--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ ভয় এতিয়াও দেশৰ পৰা সম্পূৰ্ণ ৰূপে দূৰ হোৱা নাই৷ অৱশ্যে ইয়াৰ মাজতে ভাল খবৰটো এয়াই যে দেশত কোভিডগ্ৰাফ ক্ৰমে নিম্নমুখী হৈছে ৷ দেওবাৰৰ পৰিসংখ্যাই সেয়াই স্পষ্ট কৰি তুলিছে। দীৰ্ঘদিনৰ পিছত দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা এক লাখৰ তললৈ হ্ৰাস পাইছে। কেৱল সেয়াই নহয়, দেশৰ দৈনিক আক্ৰান্ত ৰোগীৰ  সংখ্যাও হ্ৰাস পাইছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশখনত ১১,৫৩৯ জন লোক কৰোনাত আক্ৰান্ত হৈছে৷  কালি  এই সংখ্যা  আছিল ১৩,০০০ তকৈও অধিক। যোৱা ২৪ ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে। বৰ্তমান দেশত ৯৯,৮৭৯ গৰাকী  সক্ৰিয় কৰোনা ৰোগী আছে। 

স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুসৰি ভাৰতত এদিনতে ৪৩ জন লোকে কোভিডত প্ৰাণ হেৰুৱাইছে। দেশত এতিয়ালৈকে কোভিড-১৯ৰ ফলত হোৱা মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫ লাখ ২৭ হাজাৰ ৩৩২।পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত ৪ কোটি ৩৭ লাখ ১২ হাজাৰ ২১৮ জন লোকে কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। বৰ্তমান আৰোগ্যৰ হাৰ হৈছে ৯৮.৫৯ শতাংশ। 

 কিন্তু ৰাজধানী দিল্লীৰ কোভিড পৰিস্থিতিৰ  উদ্বেগজনক হৈয়েই আছে। যোৱা ২৪ ঘণ্টাত কেৱল ৰাজধানীত চহৰ খনত১,১০৯ গৰাকী  লোক কৰোনাত সংক্ৰমিত হৈছে। নজন লোকৰ মৃত্যু হৈছে। আশংকা কৰা হৈছে যে দিল্লীত ওমাইক্ৰনৰ এটা নতুন উপ-প্ৰকাৰৰ সংক্ৰমণ ঘটিছে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে ২০৯ কোটি ৬৭ লাখৰো অধিক কোভিড ভেকছিন প্ৰদান কৰা হৈছে। যোৱা ২৪ ঘণ্টাত  প্ৰায় ২৬ লাখ লোকক টিকাকৰণ কৰা হৈছে। টিকাকৰণৰ উপৰিও কৰোনা ৰোগী চিনাক্ত কৰাৰ বাবে পৰীক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। কালি দেশত মুঠ এক লাখ ২২ হাজাৰ  ৬৫৭ টা নমুনা পৰীক্ষা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু