--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৰুতৰভাবে অসুস্থ হৈ পৰিছে অভিনেতা গুফি পেণ্টাল। মহাভাৰত ধাৰাবাহিকত 'শকুনি মামা' নামৰে দেশবাসীৰ মাজত পৰিচিত পেণ্টালক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অভিনেতাগৰাকীৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰা মতে সংকটজনক অৱস্থাত  বলীউডৰ অভিনেতা পেণ্টালক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

জানিব পৰা মতে  অভিনেতা গুফি পেণ্টাল দীৰ্ঘদিন ধৰি বৃদ্ধাৱস্থাৰ  ৰোগত ভুগি আছে। গুফি পেণ্টালে  ১৯৮০ ৰ দশকত অভিনয়ৰ জগতত ভৰি দিছিল। তেওঁ কেইবাখনো হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। জনপ্ৰিয়  ধাৰাবাহিক মহাভাৰতত তেওঁ  শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি  জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল। 

 মহাভাৰতত কৰা অভিনয়ৰ বাবেই  পেইণ্টাল ঘৰে ঘৰে  পৰিচিত হৈ পৰিছিল।  দৰ্শকে তেওঁক শকুনি মামা হিচাপেই জানিছিল।  জনপ্ৰিয় টেলি অভিনেত্ৰী টিনা ঘাইয়ে তেওঁৰ  ফেচবুক পৃষ্ঠাত অভিনেতাগৰাকীৰ অসুস্থতাৰ খবৰ প্ৰকাশ কৰিছে। 

টিনাই তেওঁৰ অনুৰাগীসকলক অভিনেতাজনৰ আশু আৰোগ্য কামনা কৰিবলৈও আহ্বান জনাইছে। অৱশ্যে পেণ্টালৰ পৰিয়ালে এতিয়ালৈকে অভিনেতাগৰাকীৰ  অসুস্থতাৰ বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস