--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ পৰা নক্সালবাদক নিঃশেষ কৰাৰ হুংকাৰ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷   অমিত শ্বাহে ছত্তীশগড়ত শেহতীয়াকৈ  বজাইছে নিৰ্বাচনী ৰণশিঙা। এখন বিশালসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যোৱা দশকত ছত্তীশগড়ত নক্সালবাদী হিংসা হ্ৰাস পাইছে আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশখনক নক্সালৰ আতংকৰ পৰা মুক্ত কৰাৰ প্ৰচেষ্টা চলি আছে।

শ্বাহে মাওবাদীৰ হিংসাত ক্ষতিগ্ৰস্ত ৰাজ্য ছত্তীশগড়ৰ কোৰবা চহৰৰ ইন্দিৰা ষ্টেডিয়ামত এক ৰেলীত ভাষণ দিয়ে। ২০২৪ চনত নৰেন্দ্ৰ মোডীক পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিলে মানুহে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব লাগে বুলি কৈ শ্বাহে এই বুলিও প্রশ্ন  কৰে যে অপৰাধ আৰু দুৰ্নীতিৰ 'উত্থান'ৰ বাবে কংগ্ৰেছৰ  বাঘেল চৰকাৰক কোনোবাই ধন্যবাদ দিব জানো?  শ্বাহে কয়, "২০২১ চনত নক্সালবাদী ঘটনা ৫০৯টা  লৈ হ্ৰাস পাইছিল, ২০০৯ চনত কেন্দ্ৰত কংগ্ৰেছ শাসনত থকাৰ সময়ত ২,২৫৮ টা নক্সালবাদী ঘটনা ঘটিছিল।

" শ্বাহে লগতে কয় নৰেন্দ্ৰ মোদী চৰকাৰে নক্সালবাদী প্ৰভাৱিত অঞ্চলসমূহত শিক্ষা আৰু নিযুক্তিৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰাই নহয়, লগতে অস্ত্ৰ-শস্ত্ৰ চলোৱা লোকসকলক মূলসূতিলৈ ওভতাই অনাৰ বাবেও কাম কৰি আছে।  তেওঁ লগতে কয়, "আমাৰ চৰকাৰৰ প্ৰয়াস হৈছে ২০২৪ চনৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বে দেশখনক নক্সালবাদৰ পৰা মুক্ত কৰা।" উল্লেখ্য ২০২৮ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ককালত টঙালি বান্ধিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী পৰিকল্পনাৰ অংশ হিচাপে এই বছৰতে ১১ খন ৰাজ্য ভ্ৰমণ কৰিব। গেৰুৱা দলটোৱে অ'বিচি ভোটাৰসকলক প্ৰলোভিত কৰিবলৈ এক বৃহৎ প্ৰচাৰৰ পৰিকল্পনা কৰিছে।

২০২৩ চনৰ আৰম্ভণিৰ পৰা অহা বছৰ অনুষ্ঠিত  হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ওচৰলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছে। দলটোৰ অ'বিচি মৰ্চাই মাৰ্চ-এপ্ৰিলত 'গাঁও-গাঁও চলো, ঘৰ-ঘৰ চলো' কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে বিজেপিৰ এক গুৰুত্বপূৰ্ণ অংশ অ'বিচি মৰ্চাই এই বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া নখন ৰাজ্যৰ ভোটাৰৰ ওচৰলৈ যোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে।ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড, কৰ্ণাটক, মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, মিজোৰাম আৰু তেলেংগানাত এই বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।

অ'বিচি সম্প্ৰদায়ৰ সমৰ্থনত, বিজেপিয়ে সেই ৰাজ্যসমূহত চৰকাৰ গঠন কৰিব বিচাৰে। কিয়নো সকলো ৰাজ্য আৰু কেন্দ্ৰত অ'বিচি সম্প্ৰদায়ৰ ৪০ ৰ পৰা ৫০ শতাংশ অংশগ্ৰহণ আছে। নিৰ্বাচনৰ পৰৱৰ্তী প্ৰস্তুতি সম্পৰ্কীয় সকলো সিদ্ধান্ত অ'বিচি ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকত লোৱা হ'ব বুলিএক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement