--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহহে বাকী আছে৷ এনে সময়তে বিজেপিক প্ৰতিহত কৰিবলৈ সাজু হৈছে  বিৰোধী শিবিৰ৷ বিৰোধী দলসমূহৰ মাজত ঐক্য  শক্তিশালী কৰাৰ অৰ্থে  নীতিশ কুমাৰৰ আহ্বানত ১২ জুনত পাটনাত বিৰোধী দলসমূহৰ  প্ৰথমখন যুটীয়া বৈঠক অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। 

বৈঠকত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ (টিএমচি) আৰু আপকে ধৰি ২১ টা বিৰোধী দলে অংশগ্ৰহণ কৰিব।  সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বংগৰ মুখ্যমন্ত্ৰীয়ে পূৰ্বে  নীতিশ আৰু তেজস্বীক বৈঠকখন আহ্বান কৰিবলৈ অনুৰোধ  জনাইছিল। মমতাৰ এই অনুৰোধৰ পিছতে  বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে  জুনৰ তৃতীয় সপ্তাহত এখন বৈঠক আহ্বান কৰিছে বুলি জানিব পৰা গৈছে। জেডি(ইউ), এনচিপি, আৰজেডি আৰু ডিএমকেকে ধৰি বেছিভাগ বিৰোধী দলে বৈঠকত অংশগ্ৰহণ কৰিব বুলিও জনা গৈছে।

 উল্লেখ্য কেইদিনমান পূৰ্বে  কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নীতিশক সাক্ষাৎ কৰিছিল। জানিব পৰা গৈছে যে বৈঠকৰ তাৰিখ সেই  বৈঠকৰ পিছতে নিৰ্ধাৰণ কৰা হৈছিল।মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পৰা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা,  ফাৰুক আব্দুল্লালৈকে তেলেংগানাৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাও, এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে বৈঠকত উপস্থিত থাকিব বুলি আশা কৰা হৈছে।
বৈঠকত স্বাভাৱিকতে  তৃণমূল কংগ্ৰেছৰ ওপৰত সৰ্বাধিক  গুৰুত্ব দিয়া হ'ব। শেহতীয়াকৈ  নীতিশে আহ্বান কৰা বৈঠকক লৈ যথেষ্ট জল্পনা-কল্পনা চলি আছে।উল্লেখ্য প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰাকলৈ ইতিমধ্যে ২০ টা বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস