--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন আইন । যি খন আইনকলৈ অব্যাহত আছে নানান বিতৰ্ক। ব্ৰিটিছৰ দিনৰে সেই আইন খন বাতিলৰ বিৰোধিতা কৰিলে দেশৰ আইন  আয়োগে।  ভাৰতৰ আইন আয়োগে কৈছে যে দেশদ্ৰোহিতা আইন বাহাল  ৰাখিব লাগে। আয়োগে ভাৰতীয় দণ্ডবিধিৰ ১২৪এ ধাৰাৰ অধীনত দেশদ্ৰোহিতা আইনৰ ব্যৱস্থাসমূহ পৰীক্ষা কৰিছিল।আয়োগৰ  মতে, এই ব্ৰিটিছ যুগৰ আইনখন কাৰ্যকৰী কৰি ৰাখিব লাগে।  অৱশ্যে াইন খনৰ  একাধিক ধাৰা সংশোধন কৰিব লাগিব বুলিও আইন আয়োগে মত প্ৰকাশ কৰিছে। 

আইন আয়োগৰ প্ৰতিবেদনত কোৱা হৈছে যে বহু ক্ষেত্ৰত দেশদ্ৰোহিতা আইনৰ অপব্যৱহাৰ কৰা হৈছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে এই আইনৰ বিষয়ে বিশেষ নিৰ্দেশনা প্ৰকাশ কৰিব লাগিব। এই আইনৰ অধীনত কোনো পৃথক শাস্তিৰ ব্যৱস্থা কৰিব নোৱাৰি। ভাৰতীয় দণ্ডবিধিৰ অন্যান্য ধাৰাৰ সৈতে সংগতি ৰাখি অপৰাধীক ৰাজদ্ৰোহ আইনৰ অধীনত শাস্তি দিয়া উচিত বুলিও আইন আয়োগে মন্তব্য কৰিছে। । 

আয়োগৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে যদি দেশদ্ৰোহিতা আইনৰ অধীনত কাৰোবাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়, অভিযুক্তজনক আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগো দিয়া উচিত। উল্লেখ্য ব্ৰিটিছৰ দিনৰে পৰাই দেশত চলি অহা দেশদ্ৰোহিতা আইনৰ কিছু নিয়ম  সলনি কৰিব বিচাৰিছে কেন্দ্ৰৰ মোদী চৰকাৰে৷  ব্ৰিটিছ যুগৰ ৰাজদ্ৰোহ আইনৰ সলনি ঘটাবলৈ উচ্চতম ন্যায়ালয়ে দিয়া  নিৰ্দেশৰ পিছতে কেন্দ্ৰই তেনে সিদ্ধান্ত লৈছে৷   কেন্দ্ৰই শেহতীয়াকৈ  উচ্চতম ন্যায়ালয়ক জনাইছে  যে তেওঁলোকে ঔপনিৱেশিক যুগৰ দেশদ্ৰোহ আইনৰ ব্যৱস্থা আৰু শাস্তিৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰি আছে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে পি পাৰ্ডিৱালাৰ বিচাৰপীঠে বিষয়টো সন্দৰ্ভত  শুনানি স্থগিত ৰাখিছিল। ইয়াৰ পূৰ্বে  গোচৰটোত কেন্দ্ৰৰ হৈ হাজিৰ হোৱা এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণীয়ে শীৰ্ষ আদালতখনক কৈছিল যে কেন্দ্ৰই দেশদ্ৰোহ আইনৰ বিভিন্ন বিধি পৰীক্ষা কৰা আৰম্ভ কৰিছে,  প্ৰক্ৰিয়াটো এতিয়া অন্তিম পৰ্যায়ত আছে। ''

ঔপনিৱেশিক যুগৰ ব্যৱস্থাসমূহত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা হ'ব পাৰে বুলিও তেওঁ কৈছিল। ১৮৭০ চনতে ব্ৰিটিছ শাসনকালত দেশদ্ৰোহিতা আইন  কাৰ্যকৰী হৈছিল। সেই সময়ত ইয়াক ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে  ব্যৱহাৰ কৰা হৈছিল৷ যিসকলে ব্ৰিটিছ  চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে এই আইনৰ অধীনত মোকৰ্দমা তৰা হৈছিল। যদি এজন ব্যক্তিৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ গোচৰ ৰুজু কৰা হয়, তেন্তে তেওঁ চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে। ৰাজদ্ৰোহ হৈছে এক জামিন অযোগ্য অপৰাধ। অপৰাধটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি তিনি বছৰৰ পৰা আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে। 

২০১৫ আৰু ২০২০ চনৰ ভিতৰত দেশদ্ৰোহৰ ধাৰাৰ অধীনত ৩৫৬  টা গোচৰ পঞ্জীয়ন কৰা হৈছিল আৰু  ৫৪৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তেওঁলোক মাজৰে  মাত্ৰ ১২ জনকহে দোষী সাব্যস্ত কৰা হৈছিল। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক আইনখন পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল আৰু যেতিয়ালৈকে  আইনখন পুনৰীক্ষণ সম্পূৰ্ণ নহয় তেতিয়ালৈকে দেশদ্ৰোহ ধাৰাৰ অধীনত কোনো গোচৰ ৰুজু কৰিব নালাগে বুলিও কৈছিল৷ 
















FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement