--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ ভয় এতিয়াও দেশৰ পৰা সম্পূৰ্ণ ৰূপে দূৰ হোৱা নাই৷ অৱশ্যে ইয়াৰ মাজতে ভাল খবৰটো এয়াই যে দেশত কোভিডগ্ৰাফ ক্ৰমে নিম্নমুখী হৈছে ৷ দেওবাৰৰ পৰিসংখ্যাই সেয়াই স্পষ্ট কৰি তুলিছে। দীৰ্ঘদিনৰ পিছত দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা এক লাখৰ তললৈ হ্ৰাস পাইছে। কেৱল সেয়াই নহয়, দেশৰ দৈনিক আক্ৰান্ত ৰোগীৰ  সংখ্যাও হ্ৰাস পাইছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশখনত ১১,৫৩৯ জন লোক কৰোনাত আক্ৰান্ত হৈছে৷  কালি  এই সংখ্যা  আছিল ১৩,০০০ তকৈও অধিক। যোৱা ২৪ ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে। বৰ্তমান দেশত ৯৯,৮৭৯ গৰাকী  সক্ৰিয় কৰোনা ৰোগী আছে। 

স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুসৰি ভাৰতত এদিনতে ৪৩ জন লোকে কোভিডত প্ৰাণ হেৰুৱাইছে। দেশত এতিয়ালৈকে কোভিড-১৯ৰ ফলত হোৱা মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫ লাখ ২৭ হাজাৰ ৩৩২।পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত ৪ কোটি ৩৭ লাখ ১২ হাজাৰ ২১৮ জন লোকে কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। বৰ্তমান আৰোগ্যৰ হাৰ হৈছে ৯৮.৫৯ শতাংশ। 

 কিন্তু ৰাজধানী দিল্লীৰ কোভিড পৰিস্থিতিৰ  উদ্বেগজনক হৈয়েই আছে। যোৱা ২৪ ঘণ্টাত কেৱল ৰাজধানীত চহৰ খনত১,১০৯ গৰাকী  লোক কৰোনাত সংক্ৰমিত হৈছে। নজন লোকৰ মৃত্যু হৈছে। আশংকা কৰা হৈছে যে দিল্লীত ওমাইক্ৰনৰ এটা নতুন উপ-প্ৰকাৰৰ সংক্ৰমণ ঘটিছে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে ২০৯ কোটি ৬৭ লাখৰো অধিক কোভিড ভেকছিন প্ৰদান কৰা হৈছে। যোৱা ২৪ ঘণ্টাত  প্ৰায় ২৬ লাখ লোকক টিকাকৰণ কৰা হৈছে। টিকাকৰণৰ উপৰিও কৰোনা ৰোগী চিনাক্ত কৰাৰ বাবে পৰীক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। কালি দেশত মুঠ এক লাখ ২২ হাজাৰ  ৬৫৭ টা নমুনা পৰীক্ষা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ