকলৈ ইতিমধ্যে ২০ টা বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক