--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃব্ৰাহ্মণসকলে ধৰ্মৰ নামত মানুহক বুৰ্বক সজাই আছে। ব্ৰাহ্মণৰ বিৰুদ্ধে এনে  মন্তব্য কৰি এতিয়া বিপদত পৰিছে বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেতা। প্ৰীতম সিং লোধি নামৰ মধ্য প্ৰদেশৰ এজন বিজেপি নেতাই ব্ৰাহ্মণৰ বিৰুদ্ধে এনে মন্তব্য কৰিছিল । তেওঁৰ বিতৰ্কিত মন্তব্যৰ এটা ভিডিঅ'  ভাইৰেল হৈ পৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতে  তেওঁক ভূপালৰ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ মাতি পঠোৱা হৈছিল ৷ তেওঁক লগে লগে দলৰ পৰা বহিষ্কাৰো কৰাৰ কথা ঘোষণা কৰে মধ্য প্ৰদেশ বিজেপিয়ে৷  তেওঁৰ  আনকি দলৰ প্ৰাথমিক সদস্যপদো কৰ্তন কৰা  হৈছে।

নেতাগৰাকীয়ে  বুধবাৰে ৰাণী অৱন্তীবাই লোধিৰ জন্ম জয়ন্তী উপলক্ষে গোৱালিয়ৰ-চম্বল অঞ্চলত  আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ৰাজ্যখনৰ মেধাৱী শিক্ষাৰ্থীসকলক তাত সন্মানিত কৰা হৈছিল। অনুষ্ঠানটোত ভাষণ দি থকা সময়তে বিজেপি নেতাজনে এই মন্তব্য কৰিছিস। 

তেওঁ কৈছিল "ব্ৰাহ্মণসকলে মানুহৰ ধন আৰু সম্পত্তি দখল কৰি ধনী হৈ  আছে। ব্ৰাহ্মণসকলে ভাল পৰিয়ালৰ ধুনীয়া ছোৱালী দেখিলে  তেওঁলোকৰ ঘৰলৈ ভাত খাবলৈ যাব বিচাৰে। ব্ৰাহ্মণসকলে  সুন্দৰী তৰুণীক বাছৰ সন্মুখৰ আসনত বহিবলৈ দি  জ্যেষ্ঠ মহিলাসকলক  পিছৰ আসনত বহিবলৈ বাধ্য কৰে। " নেতাগৰাকীৰ এনে মন্তব্যৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বহুতৰে ৰোষত পৰে বিজেপি৷

ইয়াৰ পিছতে  ৰাজ্যিক বিজেপিৰ সম্পাদক ভগৱান্দাছ চাবনানীয়ে কয়, "বিজেপি নেতা প্ৰীতম লোধিয়ে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে কিছু মন্তব্য কৰিছে, যি দলৰ দৃষ্টিভংগীৰ সম্পূৰ্ণ বিপৰীত। বিজেপিয়ে  কেতিয়াও তেওঁৰ মতামতৰ সৈতে একমত নহয়। লোধিক মাতি পঠোৱা হৈছে আৰু জাননী প্ৰেৰণ কৰা হৈছে। তেওঁ লিখিতভাৱে ক্ষমা বিচাৰিছে। কিন্তু যিহেতু দল ইয়াত সন্তুষ্ট হোৱা নাই,সেয়ে  তেওঁক পৰৱৰ্তী ছয় বছৰৰ বাবে দলৰ প্ৰাথমিক সদস্যপদৰ পৰা বহিষ্কাৰ কৰা হৈছে। " 

উল্লেখ্য বিতৰ্কিত নেতা লোধিৰ বিৰুদ্ধে ৩৭ টা গোচৰ চলি আছে। ইয়াৰ ভিতৰত, চাৰিটা হত্যাৰ চেষ্টাৰ গোচৰ আৰু দুটা হত্যাৰ গোচৰো আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীৰ ঘনিষ্ঠ নেতাগৰাকীয়ে ২০১৩ আৰু ২০১৮ চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল ৷কিন্তু জিকিব পৰা নাছিল। তেওঁ বিজেপিৰ  গোৱালিয়ৰ-চম্বল অঞ্চলৰ এজন অতি প্ৰভাৱশালী নেতা আছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ